Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:19 am

Home » আঞ্চলিক » অকতৃত্বশীলভাবে বন্ধ পলাশকান্দি প্ৰি-ছিনিয়ৰ মাদ্ৰাছা : প্ৰধান শিক্ষকৰ মইমতালিত ক্ষোভ

অকতৃত্বশীলভাবে বন্ধ পলাশকান্দি প্ৰি-ছিনিয়ৰ মাদ্ৰাছা : প্ৰধান শিক্ষকৰ মইমতালিত ক্ষোভ

তামাৰহাট : যি সময়ত ৰাজ্যৰ অপ্ৰাদেশীকৰণ বিদ্যালয়সমূহৰ শিক্ষকসকলে বিদ্যালয়সমূহ প্ৰাদেশিকীৰণৰ বাবে সমগ্ৰ ৰাজ্য উত্তাল কৰি ৰাখিছে, যি সময়ত অপ্ৰাদেশীকীকৰণ বিদ্যালয়ৰ শিক্ষকসমূহে নিজৰ ভৱিষ্যত অন্ধকাৰ দেখি নিজৰ কর্ম স্থান নিশ্চিত কৰাৰ বাবে চৰকাৰৰ আগত দুহাত জোৰ কৰি চকুলো টুকিব লগা হৈছে৷ ঠিক সেই সময়তে একাংশ প্ৰাদেশিকীকৰণ বিদ্যালয়ৰ শিক্ষকৰ মইমতালিৰত অতিষ্ঠ অভিভাৱক ৰাইজ।
চৰকাৰী নিয়ম-নীতি ভংগ কৰি নিজ ইচ্ছামতে বিদ্যালয় পৰিচালনা কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত বহু বিদ্যালয় শিক্ষকে। তাৰে এক জলন্ত উদাহৰণ হল ধুবুৰী জিলাৰ আগমনী শিক্ষাখণ্ডৰ অধীনস্থ পলাশকান্দি প্ৰি-ছিনিয়ৰ মাদ্ৰাছাৰ প্ৰধান শিক্ষক শ্বেখে আব্দুল্লা।
জানিব পৰা মতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে সোমবাৰে চৰকাৰী কোনো বন্ধ নথকা সত্বেও শিক্ষানুষ্ঠানখন বন্ধ ৰখাত ছাত্ৰ-ছাত্ৰীসকলে পাঠ গ্ৰহণৰ পৰা বঞ্চিত হোৱাত অঞ্চলটোৰ অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলে প্ৰধান শিক্ষক শ্বেখ আব্দুল্লাৰ বিৰুদ্ধে জাঙুৰ খাই উটিছে। চৰকাৰী টকা খৰচ কৰি দায়িত্ব পালন নকৰা আৰু নিজ ইচ্ছা মতে বিদ্যালয় বন্ধ ৰখা আদি কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি ক্ষোভ প্ৰকাশ কৰাৰ লগতে আইনগত ব্যৱস্থা লোৱাৰবাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়।
ইপিনে বন্ধৰ আগজাননী লাভ নকৰাত বিদ্যালয়খনৰ আন শিক্ষকসকলে উপস্থিত হয় যদিও মাদ্ৰাছৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনৰ পৰা বন্ধৰ বিষয়ে অৱগত হৈ তেওঁলোকেও ঘৰমুৱা হ’বলৈ বাধ্য হয়। ইয়াৰ পূৰ্বেও উক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন হৈছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ নোলোৱাত শিক্ষকজনৰ দুৰ্নীতি দিনক দিনে বৃদ্ধি পাইছে বুলিও একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি