Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:48 pm

Home » দেশ-বিদেশ » মই ভূপেনৰ সন্তানৰ মা হ’বলৈ ওলাইছিলো : কল্পনা লাজমী

মই ভূপেনৰ সন্তানৰ মা হ’বলৈ ওলাইছিলো : কল্পনা লাজমী


গুৱাহাটী : ভূপেন হাজৰিকাৰ জীৱনৰ বহু দিশ উদঙাই কল্পনা লাজমীয়ে লিখা ‘ভূপেন হাজৰিকা এজ আই নিউ হিম’ শীৰ্ষক গ্ৰন্থখনত আছে বহু বিতৰ্কিত কথা। সুধাকণ্ঠৰ জীৱনৰ ভিতৰৰ পৃষ্ঠা খুলি দিছে তেওঁৰেই ঘনিষ্ঠ লাজমীয়ে। ২২৭ পৃষ্ঠাৰ এই গ্ৰন্থখনত ভূপেন হাজৰিকাৰ ব্যক্তিগত জীৱনৰ বহু কাহিনী সন্নিবিষ্ট কৰা হৈছে। ড০ হাজৰিকাক কল্পনা লাজমীয়ে লগ পোৱাৰে পৰা আৰম্ভ কৰি শেষৰ সময়খিনি লৈকে তেওঁলোকৰ মাজৰ প্ৰতিটো ঘটনা ধৰি ৰাখিছে।
প্ৰিয়ম হাজৰিকাৰ সৈতে ভূপেন হাজৰিকাৰ বিচ্ছেদ হোৱাৰ পাছত পুনৰ ভূপেন হাজৰিকাৰ সৈতে সম্পৰ্ক গঢ়িব খুজিছিল প্ৰিয়মে। ঘূৰি আহিব খুজিছিল সুধাকণ্ঠৰ কাষলৈ। এই কথা কল্পনা লাজমীয়ে গ্ৰন্থখনত উল্লেখ কৰিছে। অৱশ্যে ভূপেন হাজৰিকাই সন্মতি দিয়া নাছিল এনে প্ৰস্তাৱত। কল্পনা লাজমীয়ে ভূপেন হাজৰিকাৰ সৈতে থকা ঘনিষ্ঠতাৰ কথা মুকলিকৈ লেখিছে এই গ্ৰন্থখনত। তাজ হোটেলত এবাৰ ভূপেন হাজৰিকাক লগ কৰিবলৈ গৈ তেওঁৰ সৈতে কটাইছিল এটা ৰাতি। তেতিয়া লাজমীৰ বয়স আছিল তেনেই কম। সেই নিশাটো কটোৱা ১৫দিন মানৰ পাছত লাজমীয়ে গ্ৰন্থখনত উল্লেখ কৰা মতে সন্তান সম্ভৱা হৈছিল তেওঁ।
এইবোৰ অতি ব্যক্তিগত কাহিনীৰ লগতে সুধাকণ্ঠৰ জীৱনলৈ অহা বহু নাৰীৰ সন্ধান দিছে লাজমীয়ে। যিবোৰ ইমান দিনে মানুহৰ মুখে মুখে চৰ্চিত হৈছিল। তাৰ ভিতৰত গ্ৰন্থখনত উল্লেখ আছে এগৰাকী বিশেষ নাৰীৰ নাম। স্পষ্টকৈ বন্দনা বৰুৱা নামৰ মহিলাগৰাকীৰ কথা লিখিছে লাজমীয়ে। অৱশ্যে এই গ্ৰন্থখনত লতা মংগেছকাৰৰ সৈতে ভূপেন হাজৰিকাৰ সম্পৰ্ক থকাৰ কথা প্ৰিয়ম হাজৰিকাই উল্লেখ কৰিছিল।
এই সন্দৰ্ভত নিমাতে ৰৈছে কল্পনা। ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ প্ৰায়ে কাজিয়া হৈছিল। ভূপেন হাজৰিকাক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথা উল্লেখ কৰিছে কল্পনাই। অৱশ্যে অসমৰ সৈতে থকা তেওঁৰ সম্পৰ্ক ভূপেন হাজৰিকাই এৰি দিব বিচৰা নাছিল। হেমেন বৰুৱাৰ জৰিয়তে কল্পনা লাজমীক ভূপেন হাজৰিকাই প্ৰথম লগ পাইছলি। সেই দিনবোৰৰ কথা এটা অধ্যায়ত বিশদভাৱে লিখিছে কল্পনাই। মৃত্যুৰ মুহূৰ্তলৈকে ভূপেন হাজৰিকাক ঘনিষ্ঠভাৱে পোৱা কল্পনা লাজমীয়ে ভূপেন হাজৰিকাৰ উদাসীনতাক লৈ সদায়ে অসন্তুষ্ট আছিল।
হাজৰিকাৰ পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পত্তি কেন্দ্ৰিক বাক-বিতণ্ডাকো উদঙাই দিছে গ্ৰন্থখনত। ভূপেন হাজৰিকাই কল্পনা লাজমীক কৈছিল- ভূপেন আৰু হেমেন টুইন ব্ৰাডাৰ্ছ। এজন কেপিটেলিষ্ট আৰু আন জন ছ’চিয়েলিষ্ট। প্ৰথমে কল্পনা লাজমীক মা বুলি সম্বোধন কৰিছিল ভূপেন হাজৰিকাই। দুয়োৰে মাজত এই সময়চোৱাৰ লগতে ভূপেন হাজৰিকাৰ বহু নতুন দিশ গ্ৰন্থখনত উনুকিয়াই দিছে যদিও, বৌদ্ধিকভাৱে ভূপেন হাজৰিকাৰ চিন্তা-ধাৰা বিচাৰ কৰাত যেন সফল হ’ব পৰা নাই কল্পনা লাজমী।
মুম্বাইত প্ৰতিষ্ঠিত অসমৰ এজন নামজলা পৰিচালকৰ সৈতেও ভূপেন হাজৰিকাৰ হৈছিল সংঘাত। সেই পৰিচালকজনক ভূপেন হাজৰিকাই যথেষ্ট গালি পাৰিছিল এদিন। ‘মোক গান শিকাব আহিছে নেকি’ বুলি প্ৰশ্ন কৰিছিল সেই পৰিচালকজনক। জীৱনৰ অতি ব্যক্তি কেন্দ্ৰিক এই অভিজ্ঞতাবোৰ গ্ৰন্থখনৰ পাতে পাতে উল্লেখ কৰিছে কল্পনা লাজমীয়ে। ভূপেন হাজৰিকাক মুম্বাইত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁৰ অৱদান কিমান আছিল সেই কথা যুক্তি সহকাৰে প্ৰতীয়মান কৰিবলৈ কল্পনা লাজমীয়ে গ্ৰন্থখনত চেষ্টা কৰিছে।
অৱশ্যে ইয়াৰ পূৰ্বে ভূপেন হাজৰিকাই ৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিছিল। মুম্বাইত থাকিলেও ভূপেন হাজৰিকাই অসমীয়া জীৱনবোধ এৰিব পৰা নাছিল। ভূপেন হাজৰিকাক মাছ-মাংস খোৱাৰ পৰা বিৰত ৰাখিব খুজিছিল কল্পনা লাজমীয়ে। ভূপেন হাজৰিকাই কৈছিল- ‘মই পইতা ভাত খোৱা মানুহ। মোক জোৰ কৰিলেও তই এইবোৰৰ পৰা বঞ্চিত কৰিব নোৱাৰ।’
ভূপেন হাজৰিকাই আক্ষেপ কৰিছিল, কল্পনা লাজমীয়ে ভূপেন হাজৰিকাৰ জীৱন ধ্বংস কৰিলে। ইয়াৰ বিপৰীতে কল্পনা লাজমীৰ দাবী- বিশ্ব দৰবাৰত ভূপেন হাজৰিকাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান আছে। ভূপেন হাজৰিকা আছিল গণশিল্পী। মানুহৰ মাজত থাকি ভাল পাইছিল তেওঁ। কিন্তু কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক এক ব্যৱসায়িক দৃষ্টিৰে আগুৱাই নিব বিচাৰিছিল।
হেমেন বৰুৱাই কল্পনা লাজমীক প্ৰেম নিবেদন কৰিছিল। উপহাৰ দিছিল হীৰা। এই কথা মুকলিকৈ লিখিছে গ্ৰন্থখনত। হেমেন বৰুৱা সন্দৰ্ভত এটা অধ্যায় লিখিছে কল্পনা লাজমীয়ে। মাজুলীলৈ যাওঁতে মানুহে ভূপেন হাজৰিকাক ভগৱান বুলি সেৱা কৰিছিল। এই কথা সন্তুষ্ট হোৱা নাছিল কল্পনা। ভূপেন হাজৰিকাক কৈছিল- ‘তই মানুহ, মানুহ হৈয়ে থাক। তই দেৱতা হ’ব নালাগে।’ ইয়াক লৈ দুয়োৰে মাজত কাজিয়া হৈছিল।
ভূপেন হাজৰিকাক ভণ্ড আখ্যা দিছিল কল্পনাই। ভূপেন হাজৰিকাই কল্পনাক কৈছিল- ‘মানুহে যদি এনেকৈ ভাবে, তেন্তে মই কি কৰিম।’ অসমৰ সংবাদমাধ্যমৰ সন্দৰ্ভতো আছে কিছু কথা। কল্পনা লাজমীৰ আজিও ক্ষোভ আছে অসমৰ সংবাদমাধ্যমৰ ওপৰত। দমন চিনেমাৰ মুক্তিৰ পূৰ্বে দিয়া এক সংবাদমেলত সেই সংঘাত হৈছিল। অসমৰ সংবাদমাধ্যমে তেওঁক কেতিয়া স্বীকৃতি নিদিয়াৰ কথা উল্লেখ কৰিছিল।
ইফালে, ষ্টাৰ চিমেণ্টৰ শেহতীয়া বিজ্ঞাপনৰ শ্বুটিঙৰ বাবে ভূপেন হাজৰিকাক সাঙীত উঠাই নিয়াক লৈ সংবাদমাধ্যমে তেওঁ কোন বুলি প্ৰশ্ন কৰিছিল। কল্পনা লাজমীয়ে নিজকে তেতিয়া ভূপেন হাজৰিকাৰ পত্নী বুলি পৰিচয় দিয়াৰ কথা উল্লেখ কৰিছে। গ্ৰন্থখনৰ কেবা ঠাইত কল্পনা লাজমীয়ে নিজকে ভূপেন হাজৰিকাৰ পত্নী বুলি দাবী কৰিছে। অৱশ্যে কেতিয়াও ভূপেন হাজৰিকাই পত্নীৰ মৰ্যাদা দিয়া নাছিল কল্পনাক। তাৰ বাবে ভূপেন হাজৰিকাক কাপুৰুষ বুলিছিল কল্পনা লাজমীয়ে।
ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক মূল্যায়ন কৰিবলৈ চেষ্টা কৰিছে কল্পনাই। এই দিশত কিছু পৰ্যায়লৈ সফলতা দাবী কৰিব পাৰে কল্পনাই। কিন্তু গ্ৰন্থখনত যিধৰণে তেওঁলোকৰ ব্যক্তিগত কথাবোৰ উদঙাই ভূপেন হাজৰিকাক মানুহৰ মাজত নি ধৰিছে, সেই কথাবোৰে ভূপেন হাজৰিকাৰ ভাবমূৰ্তি সাধাৰণ লোকৰ মাজত বিনষ্ট কৰাৰো সম্ভাৱনাই অধিক।
Credit:- অসমীয়া প্ৰতিদিন

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি