Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:48 pm

Home » আঞ্চলিক » দীঘলীপুখুৰীৰ পাৰৰ পৰা কৃষক মুক্তিৰ বিশাল শোভাযাত্রা

দীঘলীপুখুৰীৰ পাৰৰ পৰা কৃষক মুক্তিৰ বিশাল শোভাযাত্রা


গুৱাহাটী : নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বিজেপিৰ ৰাষ্ট্রীয় কার্যনির্বাহকে গ্রহণ কৰা প্রস্তাৱৰ বিৰুদ্ধে সৰৱ হৈছে কৃষক মুক্তি সংগ্রাম সমিতি৷ কৃষক সংগঠনটোৱে বিধেয়কখনৰ বিৰোধিতা কৰা অগপক মিত্রজোঁট চৰকাৰৰ পৰা ওলাই আহিবলৈয়ো দাবী জনাইছে৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি কৃষক মুক্তি সংগ্রাম সমিতিৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে দীঘলীপুখুৰীৰ পাৰত সমবেত হৈ প্রতিবাদী শোভাযাত্রা উলিয়ায়৷ ৫ শতাধিক প্রতিবাদকাৰীয়ে বিজেপিৰ ৰাষ্ট্রীয় কার্যনির্বাহকত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ প্রস্তাৱৰ বিৰুদ্ধে জাঙুৰ খাই উঠে৷ দীঘলীপুখুৰীৰ পাৰৰ প্রতিবাদী সভাত কৃষক নেতা অখিল গগৈয়ে কয় যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সন্মুখত বহুৱাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে প্রস্তাৱ গ্রহণ কৰিছিল৷
অথচ মুখ্যমন্ত্রী সোণোৱালে ৰাজ্যৰ সাংবাদিক, সম্পাদকসকলৰ সৈতে হোৱা বৈঠকত ‘মই যদি অসমৰ ৰাইজৰ স্বার্থ সুৰক্ষিত কৰিব নোৱাৰোঁ, তেন্তে মুখ্যমন্ত্রী হৈ থকাৰ অর্থই বা কি’ বুলি মন্তব্য কৰিছিল৷ তদুপৰি ‘মই অসমৰ ৰাইজৰ অহিত চিন্তা নকৰোঁ’ বুলি কোৱা মুখ্যমন্ত্রীজন বিজেপিৰ ৰাষ্ট্রীয় কার্যনির্বাহকত নিমাতী কইনা হৈ থাকিল বুলিও কয় কৃষক নেতাজনে৷
কৃষক নেতাজনে অগপক মিত্রজোঁটৰ পৰা ওলাই আহিবলৈ দাবী জনাই কয় যে দলটোৰ দুর্বলতাসমূহ বিজেপিৰ দৃষ্টিৰ ধৰা পৰিছে যাৰ বাবে গুৰুত্ব দিয়া নাই৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা দলটোৱে মিত্রজোঁটৰ পৰা ওলাই অহাৰ কথা ক’ব পৰা নাই৷ অগপৰ লগতে বি পি এফকো মিত্রতাৰ পৰা ওলাই আহিবলৈ আহবান জনায় কৃষক নেতাজনে৷
বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসক সমালোচনা কৰি কৃষক নেতাজনে কয় যে বিজেপিৰ সভাপতিজনে অসমীয়া জাতিৰ বিৰুদ্ধে আৰম্ভণিৰ পৰাই কাম কৰি আছে৷ তেওঁ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ ক্ষেত্রত মুখ্য পৃষ্ঠপোষকতা গ্রহণ কৰি আহিছে৷ কৃষক নেতাজনে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে গৃহীত কৰিবলৈ দিয়া নহ’ব৷ নৰেন্দ্র মোদী, অমিত শ্বাহ, সর্বানন্দ সোণোৱালে অসমীয়া জাতিক নিঃশেষ কৰিব খুজিছে৷ অসমৰ ৰাইজক বিধেয়কখনৰ বিৰুদ্ধে মাৰ বান্ধিবলৈ তেওঁ আহবান জনায়৷
অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে, মুখ্যমন্ত্রীৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনায়৷ ৰাজ্যৰ স্বার্থত মুখ্যমন্ত্রীক দুমুখীয়া নীতি অৱলম্বন নকৰিবলৈ দাবী জনায়৷ প্রতিবাদকাৰীসকলে মোদী আৰু সোণোৱাল চৰকাৰৰ লগতে বিজেপি, অগপৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলাৰ লগতে প্রধানমন্ত্রীলৈ উপায়ুক্তৰ জৰিয়তে স্মাৰক-পত্র প্রেৰণ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি