Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:33 pm

Home » আঞ্চলিক » ব্রহ্মপুত্র উপত্যকাত হ’ব বৃহৎ ভূমিকম্প

ব্রহ্মপুত্র উপত্যকাত হ’ব বৃহৎ ভূমিকম্প


গুৱাহাটী : ভয়াৱহ বিপদৰ দুৱাৰডলিত আছে অসম৷ নেপালৰ বৰভূঁইকঁপৰ পাছত উত্তৰ ভাৰতৰ লগতে অসমৰ ব্রহ্মপুত্র উপত্যকাত এটা বৃহৎ ভূমিকম্পৰ আশংকা বৃদ্ধি পাইছে৷ আই আই টি, খড়গপুৰৰ ভূকম্পন বিজ্ঞানীয়ে প্রকাশ কৰিছে এই ভয়াৱহ আশংকা৷
আনহাতে, কালি অসমৰ কোকৰাঝাৰ জিলাত অভিকেন্দ্র থকা ভূমিকম্পটোৰ শক্তি দ্বিতীয় মহাসমৰৰ সময়ত জাপানৰ হিৰোশ্বিমাত আমেৰিকাই নিক্ষেপ কৰা পাৰমাণৱিক বোমাটোতকৈ আঢ়ৈ গুণ অধিক আছিল৷ উল্লেখযোগ্য যে বুধবাৰে অসমকে ধৰি মেঘালয়, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড আৰু বাংলাদেশ জোকাৰি যোৱা ভূমিকম্পতকৈ অধিক ভয়াৱহ ভূমিকম্পই জোকাৰি যাব অসমক৷ বুধবাৰৰ ভূমিকম্পটো ৰিখটাৰ স্কেলত আছিল ৫.৫ প্রাবল্যৰ এয়া মজলীয়া ভূমিকম্প৷
কিন্তু এই ভূমিকম্পতে যথেষ্ট ক্ষয়-ক্ষতি হৈছিল৷ ভূকম্পন বিজ্ঞানীৰ মতে ভূমিকম্পটোৰ প্রাবল্য হিৰোশ্বিমাত বিস্ফোৰণ ঘটা পাৰমাণৱিক বোমাটোতকৈ আঢ়ৈ গুণ অধিক আছিল৷ আনহাতে ইয়াতকৈ অধিক প্রাবল্যৰ বৰভূঁইকঁপে অসমক জোকাৰি যোৱাৰ সম্ভাৱনা আছে৷
আই আই টি, খড়গপুৰৰ ভূকম্পন বিজ্ঞানীয়ে নেপালত ২০১৫ চনৰ এপ্রিল মাহত সংঘটিত ভূমিকম্পৰ পাছতে অসমকে ধৰি ভাৰতৰ গংগা উপত্যকা আৰু পূব হিমালয় উপত্যকাত ৯.২ প্রাবল্যৰ এটা বৰভূঁইকঁপে জোকাৰি যোৱাৰ আশংকা থকাৰ সকীয়নি দিছিল৷ বিজ্ঞানীৰ দলটোৱে প্রকাশ কৰা মতে নেপালৰ ৭.৮ প্রাবল্যৰ বৰভূঁইকঁপৰ পাছত ভাৰতৰ ভূগর্ভত আর্থপ্লেটৰ বিস্তৰ ক্ষতি হয়৷ ভাৰতৰ ভূগর্ভত থকা ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়া প্লেট দুখন তেতিয়া স্থানচ্যুত হোৱা বুলি প্রকাশ কৰিছিল৷
সেই ভূমিকম্পৰ পাছত ইণ্ডিয়ান প্লেটখন ইউৰেছিয়া প্লেটৰ তলত লাহে লাহে সোমাই যাবলৈ লয়৷ ই ভাৰতবর্ষৰ ভূগর্ভ অস্থিৰ কৰি ৰাখিবলৈ আৰম্ভ কৰে৷ ফলত উত্তৰ ভাৰত অধিক ভূকম্পনপ্রৱণ এলেকা হৈ পৰে৷ ইয়াৰ ফলতে ভাৰতত ৯.২ বা তাতকৈ অধিক প্রাবল্যৰ ভূমিকম্প অহাৰ সম্ভাৱনা বৃদ্ধি পোৱা বুলি বিজ্ঞানীৰ দলটোৱে গৱেষণা কৰি তথ্য লাভ কৰা বুলি প্রকাশ কৰে৷ ফলত বুধবাৰৰ ভূমিকম্পটোক বৰভূঁইকঁপৰ আগজাননী হিচাপে আশংকা প্রকাশ কৰিছে ভাৰতৰ ভূকম্পন বিজ্ঞানীয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি