Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:32 pm

Home » আঞ্চলিক » লিগেচি ডাটা পৰীক্ষাত বৃহৎ আসোঁৱাহ

লিগেচি ডাটা পৰীক্ষাত বৃহৎ আসোঁৱাহ


গুৱাহাটী  : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ লিগেচি ডাটা পৰীক্ষাত এন আৰ চি কর্তৃপক্ষৰ এক বৃহৎ আসোঁৱাহ ৰৈ গ’ল৷ এই কথা উচ্চতম ন্যায়ালয়ত খোদ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলায়ো স্বীকাৰ কৰিছে৷ এই  আসোঁৱাহ সন্দর্ভত উচ্চতম ন্যায়ালয়ত অভিযোগ কৰি লিগেচি ডাটা পুনৰ পৰীক্ষাৰ বাবে আবেদন কৰিবলৈ তথ্যসহ সাজু হৈছে সচেতন নাগৰিক মঞ্চ, অসম নামৰ সংগঠনটো৷
উল্লেখযোগ্য যে ইতিমধ্যে এই সংগঠনটোৱে উচ্চতম ন্যায়ালয়ক ৰাজ্যত এন আৰ চিত বিদেশীৰ নাম অন্তর্ভুক্ত হোৱা কেইবাটাও ঘটনাৰ তথ্য দি চূড়ান্ত খচৰা পুনৰীক্ষণ কৰাৰ আৱেদন কৰিছে৷ উল্লেখযোগ্য যে এন আৰ চিৰ বাবে অতি গুৰুত্বপূর্ণ নথি হিচাপে গণ্য কৰা লিগেচি ডাটা একোজন আবেদনকাৰীৰ বাবে অতি কমেও ৩খনকৈ আছে৷ ককাক আৰু পিতৃৰ লিগেচিৰ উপৰি মাতৃৰ লিগেচিও আৱেদনৰ বাবে গ্রহণযোগ্য৷
কিন্তু আনৰ লিগেচি অন্য লোকে ব্যৱহাৰ কৰাৰ ক্ষেত্রত ধৰা পেলাবৰ বাবে এন আৰ চি কর্তৃপক্ষই কৰা পৰীক্ষণ কেৱল এখন লিগেচিৰ ক্ষেত্রতহে হৈছিল৷ প্রকৃততে আবেদনকাৰীয়ে তিনিখন লিগেচিৰ মাত্র এখন লিগেচিহে ব্যৱহাৰ কৰিছিল৷ সেই লিগেচিখনহে আনে ব্যৱহাৰ কৰিছিল নে নাই সেয়া পৰীক্ষা কৰা হৈছিল৷ কিন্তু যি দুখন ব্যৱহাৰ নকৰা লিগেচি আছিল সেয়া কোনোবাই ব্যৱহাৰ কৰিছিল নেকি তাৰ পৰীক্ষা কৰা নহ’ল৷
এনে লিগেচি ব্যৱহাৰ কৰি বহু লোকে এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভূক্ত কৰাৰ তথ্য পোৱা গৈছে৷ সেয়ে এতিয়া সচেতন নাগৰিক মঞ্চই উচ্চতম ন্যায়ালয়ত ৰৈ যোৱা লিগেচি আনে ব্যৱহাৰ কৰা-নকৰাৰ বিষয়টো পৰীক্ষা কৰিবৰ বাবে আৱেদন কৰিবৰ বাবে প্রস্তুতি চলাই আছে৷ শীঘ্রে সংগঠনটোৱে এক শপতনামাযোগে উচ্চতম ন্যায়ালয়ক তথ্যসহ এই আসোঁৱাহৰ পৰীক্ষণৰ আবেদন কৰিব৷
সংগঠনটোৰ সভাপতি চন্দন ভট্টাচার্যই সদৰী কৰে যে এন আৰ চিৰ লিগেচি পৰীক্ষণৰ সময়ত যিখন লিগেচি আবেদনৰ সৈতে ব্যৱহাৰ কৰা হৈছে, সেইখনহে আন কোনোবাই ব্যৱহাৰ কৰিছে নেকি তাৰ পৰীক্ষা কৰা হৈছিল৷ এনেদৰে ব্যৱহাৰ হোৱা বহু লিগেচিৰ ভুৱা উত্তৰাধিকাৰী পৰীক্ষাত ধৰা পৰে৷ কিন্তু আবেদন নকৰা লিগেচি দুখন আনে ব্যৱহাৰ কৰিছিল নে নাই সেয়া এন আৰ চি কর্তৃপক্ষই পৰীক্ষাই নকৰিলে বুলি তেওঁ সদৰী কৰে৷
এই দুখন লিগেচিও স্বাভাৱিকতে সন্দেহজনক লোকে ব্যৱহাৰ কৰিছিল৷ তেনে কিছু তথ্য লাভ কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ সিদ্ধান্ত লোৱা বুলি তেওঁ সদৰী কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি