Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:16 pm

Home » আঞ্চলিক » হাউলীৰ বালাভিটাত কৃষকৰ মাজত স্প্ৰে মেচিন বিতৰণ বিপিএফৰ জিলা কোষাধ্যক্ষ আব্দুল ৰৌফৰ

হাউলীৰ বালাভিটাত কৃষকৰ মাজত স্প্ৰে মেচিন বিতৰণ বিপিএফৰ জিলা কোষাধ্যক্ষ আব্দুল ৰৌফৰ


বৰপেটা : বি টি এ ডিৰ ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ এম,চি,এল গৌতম দাসৰ সহযোগত আৰু বৰপেটা জিলা বিপিএফৰ কোষাধ্যক্ষ আব্দুল ৰৌফৰ উদ্যোগত দলটোৰ কলহভাংগা গাঁও পঞ্চায়তৰ প্ৰাইমাৰী কমিটিয়ে আজি ৰাতি পুৱা আঠ বজাত এখন বিতৰণ কাৰ্যসূচী হাতত লয়। উক্ত বিতৰণ কাৰ্যসূচীত কলহভাংগা পঞ্চায়ত এলেকাৰ ৰায়পুৰ,বালাভিটা,যশিহাটী,ভালুকি আদি গাঁৱৰ দৰিদ্ৰ কৃষক সকলৰ মাজত প্ৰায় ৩০ খনকৈ স্প্ৰে মেচিন বিতৰণ কৰা হয় | উক্ত সভাত বৰপেটা জিলা বি,পি,এফৰ কোষাধ্যক্ষ আব্দুল ৰৌফে দুখীয়া শ্ৰেণীৰ কৃষকৰ মাজত উপস্থিত থাকি উক্ত অঞ্চল সমূহৰ কৃষকলৈ এটাকৈ স্প্ৰে মেচিন আগবঢ়ায়।লগতে দলটোৰ বৰপেটা জিলাৰ উপ সভাপতি মোজাম্মিল হ’ক কলহভাংগা গাঁও পঞ্চায়তৰ প্ৰাইমাৰী বি,পি,এফৰ সভাপতি ইকবাল হুছেইন,সম্পাদক মতিউৰ ৰহমান,উপ সভাপতি আলাল উদ্দিন,খাইৰুল ইছলামকে আদি কৰি ভালেমান বিশিষ্ট ব্যক্তি সকলে এই কাৰ্যসূচীত উপস্থিত থাকি কৃষক সকলক সকাহ প্ৰদান কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি