গুৱাহাটী : সন্তান তথা ছাত্র-ছাত্রীৰ নিজৰ ইচ্ছাৰ বিৰুদ্ধে অভিভাৱকৰ পচন্দৰ বিষয়বস্তু অধ্যয়নৰ বাবে তীব্র হেঁচা প্রয়োগৰ কি ভয়ংকৰ পৰিণতি হ’ব পাৰে সেয়া প্রতিফলিত হ’ল আই আই টি গুৱাহাটীত৷ জ্ঞান আৰু প্রজ্ঞাৰ প্রতিষ্ঠান আই আই টি গুৱাহাটীত পুনৰ আন এক অঘটন৷ পুনৰ মেধাৰ অপমৃত্যুৰ ঘটনা সংঘটিত হৈছে প্রযুক্তিবিদ্যাৰ প্রতিষ্ঠানখনত৷ বুধবাৰে পুনৰ আত্মহত্যাৰ ঘটনা সংঘটিত হ’ল আগশাৰীৰ শিক্ষা প্রতিষ্ঠানখনত৷
মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্রী নাগাশ্রী এছ চিয়ে চিপ লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে উচচ শিক্ষাৰ প্রতিষ্ঠানখনত৷ ধনশিৰি হোষ্টেলৰ আৱাসী নাগাশ্রীয়ে চিলিং ফেনত চিপ লৈ থকা অৱস্থাত দেখা পায় সহপাঠীয়ে৷ লগে লগে হুৱাদুৱা লাগে হোষ্টেলটোত৷ স্থানীয় দণ্ডাধীশ প্রণৱ দত্ত আৰু আমিনগাঁৱৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দর্ভত আৰম্ভ কৰিছে তদন্ত৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো প্রেৰণ কৰা হৈছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ৷ আৰক্ষীৰ প্রাথমিক তদন্তত কর্ণাটকৰ ছাত্রীগৰাকীৰ হোষ্টেল আৱাসৰ কোঠাত এক আত্মহত্যাৰ টোকাও লাভ কৰিছে, য’ত নাগাশ্রীয়ে লিখিছে শিক্ষয়িত্রী হ’বৰ মন আছিল তেওঁৰ, কিন্তু পৰিয়ালৰ হেঁচাৰ বাবে ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্রমত নামভর্তি কৰিছিল তেওঁ৷
এতিয়া ইঞ্জিনিয়াৰিঙত পৰিয়ালে বিচৰা ধৰণৰ ফল লাভ কৰিব নোৱাৰিব বুলিয়ে এনে চৰম সিদ্ধান্ত গ্রহণ কৰাৰ কথা উল্লেখ কৰিছে ছাত্রীগৰাকীয়ে৷ আনহাতে প্রতিষ্ঠানখনত সঘনাই সংঘটিত আত্মহত্যাৰ ঘটনাই চিন্তিত কৰি তুলিছে সচেতন মহলক৷