ডিব্ৰুগড় : বিগত দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত যোৱা নিশাৰে পৰা উজনিৰ ডিব্রুগড় আৰু তিনিচুকীয়া জিলাত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে মহাবাহু ব্রহ্মপুত্রৰ জলস্তৰ৷ ফেনে-ফোটোকাৰে ওফন্দি উঠিছে বৰলুইতৰ জলস্তৰ৷
ব্রহ্মপুত্রৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেদি প্রবাহিত হৈ থকাৰ পৰিপ্রেক্ষিতত বিগত ২৪ ঘণ্টাত উজনিৰ জিলা দুখনৰ বহু এলেকা জলমগ্ন হৈ পৰাত উক্ত এলেকাসমূহৰ বাসিন্দাসকলৰ দুখ কুলাই-পাচিয়ে নধৰা হৈছে৷ ডিব্রুগড়ত আজি পুৱা ব্রহ্মপুত্রৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি প্রবাহিত হয়৷ কেন্দ্রীয় জল আয়োগৰ তথ্য অনুসৰি আজি পুৱা ডিব্রুগড়ত ব্রহ্মপুত্রৰ জলপৃষ্ঠ বিপদসীমাতকৈ প্রায় পাঁচ চেণ্টিমিটাৰ ওপৰেদি প্রবাহিত হৈ আছিল৷
অৱশ্যে বিয়লিলৈ নদীখনৰ জলপৃষ্ঠ হ্রাস পায় যদিও এতিয়াও ডিব্রুগড়ত ব্রহ্মপুত্রৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেদি প্রবাহিত হৈ আছে৷ ইফালে, ব্রহ্মপুত্রৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেদি বৈ থকাত বগীবিল আৰু কুলাজানৰ মাজত চলাচল কৰি থকা ফেৰী সেৱা বন্ধৰ নির্দেশ দিছে জলসম্পদ বিভাগে৷ আনহাতে, ডিব্রুগড়ত আজি ব্রহ্মপুত্রৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি প্রবাহিত হোৱাৰ ফলত জিলাখনৰ চাবুৱা ৰাজহ চক্রৰ অধীনস্থ ছখন গাঁও বানপানীত ক্ষতিগ্রস্ত হোৱাৰ তথ্য জিলা দুযোর্গ ব্যৱস্থাপনা প্রাধিকৰণৰ প্রতিবেদনত প্রকাশ পাইছে৷
উল্লেখযোগ্য আজি ব্রহ্মপুত্রৰ জলস্তৰে বিপদসীমাৰ (১০৫.৭০ মিটাৰ) ১০৫.৭৫ মিটাৰ ওপৰেদি প্রবাহিত হোৱাৰ ফলত জিলাখনৰ চাবুৱা ৰাজহ চক্রৰ দধীয়া চাৰিসুঁতি, দধীয়া কুলিগাঁও, দধীয়া টেঙাবাৰী, দধীয়া ম’হমৰা, চাৰখলিয়া চাপৰি আৰু চকীয়া চাপৰিৰ ৬৪৪২জন লোক আৰু ১.৬০৫ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্রস্ত হৈছে৷ উল্লেখযোগ্য যে এইপর্যন্ত বানত ক্ষতিগ্রস্ত লোকৰ মাজত সাহায্য হিচাপে জিলা প্রশাসনৰ তৰফৰ পৰা ৭০.৬১ কুইণ্টল চাউল, ১২.৮৯ কুইণ্টল দাইল আৰু ৩.৮৭ কুইণ্টল নিমখ বিতৰণ কৰা হৈছে যদিও এয়া পর্যাপ্ত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে৷
ডিব্রুগড় জিলাৰ বহু ভিতৰুৱা নদীকাষৰীয়া এলেকাৰ কেইবা হাজাৰ লোক ক্ষতিগ্রস্ত হোৱা বুলি জানিব পৰা গৈছে৷ নদীৰ বাঢ়নী পানীয়ে বাসগৃহ বুৰাই পেলোৱাৰ ফলত বানাক্রান্ত ৰাইজে নিৰাপদ আশ্রয়ৰ সন্ধানত নদীৰ মথাউৰিত আশ্রয় ল’বলগীয়া হৈছে৷ ব্রহ্মপুত্রৰ বাঢ়নী পানীত পশুধনৰো ব্যাপক অনিষ্ট সাধন হোৱাৰ বাতৰি আহিছে৷ আনহাতে, ব্রহ্মপুত্রৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি প্রবাহিত হোৱাৰ ফলত নিৰাপত্তাজনিত কাৰণত প্রশাসনে ডিব্রুগড়ৰ বগীবিল ঘাট আৰু ধেমাজিৰ মাজত চলাচল কৰা ফেৰী সেৱা আজি বন্ধ কৰি দিয়াৰ ফলত যাত্রীসকলো ব্যাপক অসুবিধাৰ সন্মুখীন হয়৷
ইপিনে, নেৰানেপেৰা বৰষুণৰ ফলত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্রুগড়ৰ বহু অঞ্চল ভয়াৱহ কৃত্রিম বানৰ কবলত পৰিছে৷ ডিব্রুগড় পৌৰ সভাৰ ২২টা ৱার্ডৰ অধিকাংশ এলেকা তথা পথসমূহ কৃত্রিম বানত বুৰ যোৱাত কৰদাতাসকলে পৌৰ সভাৰ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ ব্যক্ত কৰিছে৷