গুৱাহাটী : ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী পুনৰবাৰ উত্থাপন কৰিলে আঞ্চলিক দল অগপই৷ হিন্দু- বাংলাদেশী সংস্থাপিত কৰাৰ স্বার্থত নাগৰিকত্ব সংশোধনী বিধেয়ক সোনকালে আইনত পৰিণত কৰাৰ পক্ষত থিয় দিছিল বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহ৷
৮ আৰু ৯ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্রীয় কার্যনির্বাহক সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিতে অমিত শ্বাহে উক্ত মন্তব্য কৰিছিল৷ অমিত শ্বাহৰ সেই মন্তব্যক লৈ অসমত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ মাজতে আজি অগপৰ বিধায়িনী দলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰে৷
পূর্বে কেইবাবাৰো বিষয়টোক লৈ অগপই দিল্লী-দিছপুৰত বিৰোধিতা কৰি অহাৰ পাছত আজি দলটোৰ সভাপতি তথা মন্ত্রীসভাৰ সদস্য অতুল বৰাৰ নেতৃত্বত অগপৰ বিধায়িনী দলটোৱে প্রায় ডেৰ ঘণ্টা ধৰি মুখ্যমন্ত্রীৰ লগত আলোচনা কৰি বিধেয়কখনৰ তীব্র বিৰোধিতা কৰে৷ নিশা প্রায় ৮ বজালৈ হোৱা আলোচনাত অগপৰ বিধায়িনী দলে পুনৰ স্পষ্ট কৰি দি মুখ্যমন্ত্রীক জনাই যে কোনো কাৰণতে অসম চুক্তিক কুঠাৰাঘাত কৰি হিন্দু-বাংলাদেশীক সংস্থাপনৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’ব নিদিয়ে৷
কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কেই নহয়, অসম চুক্তিত আঘাত হনা কোনো কামকে অগপই সমর্থন নকৰে বুলি স্পষ্ট কৰে৷ যদি এইক্ষেত্রত অগপৰ প্রতিবাদক গুৰুত্ব নিদিয়ে তেন্তে অগপই নিজে নিজৰ স্থিতি ল’ব বুলিও সকীয়াই দিয়ে৷ আলোচনাত এন আৰ চিত বিদেশীৰ নাম অন্তর্ভুক্ত হোৱা আৰু ভাৰতীয়ৰ নাম বাদ পৰা বিষয়টোও অগপৰ বিধায়িনী দলে উত্থাপন কৰে৷ এন আৰ চি শুদ্ধ নহ’লে বিদেশীয়ে ভাৰতীয় হোৱাৰ সুযোগ পাব বুলিও মুখ্যমন্ত্রীৰ দৃষ্টিগোচৰ কৰায়৷
ৰাজ্যৰ বিদেশী সমস্যৰ লগতে উন্নয়নমূলক কাম-কাজ সন্দর্ভতো আলোচনা হয়৷ বিভিন্ন জটিলতাৰ বাবে বহু সমষ্টিত উন্নয়নমূলক কাম-কাজ ভবাধৰণে আগ নবঢ়া বুলি কেইবাজনো বিধায়কে মুখ্যমন্ত্রীৰ দৃষ্টিগোচৰ কৰায়৷ বিশেষকৈ পর্যাপ্ত পুঁজিৰ অভাৱত বহু সমষ্টিত আঁচনি ৰূপায়ণত বিধায়কসকল সমস্যাৰ সন্মুখীন হোৱাৰ কথা মুখ্যমন্ত্রীৰ দৃষ্টি আকর্ষণ কৰে৷ সমষ্টিৰ উন্নয়ন নহ’লে পঞ্চায়ত আৰু লোক সভাৰ নির্বাচনত বিৰোধীয়ে সুযোগ পাব বুলি অগপৰ বিধায়িনী দলে আশংকা ব্যক্ত কৰে৷
অগপৰ বিধায়িনী দলে উত্থাপন কৰা প্রতিটো বিষয়ত মুখ্যমন্ত্রীয়ে গুৰুত্ব দি উন্নয়নমূলক কাম-কাজত বাধা নপৰাকৈ আগবঢ়াই নিয়াৰ প্রতিশ্রুতি দিয়ে৷ ইফালে আজিৰ আলোচনাত বিধানসভাৰ আগন্তুক অধিৱেশন সন্দর্ভতো কিছু আলোচনা হয়৷