নতুন দিল্লী : উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে নিযুক্তি অসম সন্তান ৰঞ্জন গগৈ। দীপক মিশ্ৰৰ স্থলাভিষিক্ত হ’ব গগৈ। ৩ অক্টোবৰত ৪৬ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে দায়িত্ব গ্ৰহণ কৰিব। ২০১২ চনৰ ২৩ এপ্ৰিলৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ত কৰ্মৰত গগৈয়ে ৩ অক্টোবৰৰ পৰা ৪৬ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে ২০১৯ চনৰ ১৭ নৱেম্বৰ পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰিব।
কোন এই ৰঞ্জন গগৈ ?
প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পুত্ৰ ন্যায়াধীশ ৰঞ্জন গগৈ জন্ম হয় ১৯৫৪ চনৰ ১৮ নৱেম্বৰত৷ বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ তেওঁ এগৰাকী ন্যায়াধীশ। উচ্চতম ন্যায়ালায়ৰ ন্যায়াধীশসকলৰ ভিতৰত জ্যেষ্ঠতাৰ ভিত্তিত ন্যায়াধীশ দিপক মিশ্ৰৰ অৱসৰৰ পিছতেই ২০১৮ চনৰ অক্টোবৰত তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অধিস্থিত হ’ব। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সেই পদত অধিস্থিত হোৱা তেৱেঁই প্ৰথম ব্যক্তি হ’ব।
ন্যায়াধীশ গগৈয়ে ১৯৭৮ চনত আইনী ক্ষেত্ৰখনত প্ৰথম খোজ পেলাই পৰৱৰ্ত্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মৰত আছিল। ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁ সেই ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ নিযুক্ত হয়। ইয়াৰ পৰৱৰ্ত্তী সময়ত ২০১০ চনৰ ৯ ছেপ্টেম্বৰত তেওঁ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি হৈ আহে আৰু ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত একে ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশৰ পদ লাভ কৰে। ২০১২ চনৰ ২৩ এপ্ৰিল তাৰিখে তেওঁৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি হয় আৰু এই ন্যায়ালয়ত তেওঁ প্ৰায় ৭ বছৰ কাল কাৰ্যনিবাহ কৰিব।