ব্রহ্মপুত্র উপত্যকাত হ’ব বৃহৎ ভূমিকম্প

গুৱাহাটী : ভয়াৱহ বিপদৰ দুৱাৰডলিত আছে অসম৷ নেপালৰ বৰভূঁইকঁপৰ পাছত উত্তৰ ভাৰতৰ লগতে অসমৰ ব্রহ্মপুত্র উপত্যকাত এটা বৃহৎ ভূমিকম্পৰ আশংকা বৃদ্ধি পাইছে৷ আই আই টি, খড়গপুৰৰ ভূকম্পন বিজ্ঞানীয়ে প্রকাশ কৰিছে এই ভয়াৱহ আশংকা৷ আনহাতে, কালি অসমৰ কোকৰাঝাৰ জিলাত অভিকেন্দ্র থকা ভূমিকম্পটোৰ শক্তি দ্বিতীয় মহাসমৰৰ সময়ত জাপানৰ হিৰোশ্বিমাত আমেৰিকাই নিক্ষেপ কৰা পাৰমাণৱিক বোমাটোতকৈ আঢ়ৈ গুণ অধিক আছিল৷ উল্লেখযোগ্য যে বুধবাৰে অসমকে ধৰি মেঘালয়, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড আৰু বাংলাদেশ জোকাৰি যোৱা ভূমিকম্পতকৈ অধিক ভয়াৱহ ভূমিকম্পই জোকাৰি যাব অসমক৷ বুধবাৰৰ ভূমিকম্পটো ৰিখটাৰ স্কেলত আছিল ৫.৫ প্রাবল্যৰ এয়া মজলীয়া ভূমিকম্প৷ কিন্তু এই ভূমিকম্পতে যথেষ্ট ক্ষয়-ক্ষতি হৈছিল৷ ভূকম্পন বিজ্ঞানীৰ মতে ভূমিকম্পটোৰ প্রাবল্য হিৰোশ্বিমাত বিস্ফোৰণ ঘটা পাৰমাণৱিক বোমাটোতকৈ আঢ়ৈ গুণ অধিক আছিল৷ আনহাতে ইয়াতকৈ অধিক

খাৰঘৰীয়া দম্পতীৰ আত্মহত্যাৰ আঁৰৰ কুখ্যাত বোৱাৰী গীতাশ্রীৰ আত্মসমর্পণ

শিৱসাগৰ : অৱশেষত দীর্ঘ প্রতীক্ষাৰ অন্ত পেলাই আদালতত আত্মসমর্পণ কৰিলে গীতাশ্রী খাৰঘৰীয়াই ৷ শিৱসাগৰৰ শিল্পী দম্পতী ৰজনী খাৰঘৰীয়া আৰু ৰুবী খাৰঘৰীয়াৰ আত্মহননৰ বাবে অভিযুক্ত হৈ আছিল বোৱাৰী গীতাশ্রী৷ ইয়াৰ পূর্বে যোৱা ১৯ জুলাইত গুৱাহাটীৰ ছয়মাইলৰ পৰা শিৱসাগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল খাৰঘৰীয়া দম্পতীৰ পুত্র দেৱাশিস খাৰঘৰীয়াক৷ কিন্তু বোৱাৰী তথা শিক্ষয়িত্রী গীতাশ্রীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ গোপনে আদালতৰ পৰা আগতীয়া জামিন ল’বলৈ প্রস্তুতি চলাই থকা গীতাশ্রী আৰক্ষীৰ জ্ঞাতসাৰেই শিৱসাগৰতে আত্মীয়ৰ ঘৰত লুকাই থাকিবলৈ সক্ষম হৈছিল৷ কিন্তু একেটা গোচৰতে খাৰঘৰীয়া দম্পতীৰ পুত্র দেৱাশিস জে’ল-হাজোতলৈ যোৱাৰ পৰিপ্রেক্ষিতত গীতাশ্রীৰ আগতীয়া জামিনত অধিবক্তা ব্যর্থ হয়৷ জানিব পৰা মতে, অধিবক্তাই আদালতত আত্মসমর্পণ কৰোৱাই গীতাশ্রীক পোনে পোনে জে’ললৈ প্রেৰণ কৰা বাবেও চেষ্টা কৰিছিল ৷ বিভিন্ন

বিজয় মালিয়াৰ পলায়ন আৰু বিত্তমন্ত্ৰীঃ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল মাজুলী

মাজুলী : সুৰা ব্যৱসায়ী বিজয় মালিয়াই দিয়া বিস্ফোৰক মন্তব্যক লৈ দেশৰ ৰাজনীতি গৰম হৈ পৰিছে। মালিয়াৰ মন্তব্যৰ পাছতেই কংগ্ৰেছে বিত্ত মন্ত্ৰী অৰুণ জেটলিৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। বিজয় মালিয়াৰ সংসদৰ চেণ্ট্ৰেল হলত দেশ এৰাৰ আগতে অৰুণ জেটলিৰ লগত প্ৰায় ১৫-২০ সময় কথা পতাৰ বিষয়টোত কংগ্ৰেছে ৰহস্যৰ গোন্ধ পাইছে। কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ সুৰতে সুৰ মিলাই কংগ্ৰেছৰ নেতা-কৰ্মীসকলেও অৰুণ জেটলিয়ে সুৰা সম্ৰাট বিজয় মালিয়াই দেশ এৰাত সহায় কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে। এই বিষয়টোত সমগ্র দেশজুৰি কংগ্ৰেছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰী সমষ্টিতো কংগ্ৰেছে আজি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। মাজুলী যুৱ কংগ্ৰেছৰ নেতৃত্বত আৰু ক্ৰমে জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, ব্লক যুৱ কংগ্ৰেছ আৰু কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ

মই ভূপেনৰ সন্তানৰ মা হ’বলৈ ওলাইছিলো : কল্পনা লাজমী

গুৱাহাটী : ভূপেন হাজৰিকাৰ জীৱনৰ বহু দিশ উদঙাই কল্পনা লাজমীয়ে লিখা ‘ভূপেন হাজৰিকা এজ আই নিউ হিম’ শীৰ্ষক গ্ৰন্থখনত আছে বহু বিতৰ্কিত কথা। সুধাকণ্ঠৰ জীৱনৰ ভিতৰৰ পৃষ্ঠা খুলি দিছে তেওঁৰেই ঘনিষ্ঠ লাজমীয়ে। ২২৭ পৃষ্ঠাৰ এই গ্ৰন্থখনত ভূপেন হাজৰিকাৰ ব্যক্তিগত জীৱনৰ বহু কাহিনী সন্নিবিষ্ট কৰা হৈছে। ড০ হাজৰিকাক কল্পনা লাজমীয়ে লগ পোৱাৰে পৰা আৰম্ভ কৰি শেষৰ সময়খিনি লৈকে তেওঁলোকৰ মাজৰ প্ৰতিটো ঘটনা ধৰি ৰাখিছে। প্ৰিয়ম হাজৰিকাৰ সৈতে ভূপেন হাজৰিকাৰ বিচ্ছেদ হোৱাৰ পাছত পুনৰ ভূপেন হাজৰিকাৰ সৈতে সম্পৰ্ক গঢ়িব খুজিছিল প্ৰিয়মে। ঘূৰি আহিব খুজিছিল সুধাকণ্ঠৰ কাষলৈ। এই কথা কল্পনা লাজমীয়ে গ্ৰন্থখনত উল্লেখ কৰিছে। অৱশ্যে ভূপেন হাজৰিকাই সন্মতি দিয়া নাছিল এনে প্ৰস্তাৱত। কল্পনা লাজমীয়ে ভূপেন হাজৰিকাৰ সৈতে থকা ঘনিষ্ঠতাৰ কথা মুকলিকৈ লেখিছে এই