গুৱাহাটী : অৱশেষত কোকৰাঝাৰৰ ডিটেনচন কেম্পৰ পৰা ছফিয়া খাতুনক মুক্তি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। পূৰ্বে খাতুনক বিদেশী বুলি ঘোষণা কৰিছিল বিদেশী ন্যায়াধীকৰণে। দুবছৰ ধৰি ডিটেনচন কেম্পত বন্দী হৈ আছিল ছফিয়া খাতুন। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বৰপেটাৰ সীমান্ত আৰক্ষী অধীক্ষকে কৰিছিল তদন্ত। তদন্তত ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হৈছিল ছফিয়াৰ ৫ ভাতৃ, স্বামী আৰু পিতৃ-মাতৃ। অসম চৰকাৰে শপতনামাযোগে উচ্চতম ন্যায়ালয়ক এই তথ্য সদৰি কৰাত ন্যায়াধীশ কোৰিয়ান যোছেফ আৰু ন্যায়াধীশ এছ কে কৌলৰ খণ্ড বিচাৰপীঠে বুধবাৰে ছফিয়াক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।