চৰাইদেউ : উগ্রপন্থী দমনৰ নামত নিয়োজিত সেনাই চৰাইদেউ জিলাত উগ্রপন্থী বিচৰা নামত পুনৰ গোপাল মাঝি (৪০) নামৰ এজন নিৰীহ ব্যক্তিক প্রহাৰ কৰা ঘটনাই জিলাখনত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ সেনাৰ দ্বাৰা উগ্রপন্থী বিচৰাৰ নামত নিৰীহ লোকৰ ওপৰত চলোৱাৰ নির্যাতনৰ প্রতিবাদত আজি জিলাখনৰ সাপেখাতী আৰক্ষী থানাৰ অন্তর্গত চতিয়নাগুৰি অঞ্চলত ৰাইজে স্বতঃস্ফূর্তভাৱে ৰাজপথলৈ ওলাই আহি ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে৷
জানিব পৰা মতে, যোৱা নিশা কুকুৰে অত্যন্ত ভোকাত চতিয়নাগুৰি গাঁৱৰ ত্রৈলোক্য গগৈয়ে হাতত টর্চ লাইট লৈ বাহিৰলৈ ওলোৱাৰ সময়তে সাপেখাতীৰ ৩১৫ নং ফিল্ড ৰেজিমেণ্টৰ সেনাই গগৈক ঘৰৰ পৰা ধৰি নিয়ে৷ সেনাৰ দলটোৱে ইয়াৰ পিছতে ত্রৈলোক্যক লগত লৈ তেওঁৰ ঘৰৰ সমীপৰ গোপাল মাঝি নামৰ ব্যক্তিজনক নিশা প্রায় ৩-৩০ বজাত শোৱাৰ পৰা উঠাই লগত লৈ যায়৷ দিন হাজিৰা কৰি পেটে-ভাতে খাই থকা তথা শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসা গ্রহণ কৰি থকা দুটি সন্তানৰ পিতৃ গোপাল মাঝিক সেনাৰ দলটোৱে কোনো কাৰণ নোহোৱাকৈ জেওৰা খুঁটিৰে গুৰুলা গুৰুলকৈ প্রহাৰ কৰা লগতে চৰ, ঘোচা মাৰি নির্মমভাৱে প্রহাৰ কৰে৷
এনেদৰে নির্মমভাৱে গোপাল মাঝিক প্রহাৰ কৰা পিছত সেনাৰ দলটোৱে গোপাল মাঝিৰ পত্নীক মালতি মাঝিৰ হাতত দুশ টকা দি গোপালক চিকিৎসা কৰাবলৈ নির্দেশ দিয়ে আৰু সেনাই ত্রৈলোক্য আৰু গোপালক উক্ত স্থানতে এৰি আহে৷ ঘটনাটো পুৱা চতিয়নাগুৰি গাঁৱত বিয়পি পৰাত চিকিৎসা গ্রহণ কৰি থকা নিৰীহ গোপালক সেনাই কৰা অত্যাচাৰক লৈ গাঁওখনত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ গাঁওখনৰ একাংশ মহিলাই আহত গোপালক লৈ আজি দিনৰ প্রায় ১১ বজাত সাপেখাতী আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ সন্দর্ভত ভাৰপ্রাপ্ত আৰক্ষী বিষয়া নৰেন্দ্র নাথ বাৰিকক অৱগত কৰে৷
অৱশ্যে আৰক্ষীৰ গা এৰা মনোভাৱৰ বাবে থানালৈ অহা মহিলাসকল ক্ষুব্ধ হৈ পৰে আৰু ইয়াৰ পিছতে চতিয়নাগুৰিলৈ ঘূৰি গৈ দিনৰ প্রায় ১-৩০ বজাৰ পৰা ৪-৩০ বজালৈ ঐতিহাসিক ধোদৰ আলিৰ ওপৰত বহি লৈ পথ অৱৰোধ কৰে৷ মহিলাসকলে লোৱা পথ অৱৰোধৰ সন্দর্ভত চতিয়নাগুৰি গাঁৱত বিয়পি পৰা লগে লগে ভাদ মাহৰ নামঘৰত নাম লোৱা মহিলা, দিন হাজিৰা কৰা মহিলাও আহি পথ অৱৰোধ কার্যসূচীত অংশ গ্রহণ কৰে৷ ইয়াৰ উপৰি মহিলাসকলৰ অৱৰোধৰ সন্দর্ভত জ্ঞাত হৈ জাতীয় সংগঠন টাই আহোম যুৱ পৰিষদ, সদৌ টাই আহোম ছাত্র সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম চাহ জনজাতি ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু বীৰ লাচিত সেনাৰ স্থানীয় নেতৃত্বসকলে পথ অৱৰোধ কার্যসূচীত অংশ গ্রহণ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰীসকলে নিৰীহৰ ওপৰত সেনাৰ নির্যাতন বন্ধ কৰক, চৰাইদেউ জিলা প্রশাসনৰ কাম নাই, জিলা উপায়ুক্ত মুর্বাদ, জিলা আৰক্ষী অধীক্ষক মুর্বাদ, জনসাধাৰণক নিৰাপত্তা দিব নোৱাৰা অসম চৰকাৰ হায় হায়, সেনা বাহিনী গ’ বেক আদি শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷
প্রতিবাদকাৰীসকলে সেনাৰ দলকো পথ অতিক্রম কৰাত বাধা প্রদান কৰি আবদ্ধ কৰি ৰাখে৷ প্রতিবাদস্থলীত টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলাৰ যুটীয়া সম্পাদক নৱদীপ বৰুৱা, টাই আহোম ছাত্র সন্থাৰ সাপেখাতী আঞ্চলিকৰ সভাপতি দেৱাশিস বুঢ়াগোহাঁই, আটছাৰ সাপেখাতী শাখাৰ সভাপতি নবীন কুর্মি, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰমেশ শর্মা, বীৰ লাচিত সেনাৰ প্রাঞ্জল হাজৰিকাই বক্তব্য ৰাখি সেনাৰ দ্বাৰা নিৰীহ লোকক উগ্রপন্থী বিচৰা নামত চলোৱা অত্যাচাৰক তীব্র প্রতিবাদ জনাই আৰু সেনাৰ এনে কার্য তৎকালে বন্ধ কৰা দাবী জনায়৷
প্রতিবাদস্থলীত চৰাইদেউ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ প্রতিবাদ প্রত্যাহাৰৰ বাবে আহবান কৰে যদি প্রতিবাদ অব্যাহত ৰাখে৷ পিছত প্রতিবাদস্থলীত উপস্থিত সাপেখাতী ৰাজহ চক্রৰ চক্র বিষয়াৰ যোগেদি প্রতিবাদকাৰীসকলে সেনাৰ নির্যাতন বন্ধৰ দাবীত জিলা উপায়ুক্তলৈ এক স্মাৰক পত্র প্রেৰণ কৰে৷ উল্লেখযোগ্য যে ২১আগষ্টতো সাপেখাতীৰ সেনাই অসম-অৰুণাচলৰ সীমান্তৱর্তী হুলোঙামৰা গাঁৱৰ পৰা প্রভু চাহাই ডংগী (২৭) আৰু বিশ্বজিৎ ডংগী (১৬) নামৰ দুজন দিন হাজিৰা কৰা নিদোর্ষী যুৱকক ধৰি আনি মাৰধৰ কৰা লগতে এজনক এক লাখ টকাৰ প্রলোভনেৰে অসম-অৰুণাচলৰ সীমান্তত বোমা সংস্থাপনৰ বাবে হেঁচা প্রয়োগ কৰাৰ অভিযোগ উঠিছিল৷ ইয়াৰ উপৰি সেনাৰ দলটোৱে যোৱা শাওন মাহত চতিয়নাগুৰিৰ কান্ত মুণ্ডা নামৰ এজন যুৱকক পথাৰত ট্রেক্টৰে হাল বাই থকা অৱস্থাৰ পৰা ধৰি আনি মাৰধৰ কৰা সন্দর্ভতো ৰাইজে আজি অভিযোগ কৰে৷