Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:11 pm

Home » আঞ্চলিক » মুম্বাইৰ অপহৃত ব্যবসায়ী ফাৰহাদ আনচাৰী লাহৰীঘাটত উদ্ধাৰ

মুম্বাইৰ অপহৃত ব্যবসায়ী ফাৰহাদ আনচাৰী লাহৰীঘাটত উদ্ধাৰ


লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাটত সংঘটিত এক অপহৰণ কাণ্ডই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে, মুম্বাইস্থিত ফাৰহাদ আনচাৰী কৰ্মৰাজিত ৰেজুৱান নামৰ ঠাইৰ এজন ব্যৱসায়ী । অপহৃত আনচাৰীয়ে কোৱা মতে, মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ দুই তিনিজনমান লোকৰ সৈতে তেখেতৰ ফোনযোগে গভীৰ বন্ধুত্ব গঢ়ি উঠিছিল । আনকি উক্ত বন্ধু কেইজনে তেখেতক মুম্বাইতো লগ ধৰিছিল । অতি স্পৰ্শকাতৰ বিষয় যে, এই বন্ধুত্বই এটা সময়ত কাল হল অপহৃত ব্যবসায়ী ফাৰহাদ আনচাৰীৰ । উল্লেখ্য যে, মুম্বাইৰ ফাৰহাদ আনচাৰীক মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বন্ধুসকলে অতি ষড়যন্ত্ৰমূলক ভাবে ফুৰিবলৈ মাতি আনি যোৱা ১১ ছেপ্তেম্বৰ তাৰিখে গুৱাহাটী বিমান বন্দৰৰ পৰা আগুৱাই আনে । বন্ধুসকলে আনচাৰীক কাৰো ব্যক্তিগত ঘৰত নাৰাখি অতি পৰিকল্পিতভাৱে ওৰে নিশা চৰাঞ্চলত লৈ ফুৰিছিল । অৱশেষত আনচাৰীৰ মবাইলৰ পৰা তেখেতৰ মুম্বাইৰ পৰিয়ালক ফোনযোগে ডেৰ কোটি টকা ধন দাবী কৰিছিল । অন্যথা আনচাৰীক হত্যা কৰা হব বুলি ভাবুকি দিছিল । মুম্বাইৰ পৰিয়ালে এই ফোন কল পোৱাৰ পিছত অলপো সময় অপচয় নকৰি মুম্বাইৰ পৰাই ১০০ নম্বৰত ফোন কৰি অসম আৰক্ষীক অৱগত কৰে আৰু সেই মৰ্মে অসম আৰক্ষীয়ে মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত বুধবাৰে প্ৰায় তিনি বজাত ভূৰাগাঁও থানাৰ অন্তৰ্গত গেৰুৱা অঞ্চলৰ পৰা অপহৃত ফাৰহাদ আনচাৰীক উদ্ধাৰ কৰে । সম্প্ৰতি আৰক্ষীয়ে অপহৰণকাৰী দলটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি