গোগামুখ : শেহতীয়া ভদীয়া বানে গোগামুখ ৰাজহ চক্ৰৰ ৪০ খনৰো অধিক গাঁও প্লাৱিত কৰি তোলাত ৰাইজৰ মাজত হাঁহাকাৰ লাগিছে৷ ইফালে বাট-পথৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ উল্লেখযোগ্য যে, জীয়াঢ়ল, কুমতীয়া, ন-নদীৰ বানত গোগামুখৰ ৪০খনৰো অধিক গাঁও জলমগ্ন হৈছে। প্ৰলয়ংকৰী বানত ৰাইজে হাবু-ডাবু খোৱাৰ পাছতো বিধায়ক ডাঃ ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই বন্যাৰ্তৰ খবৰ ল’বলৈ আহৰি নোপোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাইজে সমষ্টিটোৰ জ্বলন্ত সমস্যাবোৰ সমাধানৰ বাবে জনপ্ৰতিনিধিক নিৰ্বাচনত জয়ী কৰাইছিল৷ কিন্ত জনপ্ৰতিনিধি দুগৰাকীয়ে উন্নয়নৰ প্ৰতি পিঠি দি নিজৰ ৰাজনৈতিক লাভালাভৰ অংক কৰাতে ব্যস্ত হৈ পৰিছে ৷ তেওঁলোকৰ সামান্যতমো দায়িত্ববোধ থকা হ’লে বন্যাৰ্তৰ খবৰ-খাতি ল’লেহেঁতেন বুলি বন্যাৰ্তই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ জনপ্ৰতিনিধি দুগৰাকীৰ এনে কৰ্ম-কাণ্ডক সকলোৱে ধিক্কাৰ দিছে৷বন্যাৰ্তৰ মাজত এতিয়া তীব্ৰ খাদ্য সংকটে দেখা দিছে। দমকলসমূহ বাঢ়নী পানীত তল যোৱাত এতিয়া এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাঁহাকাৰ কৰিব লগা হৈছে। লগতে জীৱ-জন্তুসমূহৰো তীব্ৰ খাদ্য সংকটে দেখা দিছে ৷ এতিয়ালৈ কিন্তু বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱা নাই কোনো বিধায়ক, সাংসদ অথবা জনপ্ৰতিনিধিয়ে। ইফালে ধেমাজি জিলা প্ৰশাসনেও খবৰ লোৱা নাই এইসকল লোকৰ। ইফালে খাদ্য সামগ্ৰী যোগান নধৰাত বন্যাৰ্তই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। প্ৰলংয়কৰী বানৰ ফলত কেইবাখনো বিদ্যালয়ত পাঠদান ব্যাহত হৈ পৰিছে৷ বানত বিশেষকৈ, চুতীয়াকাৰী, বৰদৈ কৈৱৰ্ত, বালি চাপৰি, গোসাঁইবাৰী, লক্ষীপথাৰ, ভূমা, বৰদৈ চুতীয়াকাৰী, খনা কৃষ্ণপুৰ, ৰতোৱা , কৈৱৰ্ত গাঁও, বগলীজান, বেতনিহুলা, বৰদৈবাম, বেৰভঙা আদি ৪০খনৰো অধিক গাঁও আক্ৰান্ত হৈছে।