থানাত গোচৰ : তদন্তৰ দাবী আমছুৰ, সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা বিভিন্ন দল-সংগঠনৰ
বৰপেটা : বৰপেটা জিলাৰ হাউলীৰ ইটাৰভিটা মিলনজ্যোতি মহাবিদ্যালয়ৰ এগৰাকী প্ৰৱক্তাৰ দ্বাৰা আন এগৰাকী প্ৰৱক্তাক যৌন নিৰ্যাতনৰ বলি হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।জানিব পৰা মতে বৰপেটা সমষ্টিৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত হাউলীৰ ইটাৰভিটা মিলনজ্যোতি মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ প্ৰৱক্তা মেহবুব দৌলাহ আহমেদে জনৈক খানম নামৰ প্ৰৱক্তা এগৰাকীৰ লগত অবৈধ প্ৰেমৰ ছলনাৰে কেইবাবাৰো যৌন চৰিতাৰ্থ কৰা বুলি গুৰুতৰ অভিযোগ উঠিছে।
উল্লেখ্য যে বিগত দুই বছৰ ধৰি আহমেদে নানা ধৰণৰ প্ৰলোভন দেখুৱাই প্ৰৱক্তা গৰাকীক ভাল পোৱাৰ ছলনাৰে আকৃষ্ট কৰিবলৈ ধৰে, আনকি বিয়া কৰাৰো প্ৰতিশ্ৰুতি দিয়ে আৰু অন্য বিয়াৰ প্ৰস্তাৱ আহিলেও প্ৰৱক্তা আহমেদে বিভিন্ন বদনাম, অপমান দি বিয়া হ’বলৈ নিদিয়ে বুলি এজাহাৰ পত্ৰ খনত কোৱা হৈছে।এই ঘটনা সন্দৰ্ভত প্ৰৱক্তাগৰাকীয়ে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু অধ্যক্ষক এই বিষয়ে অৱগত কৰাৰ পিছতো কোনো কাৰ্যকৰী ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে।
উল্লিখিত ঘটনা সন্দৰ্ভত ইতিমধ্যে মিলনজ্যোতি মহাবিদ্যালয়ৰ প্ৰৱক্তা মেহবুব দৌলাহ আহমেদ আৰু অধ্যক্ষ মোজাম্মিল হ’কৰ বিৰুদ্ধে হাউলী আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ৪২০/৩৭৬/৩৪ ধাৰাত ৪০৩/২০১৮ নম্বৰৰ এটি গোচৰ ৰুজো কৰিছে ভূক্তভোগী প্ৰৱক্তা গৰাকীয়ে। উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰপেটা জিলা আমছুৰ সভাপতি নজৰুল ইছলাম আৰু উপ সভাপতি আব্দুল জুব্বাৰ আলীয়ে প্ৰশাসনৰ ওচৰত দাবী জনাইছে।
বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ মিলনজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষৰ
বৰপেটা জিলাৰ হাউলীৰ ইটাৰভিটা মিলনজ্যোতি মহাবিদ্যালয়ৰ এগৰাকী প্ৰৱক্তাৰ দ্বাৰা আন এগৰাকী প্ৰৱক্তাৰ যৌন নিৰ্যাতনৰ অভিযোগৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা হাউলীস্থ নিউজ টাইম আসামৰ সাংবাদ দাতা আনিছুজ জামানক মহাবিদ্যালয়খনৰ অধ্যক্ষ বাবলুৰ ৰহমানে আজি দিনৰ ১-৩০ বজাত শাৰিৰীকভাৱে অপদস্থ কৰাৰ লগতে সংবাদদাতাগৰাকীৰ মোবাইলখন কাঢ়ি লৈ যায়। এই সংক্ৰান্তত অধ্যক্ষ বাবলুৰ ৰহমানৰ বিৰুদ্ধে হাউলী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। উক্ত সাংবাদিকগৰাকীক আক্ৰমণ কৰা ঘটনাক বৰপেটা জিলা আমছুৰ সভাপতি নজৰুল ইছলাম, বৰপেটা জিলা সাংবাদিক সন্থাৰ সভাপতি নজৰুল ইছলাম, হাউলী প্ৰেছ ক্লাবৰ সম্পাদক নাৰায়ণ গোস্বামী , সাংবাদিক পেঞ্চনাৰ ৰত্নেশ্বৰ তালুকদাৰ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ যুটীয়া সম্পাদক ৰূপম নাথ আদিয়ে গৰিহণা দিয়াৰ লগতে অহা চৌব্বিশ ঘন্টাৰ ভিতৰত আচামীক কৰায়ত্ব কৰিবলৈ দাবী জনায়।অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনসমূহে।