# বাওঁগণতান্ত্রিক দলৰাে ধৰ্ণা-সমদল# ঠায়ে ঠায়ে আৰক্ষীৰে কংগ্ৰেছীৰ খণ্ডযুদ্ধ, ৰেল অৱৰােধ
# নগাঁৱত ৰকিবুল, খুমটাইত বিস্মিতা, মৰাণত জীৱনতাৰা, নামৰূপত প্রণতি ফুকন, মৰিয়নীত ৰূপজ্যোতিসহ বহু নেতাকর্মীক গ্রেপ্তাৰ
গুৱাহাটী : পেট্রল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটীকে ধৰি বাওঁ দলসমূহে আজি আহ্বান দিয়া ভাৰত বন্ধত স্তব্ধ হ’ল অসমৰ জনজীবন।
বিশেষকৈ সোমবাৰে পুৱাৰে পৰা এইবন্ধ সফল কৰাৰ বাবে ৰাজ্যৰ ৰাজপথত নামিল প্রদেশ কংগ্ৰেছৰ নেতৃত্মর্গতথা দলটোৰ কৰ্মীসকল। দেওবাৰৰ পৰা কংগ্ৰেছে বন্ধ সফল কব্বিলৈ বৃহৎ প্রস্তুতি চলােৱাৰ পিচত আজি পুৱাৰে পৰা দোকান-পােহাৰ, যানবাহন চলাচল বন্ধ কৰ্ষিলৈ দলটোৰ নেতা-কর্মীসকলে ৰাজপথত টায়াৰ জ্বলাই, পিকেটিং কৰি প্রতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ কৰ্মীয়ে ৰে’লপথ অৱৰােধ কৰাৰ ফলত সোমবাৰে ৰাজ্যখনৰ ৰেল যাতায়াতাে বিঘ্নিত হয়। ঠায়ে ঠায়ে কংগ্ৰেছৰ নেতা কর্মী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধও হয়। বন্ধ সফল কৰাৰ বাবে ৰাজপথত নমা একাংশ কংগ্ৰেছ কর্মী আৰু বিজেপিৰ সমর্থকৰ মাজত কেতবােৰ স্থানত সংঘাত, মাৰপিটৰ ঘটনাও ঘটিছে। অৱশ্যে বেছিভাগ স্থানতে পেট্রলডিজেলৰ মূল্যবৃদ্ধিৰ গইনা লৈ বিজেপিৰ বিৰুদ্ধে শ্ল’গান দি ৰাজপথতনমা কংগ্ৰেছৰ কেশ নেতাকর্মীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।
ৰাজধানী দিছপুৰত গ্রেপ্তাৰ হৈছে এ আই চি চিৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্ৰেছৰ তত্ত্বাবধায়ক হৰিশ ৰাৱাট, প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, যুৱ নেতা গালিব ইছলামসহ শতাধিক নেতাকর্মী। নগাঁৱত প্রাক্তন মন্ত্রী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, নামৰূপত প্রাক্তন মন্ত্রী প্রণতি ফুকন, হােজাইত প্রাক্তন মন্ত্রী অর্ধেন্দু দে, মাজুলীত প্রাক্তন মন্ত্রী ৰাজীৱ লােচন পেগু, মৰাণত কংগ্ৰেছ নেত্রী জীৱনতাৰা ঘাটোৱাৰ, খুমটাইত প্রাক্তন মন্ত্রী বিস্মিতা গগৈ, মৰিয়নীত বিধায়ক ৰূপজ্যোতি কুৰ্মী, তেজপুৰত প্রাক্তন মন্ত্রী বসন্ত দাসসহ কংগ্ৰেছৰ শতাধিক নেতাকর্মীক বন্ধৰ সময়ছোৱাত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।
উত্তৰ অসম, পশ্চিম অসম আৰু বৰাক উপত্যকাতাে আৰক্ষীয়ে কেইবাজনাে কংগ্ৰেছ নেতা-কর্মীক গ্রেপ্তাৰ কৰিছে। ৰাজধানী গুৱাহাটীত পুৱা প্রথমে দিছপুৰ লাষ্টগেটত মানরেন্দ্র শর্মা চৌহদত কংগ্রেছৰ নেতা-কর্মীসকল সমবেত হয়। প্রাক্তন বিধায়ক অকণ ৰাৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে প্রথমে মানবেন্দ্র শর্মা চৌহৃদৰ সন্মুখত অৱস্থন কৰি চিটিবাছ আৰু ব্যক্তিগত যানবাহন চলাচল বাধা দিয়ে। কংগ্ৰেছে আহ্বান দিয়া ভাৰত বন্ধক লৈ অৱশ্যে আজি পুৱাৰে পৰা ৰাজধানী চহৰখনত যানবাহন চলাচল আছিল তেনেই সেৰেঙা। ইয়াৰ মাজত যি দুইএখন গাড়ী চলিছিল সেয়াও কংগ্ৰেছৰ নেতাকর্মীসকলে মানবেন্দ্র শর্মা চৌহদৰ সন্মুখত বাধা দিয়াৰ চেষ্টা কৰে। লগে লগে সেই স্থানত আৰক্ষীৰ দল উপস্থিত হৈ কংগ্ৰেছৰ প্রতিবাদকাৰীসকলক গ্রেপ্তাৰৰ চেষ্টা চলায় যদিও পথছােৱা মুকলি কৰি দিয়াত আৰক্ষী আঁতৰি যায়। ইয়াৰ পিচষ্ট্রে মানবেন্দ্র শর্মা চৌহদত উপস্থিত হয় কংগ্ৰেছৰ নেতা হৰিশ ৰাৱাট,ৰিপুণ বৰা, প্রাক্তন সাংসদ দ্বিজেন শর্মা, প্রাক্তন মন্ত্রী শৰৎ বৰকটকী, বিধায়ক ৰেকিবুদ্দিন আহমেদ, গালিব ইছলাম প্রমুখ্যে প্রদেশ কংগ্ৰেছৰ নেতৃবর্গ।
দিনৰ প্রায় ১২ বজাত হৰিশ ৰাৱাট আৰু ৰিপুণ বৰাৰ নেতৃত্বত প্রদেশ কংগ্রেছৰ নেতা কর্মীসকলে জনতা ভবন অভিমুখে পিকেটিং আৰম্ভ কৰে। এই পিকেটিঙত আছিল দিছপুৰৰ প্রাক্তন বিধায়ক অকণ বৰা, ৰেকিবুদ্দিন আহমেদ, দ্বিজেন শর্মা, গালিব ইছলাম, মহিলা কংগ্ৰেছৰ সভানেত্রী শেহনাজ য়াছমিন, ববিতা শর্মা, কল্যাণ গগৈ, ৰঞ্জন বৰা, শৈলেন, জোনাকী বৰগােহঁই প্ৰমুখ্যে প্রদেশ কংগ্রেছৰ নেতৃকর্ণ। মানবেন্দ্র শর্মা চৌহদৰ পৰা ওলােৱা পিকেটিংকাৰীসকলে ছুপাৰ মার্কেট হৈ জি এছ ৰােডত উপস্থিত হােৱাৰ পিচত দিছপুৰ জনতা ভৱন অভিমুখে ঢাপলি মেলে।
নৰেন্দ্ৰ মােডী আৰু বিজেপিবিৰােধী শ্ল’গান দি আগবঢ়া কংগ্ৰেছৰ প্রবািদকাৰীসকলক বাধা দিবলৈ দিছপুৰ থানাৰ সমীপত আৰক্ষীয়ে জি এছ ৰােডৰ ওপৰত বেৰিকেড লগাই সষ্টম হয়। কিন্তু কংগ্ৰেছৰ প্রতিবাদকাৰীসকলে বেৰিকেড ওফৰাই আগবঢ়াত আৰক্ষীৰ সৈতে সূত্রপাত হয় খণ্ডযুদ্ধ। তৎসত্ত্বেও প্রদেশ কংগ্ৰেছৰ সভাপতি বিপুণ বৰাসহ দলটোৰ নেতা কর্মীসকলে জনতা ভৱনৰ ওচৰ পাবলৈ ধৰােতেই জি এছ ৰােডত পুনৰ আৰক্ষীয়ে বাধা দিয়ে। সেই বাধা ওফৰাই প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকী আগবাঢ়োতেই আৰক্ষীৰ সৈতে পুনৰ কংগ্ৰেছ প্রতিবাদকাৰীসকলৰ খণ্ডযুদ্ধ হয়। এনেদৰেই জনতা ভৱনৰ সন্মুখত উপস্থিত হােরা প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ৰাজপথত অৱস্থান কত যুৱ কংগ্ৰেছৰ আন এটা দলে জি এছ ৰােডৰ আনটো দিশত অরস্থান কৰি যান বাহনৰ চলাচলত বাধা দিয়ে। লগে লগে আৰক্ষীয়ে প্রতিবাদকাৰীসকলক গ্রেপ্তাৰ কৰিবলৈ খেদি অহাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
অৱশ্যে হৰিশ বাৱাট, ৰিপুণ বৰা, গালিব ইছলাম প্ৰমুখ্যে কংগ্ৰেছ নেতাকর্মীসকলক আৰক্ষীয়ে সেই স্থানত গ্রেপ্তাৰ কৰি তিনিখন বাছত তুলি বশিষ্ঠ থানালৈ লৈ যায়। মুঠৰ ওপৰত কংগ্ৰেছৰ ভাৰত বন্ধক লৈ দিছপুৰৰ চৌদিশে আজি আৰক্ষী কংগ্ৰেছ কৰ্মীৰ মাজত কেইবাবাৰাে সংঘাতৰ সুচনা হয়। বশিষ্ঠ থানাত আবদ্ধ কৰি ৰখা কংগ্রেছ নেতাকর্মীসকলে আৰক্ষীৰ এই কার্যক নিন্দা কৰাৰ লগতে প্রদেশ কংগ্রেছৰ তত্ত্বাবধায়ক হৰিশ ৰাৱাটে বিজেপি তথা সােণােৱাল চৰকাৰৰ জনবিৰােধী নীতিক সমালােচনা কৰি কয় যে চৰকাৰখনে বিৰােধী দলৰ গণতান্ত্রিক প্রতিবাদ অধিকাৰাে খর্ব কৰিছে।
বন্ধৰ সময়ছােৱাত লখিমপুৰ বিহপুৰীয়াত আৰক্ষীয়ে ২৫ জন বন্ধ সমর্থক গ্রেপ্তাৰ কৰে। ধেমাজিৰ মাছখােৱাত ৯ জন, কুৱাখনাত ৬৩ জন, চিলাপথাৰত ১১ জন, গােগামুখত ১২ জন আৰু লখিমপুৰত ২২ জন বন্ধ সমর্থকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।
তামাৰহাটত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক, টায়াৰ জ্বলাই প্ৰতিবাদ যুৱ কংগ্ৰেছৰ
তামাৰহাট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বাধীন দৰিদ্ৰ বিৰোধী বিজেপি চৰকাৰৰ আমোলত পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ উদ্যোগত আহ্বান জনোৱা আজি ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে ধুবুৰী জিলাৰ তামাৰহাটতো। এই বন্ধত যান-বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ থকাৰ লগতে তামাৰহাট, হাতীধুৰা ,কুমাৰগঞ্জ আদি কৰি অঞ্চলটোৰ সমূহ হাট-বজাৰ বন্ধ থকা পৰিলক্ষিত হয়। ইয়াৰ উপৰিও তামাৰহাটত কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মঞ্জুৰ আলম, কোকৰাঝাৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি শহৰ আলী সৰকাৰ আৰু ২৮ নং গোসাইগাওঁ বিধানসভা সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি ছাঁদ্দাম হুছেইন প্ৰধানীৰ উপস্থিতৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে বালাজানৰ পৰা গোসাইগাঁও যোৱা গড়কাপ্তানী পথছোৱাৰ ওপৰত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি যুৱ কংগ্ৰেছ জিন্দাবাদ, মূল্য বৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায় , সৰ্বানন্দ সোণোৱালৰ গো বেক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।
ইফালে ঘটনাস্থলীত তামাৰহাট আৰক্ষীয়ে উপস্থিত হৈ প্ৰতিবাদ কাৰীক ছত্ৰভংগ দিয়াত প্ৰতিবাদ কাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আনহাতে থানাখনৰ অন্তৰ্গত হাতীধুৰা বজাৰত একাংশ প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিবলৈ লওঁতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তিনিটাকৈ টায়াৰ জব্দ কৰি লৈ যায়। উল্লেখ্য যে বাতৰি লিখা পৰলৈকে তামাৰহাট আৰক্ষীয়ে এজনো প্ৰতিবাদ কাৰী বন্ধ সমৰ্থকক আটক কৰা নাই।
বৰপেটাতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক : কংগ্ৰেছ নেতা আব্দুৰ ৰহিম খানসহ বহু বন্ধ সমৰ্থকক আটক
বৰপেটা : বৰপেটা জিলাৰ সৰ্বত্ৰে ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে৷ জিলা সদৰ বৰপেটা চহৰত সৰ্বাত্মকভাৱে বন্ধৰ প্ৰভাৱ পৰিছে৷ চহৰখনৰ সকলোবোৰ দোকান, পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ হৈ আছে৷
ইপিনে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি জিলাখনৰ সকলোবোৰ পথতে ব্যৱসায়িক যান বাহনৰ লগতে ব্যক্তিগত বাহনসমুহৰ চলাচলো বন্ধ আছে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাসৰ গৃহচহৰ বৰপেটা ৰোডতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক প্ৰভাৱ পৰিছে৷ চহৰখনৰ সকলোবোৰ দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে যানবাহনৰ চলাচল বন্ধ আছে৷ একেদৰে সৰভোগ, হাউলী, বহৰি, বাঘবৰ আদিতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ বৰপেটাৰ কালঝাৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে বৰপেটা জিলা কংগ্ৰেছে৷ বৰপেটাৰ কংগ্ৰেছ সভাপতি শান্তনু শৰ্মা, সম্পাদক মিজানুৰ ৰহমান, মহিলা কংগ্ৰেছৰ সভান্ত্ৰী আঞ্জুৱাৰা বেগমৰ নেতৃত্বত ঘাইপথ অৱৰোধ কংগ্ৰেছৰ৷ ইপিনে বৰপেটাৰ মাজদিয়াত বৰপেটা-গুৱাহাটী পথ অবৰোধ কৰি যান বাহনৰ চলাচলত বাধা প্ৰদান কৰে কংগ্ৰেছ কৰ্মীসকলে৷
জিলাখনৰ ঠায়ে ঠায়ে বন্ধ সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে৷ বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা আব্দুৰ ৰহিম খানসহ শতাধিক বন্ধ সমৰ্থকক হাউলী আৰক্ষীয়ে আটক কৰি হাউলী থানা চৌহদত আৱদ্ধ কৰি ৰাখে৷ একেদৰে বৰপেটাৰোডতো বন্ধ সমৰ্থকক আটক আৰক্ষীৰ৷ বৰপেটাৰোড চহৰত ১২ গৰাকী বন্ধ সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে৷ কংগ্ৰেছ আৰু চিপিআই (এম)ৰ বন্ধ সমৰ্থক ৯ গৰাকী চিপিআই (এম) আৰু ৩ গৰাকী কংগ্ৰেছ সমৰ্থকক আটক কৰিছে বৰপেটাৰোড আৰক্ষীয়ে৷ বন্ধ সমৰ্থকক আটকৰ জৰিয়তে চৰকাৰে গনতন্ত্ৰৰ কন্ঠ ৰূদ্ধ কৰিব বিচাৰিছে বুলি অভিযোগ তোলে আব্দুৰ ৰহিম খানে৷
মন্দিয়া, জনীয়া আদি ঠাইত ভাৰত বন্ধৰ সর্বাত্মক প্রভাৱ : টায়াৰ জ্বলাই বিক্ষোভ, প্রধানমন্ত্ৰীৰ পুত্তলিকা দাহ
মন্দিয়া : সমগ্ৰ দেশৰ লগতে আজি বৰপেটা জিলাৰ মন্দিয়াৰ বিভিন্ন প্রান্তৰ মেধিৰটাৰী, কান্দাপাৰা, গাগলমাৰী, ভাতকুছি, যতিগাঁও, জনীয়া, কাদং, জাহােৰপাম, কপােহা, সত্ৰকণৰা, মিলিজুলি, দিঘিৰপাম, দংৰাৰ লগতে বাঘবৰ আৰু জনীয়া সমষ্টিৰ আদি ঠাইসমূহত যাতায়ত আৰু দোকান পােহাৰৰ লগতে সমগ্র বিদ্যালয়, মহাবিদ্যালয় ব্যৱসায়ী প্রতিষ্ঠান সকলাে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে।বন্ধৰ সমর্থক সকলে মন্দিয়া আৰু জনীয়া বজাৰত টায়াৰ জ্বলাই প্রতিবাদ সাব্যস্ত কৰাৰ লগতে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ পুত্তলিকা দাহ কৰি কংগ্ৰেছ কর্মী সকলে কেন্দ্ৰী আৰু ৰাজ্যৰ বি জে পি নেতৃত্বধীন চৰকাৰৰ জন বিৰােধী নীতিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তােলে।