ধিং : ‘মোক এথলেটিক৲ছৰ জগতখন দেখুৱালে চামছুল হক ছাৰে৷ নগাঁও ক্রীড়া সংস্থা, মোৰ দুই প্রশিক্ষক নিপন দাস ছাৰ আৰু নৱজিৎ মালাকাৰ ছাৰে মোক আগুৱাই নিলে৷’
নগাঁও জিলা প্রশাসন আৰু নগাঁও ক্রীড়া সংস্থাৰ উদ্যোগত, নগাঁও জিলাবাসীৰ সহযোগত আজি নগাঁও চহৰৰ খগেন মহন্ত প্রেক্ষাগৃহত আয়োজিত ৰাজহুৱা সম্বর্ধনা অনুষ্ঠানত সম্বর্ধনা গ্রহণ কৰি এই মন্তব্য কৰে বিশ্ব এথলেটিক৲ছৰ নৱতম চাঞ্চল্য হিমা দাসে৷ ধিং এক্সপ্রেছখ্যাত হিমাই নিজৰ সফলতাৰে পিতৃ-মাতৃ, আত্মীয়ৰ মুখত হঁাহি বিৰিঙাবলৈ পাই ধন্য মানিছে বুলি মন্তব্য কৰি কয় যে সকলোৰে মুখলৈ হঁাহি আনিব পাৰি মই সুখী হৈছোঁ৷
বিশেষকৈ ‘মা-দেউতা, বৰমা, বৰদেউতাৰ মুখলৈ হঁাহি আনি দিব পাৰি মই অত্যন্ত সুখী হৈছোঁ৷ আজি মই সম্বর্ধনা ল’বলৈ ইয়ালৈ অহা নাই, ৰাইজৰ মৰম, আশীর্বাদ বিচাৰিহে আহিছোঁ৷ আপোনালোকে আশীর্বাদ-মৰম মোক দিয়ক আৰু বাকী কাম মোলৈ এৰি দিয়ক৷’ নিজৰ স্বভাৱসুলভ বাগ্মিতাৰে ধিঙৰ বৰদৈচিলাগৰাকীয়ে কয়, ‘যি কোনো কামতেই কষ্ট কৰিব লাগিব৷ কষ্ট কৰিলেহে সফলতা লাভ কৰিব পৰা যায়৷ ভগৱানে সকলোকে সকলো নিদিয়ে৷ যিসকলে ভগৱানৰ বিশেষ কৃপা লাভ কৰে, তেওঁলোকে ইয়াক ভালদৰে ব্যৱহাৰ কৰিব লাগে৷’
অসমৰ গাঁৱে গাঁৱে প্রতিভা আছে বুলি মন্তব্য কৰি দৌৰ ৰাণী হিমাই কয়, ‘প্রতিভা থাকে গাঁৱত৷ সেই প্রতিভাক বুটলি আনি ভালদৰে প্রশিক্ষণ দি সাজু কৰাব লাগে৷’ তেওঁ তৰুণ খেলুৱৈসকললৈ আহবান জনাই কয়, ‘প্রথমে নিজকে জিলিকাব লাগে৷ তাৰ পাছত অসম, ভাৰতক জিলিকাব লাগিব৷ কিন্তু প্রথমে নিজক জিলিকাবই লাগিব৷’ হিমা দাসে আৰু কয়, ‘পঞ্চাশ বছৰ পূর্বে ভোগেশ্বৰ বৰুৱা ককাই এছিয়ান গেমছত অসমক জিলিকাইছিল৷ মাজত পঞ্চাশ বছৰ গেপ হ’ল৷
পাছত মই আহিলোঁ৷ অসমৰ পৰা আৰু অধিক ভাল খেলুৱৈ ওলাব লাগিব যাতে আমি দহগৰাকী খেলুৱৈয়ে একেলগে মেডেল লৈ প্রধানমন্ত্রীৰ সৈতে ফটো উঠিব পাৰোঁ৷’ তেওঁ ছাত্র-ছাত্রী আৰু খেলুৱৈসকলক ‘মই যি কৰিম ভাল কৰিম’ চিন্তাধাৰাৰে আগুৱাই যাবলৈ আহবান জনায়৷ ইতিমধ্যেই সমাজ সচেতনতাৰ বহু নিদর্শন দাঙি ধৰা হিমাই কয়, ‘মই বেয়া কাম কৰাসকলক মানুহ বুলি নকওঁ৷ তেওঁলোকক মই বস্তু বুলি কওঁ৷’ আছুৰ পৰা বহুত কথাই শিকা বুলিও তেওঁ কয়৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীতৰ দ্বাৰা সৰুৰে পৰাই যথেষ্ট অনুপ্রাণিত হোৱাৰ কথা প্রকাশ কৰি দৌৰ ৰাণী হিমাই কয়, ‘গানেৰে যে বিশ্ব জয় কৰিব পাৰি সেই কথা ড০ ভূপেন হাজৰিকাই সাব্যস্ত কৰি থৈ গৈছে৷ তেখেতৰ গীতৰ দ্বাৰা মই অনুপ্রাণিত হওঁ৷’
সুধাকণ্ঠৰ অবিস্মৰণীয় সৃষ্টি ‘এই পৃথিৱী এক ক্রীড়াংগন’ গীতটোৰ এটা কলিও তেওঁ আওৰায়৷ অসমীয়া হিচাপে নিজকে গৌৰৱবোধ কৰাৰ কথা উল্লেখ কৰি স্বর্ণকন্যা হিমাই কয়, ‘অসম বাৰেৰহণীয়া৷ অসমত বহু জাতি, জনগোষ্ঠী আছে৷ অথচ কোনো বিভেদ নাই৷ আমাৰ এটাই পৰিচয়, আমি অসমীয়া৷ আমাৰ গাত লাচিত বৰফুকনৰ তেজ আছে৷ আমাৰ ৰাজ্যৰ মাজেৰে লুইত বৈ গৈছে৷ সেয়ে অসমীয়া জাতি সদায় জীয়াই থাকিব৷’
স্বর্ণকন্যা হিমা দাসে আৰু কয়, ‘অসমৰ চাহ বিখ্যাত৷ অসম আগতেই বিখ্যাত আছিল৷ আমাৰ মাজুলী আছে, কাজিৰঙা আছে৷ অসম কোনো কাৰণে পিছ পৰা নহয়৷ অসম বহুত ওপৰত আছে৷ অৱশ্যে অসমৰ মানুহ বৰ আৱেগিক৷ আমাৰ খাদ্যৰ নিচিনা খাদ্য পৃথিৱীৰ ক’তো নাই৷ অসমলৈ অহা বিদেশী পর্যটকসকলে আমাৰ আহাৰ খুবেই ভাল পায়৷’ সংবাদ মাধ্যমক কৃতজ্ঞতা জ্ঞাপন কৰি এছিয়ান গেমছত ইতিহাস সৃষ্টি কৰা ক্রীড়াবিদগৰাকীয়ে কয়, ‘সাংবাদিকসকলে মোক বহুত সহায় কৰিলে৷ মোৰ বাতৰি বহুত প্রকাশ কৰিলে, তাৰ বাবে ধন্যবাদ৷
কিন্তু কেৱল মোৰ বাতৰি প্রকাশ কৰিলেই নহ’ব৷ অন্য বাতৰিও প্রকাশ কৰিব লাগিব৷ গাঁৱত লুকাই থকা প্রতিভাসমূহ চিনাক্ত কৰি উলিয়াই আনিব লাগিব৷’ ক্রীড়াৰ ক্ষেত্রত চৰকাৰে গ্রহণ কৰা আঁচনিৰ সুবিধাসমূহ গ্রহণ কৰিবলৈ নতুন খেলুৱৈসকলক আহবান জনাই ২০ অনূধর্ব বিশ্ব এথলেটিক৲ছ চেম্পিয়ন হিমাই কয়, ‘পইচাৰ বাবে খেলিছোঁ৷ নতুনসকলেও পইচাৰ বাবে খেলক৷ মেডেল আনক, ৫০ লাখ টকা লওক৷ খেলি লাভ কৰা টকাৰ কিন্তু সদ৲ ব্যৱহাৰ হ’ব লাগিব৷’ স্বর্ণকন্যা হিমাই কয়, ‘কাইলৈৰ পৰা আৰু সম্বর্ধনা নলওঁ৷
সম্বর্ধনা আজি ধিঙতে শেষ কৰিম৷ ঘৰত পৰিয়ালৰ সদস্যৰ লগত কথা পাতিম, বন্ধু-বান্ধৱীৰ লগত, আত্মীয়ৰ লগত কথা পাতিম৷ মাছৰ টেঙা জোলেৰে ভালকৈ ভাত খাম ঘৰত৷ সম্বর্ধনা বহুত পালোঁ, গামোচা বহুত পালোঁ, এতিয়া আশীর্বাদ কৰি থাকক৷’ খেলৰ ক্ষেত্রত এক জাগৰণ আনিব লাগিব বুলিও হিমাই মন্তব্য কৰে৷
স্বর্ণকন্যা হিমা দাসৰ এই ৰাজহুৱা সম্বর্ধনা অনুষ্ঠানত কেন্দ্রীয় ৰে’ল ৰাজ্য মন্ত্রী ৰাজেন গোহাঁই, জলসম্পদ মন্ত্রী কেশৱ মহন্ত, বিধায়ক ৰূপক শর্মা, শিলাদিত্য দেৱ, হিমাৰ পিতৃ ৰঞ্জিত দাস, মাতৃ জোনালী দাস, বৰদেউতাক সোণাৰাম দাস, বৰমাক পুষ্পলতা দাস, প্রশিক্ষক নিপন দাস, নৱজিৎ মালাকাৰ, চামছুল হক, বিশিষ্ট শিল্পী জে পি দাস, নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, ভাৰপ্রাপ্ত আৰক্ষী অধীক্ষক কংকন শইকীয়া, নগাঁও ক্রীড়া সংস্থাৰ বিষয়ববীয়াসকল, জিলা প্রশাসনৰ আন বিষয়াসকল উপস্থিত থাকে৷ কৃতী এথলেটিক৲ছগৰাকীক জিলা প্রশাসন আৰু নগাঁও ক্রীড়া সংস্থাই ফুলাম গামোচা, চেলেং, শৰাই, জাপি, ফুলৰ থোপা, স্মাৰক আদিৰে সম্বর্ধনা জনায়৷ আনহাতে, জিলা প্রশাসনে দৌৰবিদগৰাকীক এক লাখ টকা, নগাঁও ক্রীড়া সংস্থায়ো এক লাখ টকা, এন চি চিয়ে ২৫ হাজাৰ টকা প্রদান কৰে৷
আনহাতে, এই অনুষ্ঠানতে হিমাৰ পিতৃ-মাতৃ, বৰদেউতাক, বৰমাক, প্রশিক্ষকসকলকো সম্বর্ধনা জনোৱা হয়৷ ইপিনে, সম্বর্ধনা অনুষ্ঠানত ভাষণ দি ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোহাঁয়ে কয় যে হিমা দেশৰ গৌৰৱ৷ তেওঁ আগুৱাই যোৱাত চৰকাৰে সহায়-সহযোগিতা আগবঢ়াব৷ মন্ত্রী কেশৱ মহন্তই হিমাক লৈ এক দীর্ঘম্যাদী পৰিকল্পনা কৰাৰ বিষয়ে উল্লেখ কৰি কয় যে হিমাই প্রতিটো দিনতে উৎসাহ পাব লাগে৷
হিমাক উৎসাহিত কৰা উচিত৷ হিমা অলিম্পিকত জিলিকি উঠিব বুলিও তেওঁ কয়৷ আজি দুপৰীয়া ১২-৩০ বজাত অনুষ্ঠিত সম্বর্ধনা অনুষ্ঠানৰ আদৰণী ভাষণ দিয়ে জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ আজিৰ সম্বর্ধনা অনুষ্ঠানতে নগাঁও ক্রীড়া সংস্থাই নুৰুল আমিন ষ্টেডিয়ামৰ এথলেটিক৲ছৰ ৪০০ মিটাৰ ট্রেকটো হিমা দাসৰ নামেৰে নামকৰণৰ কথা ঘোষণা কৰে৷
আজিৰ সম্বর্ধনা অনুষ্ঠানতে স্বর্ণকন্যা হিমা দাসক নগাঁও জিলা প্রশাসন, নগাঁও ক্রীড়া সংস্থা, অসম হকী সন্থা, অসম ক্রিকেট সন্থা, নগাঁও জিলা অগপ, নগাঁও জিলা বিজেপি, নগাঁও লেখিকা সমাৰোহ, নগাঁও ইলেক৲ট্রনিক মিডিয়া এছ’চিয়েশ্যন, প্রেছ ক্লাব, নগাঁও মহাবিদ্যালয়কে ধৰি শতাধিক দল, সংগঠন, অনুষ্ঠান-প্রতিষ্ঠানে সম্বর্ধনা জ্ঞাপন কৰে৷ আজি হিমা গৃহজিলা নগাঁৱলৈ আহোঁতে গুৱাহাটী-নগাঁও পথৰ বিভিন্ন স্থানত হাজাৰ হাজাৰ লোকে আদৰণি জনায়৷ হিমা দাস জিন্দাবাদ ধবনিত মুখৰিত হয় জিলাখনৰ ৰাজপথ৷
স্ব-গৃহত প্রৱেশ কৰাৰ আগত জাপানৰ পৰা অনা এটি মূল্যৱান গছপুলি ৰোপণেৰে বটদ্রৱা থানত মূৰ দোঁৱালে হিমা দাসে ঃ ‘জগত গুৰু মহাপুৰুষ শ্রীশংকৰদেৱৰ আদর্শ আমি প্রত্যেকেই গ্রহণ কৰা উচিত৷ মই এখন সাংস্কৃতিকভাৱে সমৃদ্ধ গাঁৱত জন্মগ্রহণ কৰা ছোৱালী৷’ এই মন্তব্য অসম গৌৰৱ তথা স্বর্ণকন্যা হিমা দাসৰ৷
আজি জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ ৪৪৯ সংখ্যক তিৰোভাৱ তিথিৰ দিনটোত সদ্যসমাপ্ত এছিয়ান গেমছত তিনিটাকৈ পদকজয়ী হিমা দাসে স্ব-গৃহ কান্ধুলিমাৰীলৈ প্রত্যাৱর্তন কৰাৰ আগমুহূর্তত নগাঁও চহৰৰ পৰা পোনে পোনে জাতিৰ জনক গুৰুজনাৰ জন্মস্থান বটদ্রৱা থানৰ কীর্তন ঘৰত সেৱা গ্রহণ কৰে৷ গুৰু কীর্তন উপলক্ষে লোকাৰণ্য হোৱা বটদ্রৱা থানত বিৰ দি বাট নোপোৱা পৰিৱেশৰ মাজত সহস্রাধিক ভক্তৰ সৈতে একেলগে মূৰ দোঁৱাই মই আপ্লুত হৈ পৰিছোঁ৷
গুৰুজনাৰ শ্রীচৰণত মোৰ শতকোটি প্রণাম নিৱেদন কৰিছোঁ বুলিও হিমাই কয়৷ থানত সেৱা জনোৱাৰ পাছতে স্বর্ণকন্যাই বটদ্রৱা থানত ৰোপণ কৰাৰ মানসেৰে জাপানৰ পৰা কঢ়িয়াই অনা এটা মূল্যৱান তথা দুষ্প্রাপ্য গছৰ পুলি টেম্বুৱানী জানৰ সমীপত নিজ হাতে ৰোপণ কৰে৷ বটদ্রৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা কার্যালয়ত অসম এক্সপ্রেছ স্বর্ণকন্যা হিমা দাসক কুঁহিলাৰ কঠ, ধর্মবস্ত্র, শৰাই আৰু গ্রন্থৰ টোপোলাৰে সম্বর্ধনা জনোৱা হয়৷
সহকাৰী সম্পাদক ইন্দ্রমোহন বৰুৱাই আঁতধৰা অনুষ্ঠানটোত পৰিচালনা সমিতিৰ কার্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সাধাৰণ সম্পাদক ব্রজেন কাকতী আদি বিষয়ববীয়াৰ উপৰি কার্যনির্বাহক সদস্যসকল উপস্থিত থাকে৷
থেকেৰাগুৰিৰ পৰা আছু, জিলা প্রশাসনে: ৰহাৰ নিজা বাতৰি দিওঁতা: গুৱাহাটীৰ পৰা ধিঙৰ কান্ধুলিমাৰীলৈ অহা হিমাক থেকেৰাগুৰিত নগাঁও জিলা প্রশাসনে আদৰণি জনাই আৰক্ষীৰ নিৰাপত্তাৰে নগাঁৱলৈ আনে৷ ৰহা আঞ্চলিক ছাত্র সন্থাৰ মটৰচাইকেল সমদলেৰে আদৰণি জনাই অনা হিমাক স্থানীয় থেকেৰাগুৰিৰ ৰাইজেও আদৰণি জনালে৷ নগাঁৱলৈ অহাৰ পথত ৰহা নতুন চাৰিআলিত আদৰণি জনালে বিভিন্ন দল-সংগঠনে৷ লোকাৰণ্য হৈ পৰিল ৰহা নতুন চাৰিআলি৷
জনসমাগমৰ মাজতেই ৰহা আঞ্চলিক ছাত্র সন্থা, ৰহা আঞ্চলিক সাংবাদিক সন্থা, ৰহা আঞ্চলিক মানৱ অধিকাৰ সংগ্রাম সমিতি, ৰহা আঞ্চলিক কর্মচাৰী পৰিষদ, তিৱা ছাত্র সন্থা, জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, ৰহা শাখা সাহিত্য সভা, ৰহা নগৰ সমিতি, কপিলী প্রাথমিক শিক্ষক সন্মিলনী, ৰূপকলা কেশৰী শাখা সাহিত্য সভা, সুন্দৰম শাখা সাহিত্য সভা, অসম অনুসূচিত জাতি পৰিষদ, অকণিৰ কবিতাঘৰ অসম, শংকৰদেৱ শিশু বিদ্যা নিকেতন, প্রাঞ্জল মেম’ৰিয়েল একাডেমি, ৰহা আদর্শ শিশু বিকাশ কেন্দ্র আদি বিভিন্ন দল-সংগঠনে কিনকিনীয়া বৰষুণৰ মাজতে হিমাক আদৰণি জনায়৷ ৰাইজৰ সমাগম দেখি হিমাই গাড়ীৰ পৰা হাত উলিয়াই ৰাইজক অভিবাদন জনোৱাৰ লগতে বহুতক কৰিলে কৰমর্দন৷
জন্মস্থানত ৰাজকীয় অভিনন্দন: ধিঙৰ নিজা বাতৰি দিওঁতা: হিমা দাস আজি বিয়লি জন্মস্থান ধিঙত উপস্থিত হোৱাৰ লগে লগে বৃহত্তৰ অঞ্চলটোত অধীৰ অপেক্ষাত থকা বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানৰ লগতে স্থানীয় অগণন গুণমুগ্ধ, শুভাকাংক্ষীৰ মাজত সীমাহীন আনন্দ-উল্লাসে বিৰাজ কৰে৷ ইণ্ডোনেছিয়াৰ জাকার্ত সদ্যসমাপ্ত এছিয়ান গেমছত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা স্বর্ণকন্যা হিমা দাসক প্রায় চাৰি-পাঁচ মাহৰ পাছত লগ পাই ধিং আছুৰ লগতে স্থানীয় বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক দল, সংগঠন, বিভিন্ন শিক্ষানুষ্ঠান আৰু সামাজিক অনুষ্ঠান-প্রতিষ্ঠানকে ধৰি শত-সহস্রজন আনন্দত আত্মহাৰা হৈ পৰে৷ কেৱল হিমা হিমা হিমা ধবনিৰে ধিঙৰ আকাশ-বতাহ মুখৰিত কৰি তোলে৷
‘মই ৰাজ্যবাসীৰ পৰা অভিনন্দন তথা সম্বর্ধনা লোৱা নাই, গ্রহণ কৰিছোঁ কেৱল ৰাইজৰ নিঃস্বার্থ মৰম আৰু আশীর্বাদ’– এই মন্তব্য স্বর্ণকন্যা হিমা দাসৰ৷ ধিং আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু স্থানীয় বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্রতিষ্ঠান আৰু ৰাইজৰ সহযোগত ধিঙৰ সু-সন্তান হিমা দাসক অভিনন্দন জনোৱাৰ উদ্দেশ্যে ধিং মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত আয়োজিত এক বিশাল অভিনন্দন অনুষ্ঠানত হিমাই অংশগ্রহণ কৰি কয় যে এসময়ত শেৱালি কবি ৰত্নকান্ত বৰকাকতীয়ে ধিঙক চিনাকি দিছিল আৰু আজি মই খেলৰ জৰিয়তে বিশ্বৰ বুকুত ধিঙক পুনৰ প্রতিষ্ঠা কৰাৰ প্রয়াস কৰিছোঁ৷
ৰাজ্যখনক গীতৰ জৰিয়তে বিশ্বৰ বুকুত প্রতিষ্ঠা কৰা ড০ ভূপেন হাজৰিকা ধিং এক্সপ্রেছ হিমা দাসৰ হূদয়ত থকাৰ কথা কৈ জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মভূমি আৰু আদিলীলা ভূমি তথা আলিপুখুৰী পাটেকীবড়ী আৰু বটদ্রৱাৰ মধ্যস্থল ধিঙত জন্মগ্রহণ কৰি নিজকে ধন্য হোৱা বুলি ব্যক্ত কৰে৷
অভিনন্দন অনুষ্ঠানত ধিং আছু, ধিং শাখা অসম সেনা, ধিং আঞ্চলিক যুৱ পৰিষদকে ধৰি ধিঙৰ শতাধিক দল-সংগঠন, অনুষ্ঠান-প্রতিষ্ঠানকে ধৰি স্থানীয় বিভিন্নজনে গামোচা, শৰাই, জাপি, আৰু অভিনন্দন-পত্রৰে শুভেচছা তথা সম্বর্ধনা জ্ঞাপন কৰে৷ তিনি সহস্রাধিক লোকে অংশগ্রহণ কৰা উক্ত অনুষ্ঠানত সকলোকে ধন্যবাদ জ্ঞাপন কৰি জাতীয় সংগীতেৰে ভাষণ সামৰি দৌৰৰাণী হিমা নিজগৃহ অভিমুখে ৰাওনা হয়৷