Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:54 pm

Home » আঞ্চলিক » খাৰঘৰীয়া দম্পতীৰ আত্মহত্যাৰ আঁৰৰ কুখ্যাত বোৱাৰী গীতাশ্রীৰ আত্মসমর্পণ

খাৰঘৰীয়া দম্পতীৰ আত্মহত্যাৰ আঁৰৰ কুখ্যাত বোৱাৰী গীতাশ্রীৰ আত্মসমর্পণ


শিৱসাগৰ : অৱশেষত দীর্ঘ প্রতীক্ষাৰ অন্ত পেলাই আদালতত আত্মসমর্পণ কৰিলে গীতাশ্রী খাৰঘৰীয়াই ৷ শিৱসাগৰৰ শিল্পী দম্পতী ৰজনী খাৰঘৰীয়া আৰু ৰুবী খাৰঘৰীয়াৰ আত্মহননৰ বাবে অভিযুক্ত হৈ আছিল বোৱাৰী গীতাশ্রী৷ ইয়াৰ পূর্বে যোৱা ১৯ জুলাইত গুৱাহাটীৰ ছয়মাইলৰ পৰা শিৱসাগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল খাৰঘৰীয়া দম্পতীৰ পুত্র দেৱাশিস খাৰঘৰীয়াক৷ কিন্তু বোৱাৰী তথা শিক্ষয়িত্রী গীতাশ্রীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৷
গোপনে আদালতৰ পৰা আগতীয়া জামিন ল’বলৈ প্রস্তুতি চলাই থকা গীতাশ্রী আৰক্ষীৰ জ্ঞাতসাৰেই শিৱসাগৰতে আত্মীয়ৰ ঘৰত লুকাই থাকিবলৈ সক্ষম হৈছিল৷ কিন্তু একেটা গোচৰতে খাৰঘৰীয়া দম্পতীৰ পুত্র দেৱাশিস জে’ল-হাজোতলৈ যোৱাৰ পৰিপ্রেক্ষিতত গীতাশ্রীৰ আগতীয়া জামিনত অধিবক্তা ব্যর্থ হয়৷ জানিব পৰা মতে, অধিবক্তাই আদালতত আত্মসমর্পণ কৰোৱাই গীতাশ্রীক পোনে পোনে জে’ললৈ প্রেৰণ কৰা বাবেও চেষ্টা কৰিছিল ৷
বিভিন্ন কাৰণত পূর্বৰ অধিবক্তাৰ যোগেদি সেয়া সম্ভৱ নোহোৱাত কিছুদিনৰ পূর্বে গীতাশ্রীৰ পিতৃ আৰু ভগ্নী কাষ চাপে আন এগৰাকী অধিবক্তাৰ৷ উক্ত অধিবক্তাগৰাকীৰ চেষ্টাতে আজি গীতাশ্রীক শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাদীশৰ আদালতত আত্মসমর্পণৰ ব্যৱস্থা কৰা হয় ৷ সুদীর্ঘ ৭৫ দিনৰ মূৰত গীতাশ্রীয়ে আত্মসমর্পণ কৰাৰ কিছু সময়ৰ পিছতে তদন্তকাৰী বিষয়া আদালতত উপস্থিত হৈ অভিযুক্তক নিজৰ জিম্মাত বিচাৰি আৱেদন জনায়৷ আৰক্ষীয়ে সাত দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে মাত্র দুদিনৰ বাবেহে আৰক্ষীৰ জিম্মাত দিয়ে৷ ১ জুলাইত শিৱসাগৰ নগৰৰ আছুতীয়া পথত থকা ভাৰাঘৰত উদ্ধাৰ হৈছিল খাৰঘৰীয়া দম্পতীৰ মৃতদেহ ৷
আৰক্ষীৰ তদন্তৰ সময়ত উদ্ধাৰ হৈছিল পাঁচটাকৈ আত্মহত্যাৰ টোকা, যিকেইটা টোকাত ৰজনী খাৰঘৰীয়াই তেওঁলোকৰ আত্মহত্যাৰ বাবে অভিযুক্ত কৰি গৈছিল পুত্র দেৱাশিস আৰু বোৱাৰী গীতাশ্রীক৷ পিছত খাৰঘৰীয়া দম্পতীৰ কনিষ্ঠা কন্যা মণিকাই দেৱাশিস-গীতাশ্রীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এক গোচৰ ৰুজু কৰিছিল ৷ তাৰ পিছৰে পৰাই পলাতক অৱস্থাত আছিল দেৱাশিস-গীতাশ্রী৷
আৰক্ষীয়ে শিৱসাগৰকে ধৰি বিভিন্ন জিলাত অভিযান চলাইছিল যদিও সফল হ’ব পৰা নাছিল৷ জানিব পৰা মতে, এগৰাকী অধিবক্তাই দিয়া তথ্যৰ ভিত্তিতহে ১৮ দিনৰ পিছত গুৱাহাটীৰ পৰা দেৱাশিসক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী ৷ কিন্তু তাৰ পিছতো গীতাশ্রীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব নোৱাৰাত বিভিন্ন প্রশ্নৰ উদ্রেক ঘটাইছিল৷ আত্মহনন কৰা ৰজনী খাৰঘৰীয়া আছিল উজনি অসমৰ প্রথমটো ভ্রাম্যমাণ নাট্যদল সম্রাট থিয়েটাৰৰ প্রযোজক ৷ পত্নী ৰুবীও আছিল অভিনেত্রী ৷ এগৰাকী সু-অভিনেতা হিচাপেও পৰিচিত ৰজনী খাৰঘৰীয়া আৰু পত্নী ৰুবী খাৰঘৰীয়াৰ আত্মহননৰ ঘটনাই সমগ্র ৰাজ্যকে জোঁকাৰি গৈছিল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি