হোজাই : নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ দুর্ধর্ষ সদস্য তথা হোজাই জিলাৰ যমুনামুখৰ বাসিন্দা কামৰুজ জামান ওৰফে কমৰ উদ্দিনক কানপুৰৰ পৰা গ্রেপ্তাৰ কৰাৰ পাছতে এটা এটাকৈ পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য৷
আৰক্ষীয়ে কামৰুজক গ্রেপ্তাৰ কৰাৰ পাছত সন্ত্রাসবাদী সংগঠনটোৰ সৈতে হোজাই তথা অসমৰ আন কোনো যুৱক জড়িত আছে নে নাই তথা উক্ত সংগঠনটোৰ পৰৱর্তী লক্ষ্য কি আদি সন্দর্ভত তদন্ত আৰু সোধা-পোছা অব্যাহত ৰখাৰ সময়তে কামৰুজৰ লগত সম্পর্ক থকাৰ অভিযোগত হোজাই নীলবাগানৰ পৰা গ্রেপ্তাৰ কৰিছে হিজবুলৰ লিংকমেন এজনক৷
কামৰুজ জামানৰ লগত যোগাযোগ তথা সম্পর্ক থকাৰ অভিযোগত কালি নিশা নীলবাগানৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে যমুনামুখ থানাৰ অন্তর্গত বালিৰামপথাৰ গাঁৱৰ শ্বাহনাৱাজ আলম ওৰফে মৃদুলক৷ আৰক্ষীৰ চকুত ধূলি দি পলাই যোৱাৰ সময়তে নীলবাগানৰ পৰা শ্বাহনাৱাজ আলমক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷
কোন এই শ্বাহনাৱাজ আলম: পেছাত আয়ুর্বেদিক ঔষধ বিক্রেতা৷ ঘৰ যমুনামুখ থানাৰ অন্তর্গত বালিৰামপথাৰত৷ যমুনামুখ বজাৰতেই আয়ুর্বেদিক ঔষধৰ দোকান আছে শ্বাহনাৱাজ আলমৰ৷ শ্বাহনাৱাজ আলমৰ লগত কামৰুজৰ অতি ঘনিষ্ঠ সম্পর্ক আছিল৷ ফ’নত দুয়োৰে সঘন যোগাযোগ হৈছিল৷ কানপুৰত হিজবুল মুজাহিদিনৰ দুর্ধর্ষ সদস্য কামৰুজক গ্রেপ্তাৰ কৰাৰ পাছত শ্বাহনাৱাজ আলমে আৰক্ষীৰ চকুত ধূলি দি পলোৱাৰ সময়তে তেওঁক আটক কৰা হয় বুলি আৰক্ষীয়ে সদৰী কৰে৷
আৰক্ষীৰ জেৰাত বহু বিস্ফোৰক স্বীকাৰোক্তি দিয়ে শ্বাহনাৱাজে৷ আজি হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে ঘটনা সন্দর্ভত এখন সংবাদমেলত কয় যে হিজবুল মুজাহিদিনৰ অন্যতম সদস্য কামৰুজ ২০১৭ বর্ষৰ জুলাই মাহৰ পৰা সন্ধানহীন হৈ আছিল৷ ছ’চিয়েল মিডিয়াত এ কে ৪৭-ৰ সৈতে কামৰুজে সন্ত্রাসবাদী সংগঠনটোত যোগদান কৰাৰ ফটো ভাইৰেল হোৱাৰ পাছতে আৰক্ষীৰ লগতে চোৰাংচোৱা সংস্থাবোৰে সন্ত্রাসবাদীটোৰ সন্ধানত তৎপৰ হৈ পৰিছিল৷
কালি নিয়াৰ সহযোগত উত্তৰ প্রদেশৰ এ টি এছে কানপুৰৰ পৰা ডাঃ হুৰেৰা ৰূপে খ্যাত কামৰুজ জামান ওৰফে কমৰুদ্দিনক গ্রেপ্তাৰ কৰাৰ পাছত হোজাইৰ আৰক্ষীয়ে তেওঁৰ লগত যমুনামুখৰ শ্বাহনাৱাজৰ সঘন যোগাযোগ থকাৰ তথ্য লাভ কৰে৷ তাৰ পাছতে আৰক্ষীয়ে শ্বাহনাৱাজৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷ আৰক্ষীৰ জেৰাত শ্বাহনাৱাজে কামৰুজৰ লগত সম্পর্ক থকাৰ কথা স্বীকাৰ কৰে৷
আৰক্ষীৰ জেৰাত শ্বাহনাৱাজে কয় যে এই বর্ষৰ আগষ্ট মাহত কামৰুজ অসমলৈ আহিছিল আৰু কেইদিনমান থাকি পুনৰ সন্ত্রাসবাদী সংগঠনটোৰ কামৰ বাবে উভতি যায়৷ সেই সময়ত শ্বাহনাৱাজে তেওঁক যোগান ধৰিছিল ম’বাইল ফ’ন আৰু অসমৰ ছিম কার্ড৷ প্রায়ে তেওঁ কামৰুজৰ ফ’ন লাভ কৰিছিল আৰু দুয়োৰে মাজত সঘনাই কথা-বার্ হৈছিল৷ উল্লেখযোগ্য যে কামৰুজৰ সন্ধানত চোৰাংচোৱা সংস্থাবোৰ তৎপৰ হৈ থকাৰ সময়তে কামৰুজ কিদৰে অসমলৈ আহি পুনৰ উভতি যাবলৈ সক্ষম হয়, সেয়া তাৎপর্যপূর্ণ বিষয় হিচাপে বিবেচিত হৈছে৷
শ্বাহনাৱাজ আলম হিজবুল মুজাহিদীনৰ লিংকমেন বুলি আৰক্ষী অধীক্ষকে প্রকাশ কৰিছে৷ কামৰুজৰ লগত সঘন যোগাযোগ থকা যমুনামুখৰ শ্বাহনাৱাজ আলমৰ বিৰুদ্ধে হোজাইৰ আৰক্ষীয়ে যমুনামুখ থানাত 124/18 U/S 120 (b) 121/121(A) IPC R/W SEC 10(A)/17/18/19 Of UA (P) ACT নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ শ্বাহনাৱাজে লিংকমেন হিচাপে কাম কৰিছিল অসমত৷ এই মন্তব্য আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ৷
ইফালে, কামৰুজৰ বৃদ্ধা মাতৃয়ে পুত্রৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ অসম আৰক্ষীক আহবান জনায়৷ মাতৃৰ মতে, দেশৰ বিৰুদ্ধে যোৱা এনে পুত্রৰ বাবে তেওঁৰ অকণো মৰম নাই৷ এনে পুত্রক চৰকাৰে গুলীয়াই মাৰক বা যাৱজ্জীৱন কাৰাদণ্ড দিয়ক– তাকে লৈ মাতৃৰ অকণো আক্ষেপ নাই বুলি মন্তব্য কৰে কামৰুজৰ মাতৃয়ে৷
ইফালে, সন্ধিয়া হোজাইৰ শংকৰদেৱ নগৰৰ আদালতত ধৃত শ্বাহনাৱাজক হাজিৰ কৰোৱাত আদালতে ৬ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে শ্বাহনাৱাজক ১৪ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল৷ ইফালে, উত্তৰ প্রদেশৰ আৰক্ষী হোজাইলৈ অহাৰ বাবে যোগাযোগ চলি থকাৰ কথাও প্রকাশ কৰে আৰক্ষীয়ে৷