মৰিগাঁও : ডিজেল, পেট্রল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্রীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে কংগ্রেছে আহবান জনোৱা ভাৰত বন্ধৰ প্রভাৱ মৰিগাঁও জিলাৰ মৈৰাবাৰীতো পৰে যদিও একাংশ বন্ধ-সমর্থকৰ উদ্ভণ্ডালিয়ে অতিষ্ঠ কৰে অঞ্চলবাসীক৷ মৈৰাবাৰী ব্লক কংগ্রেছৰ সভাপতি ছৰিফউদ্দিনৰ নেতৃত্বত ওলাই অহা কংগ্রেছ সমর্থকৰ লগতে একাংশ অপৰাধীয়েও প্রতিবাদত ভাগ লয়৷
এনে একাংশ অপৰাধীক লগত লৈ দলীয় কর্মীৰ সৈতে ব্লক কংগ্রেছৰ সভাপতিজনে একপ্রকাৰ গুণ্ডাগিৰি কৰে স্কুলসমূহত৷ পাঠদান আৰম্ভ হোৱাৰ সময়ত মৈৰাবাৰী আদর্শ বিদ্যালয়, মৈৰাবাৰী মাধ্যমিক বিদ্যালয়, মৈৰাবাৰী এম ই মাদ্রাছাকে ধৰি বহু স্কুলত প্রৱেশ কৰি ছাত্র-ছাত্রীসকলক শ্রেণীকোঠাৰ পৰা উলিয়াই ঘৰলৈ পথাই দিয়ে৷ ছাত্র-ছাত্রীসকলক লৈ আন্দোলন কৰাৰ ক্ষেত্রত বাধা থকাৰ পাছতো সংসদীয় গণতন্ত্রৰ বিশ্বাসী কংগ্রেছৰ দৰে এটা ৰাজনৈতিক দলৰ বন্ধৰ কার্যসূচীত ছাত্র-ছাত্রীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা কার্যক সকলোৱে একমুখে গৰিহণা দিছে৷
বিশেষকৈ একাংশ দাগী অপৰাধীয়েও অংশগ্রহণ কৰিছিল এই প্রতিবাদী কার্যসূচীত৷ ইফালে পেট্রল, ডিজেলৰ অত্যধিক দাম বৃদ্ধিৰ বিৰুদ্ধে বন্ধৰ আহবান কৰা এইসকল প্রতিবাদীয়ে পুৱাৰ ভাগৰ পৰা গাড়ী, মটৰ, বাইক আদিৰ চলাচলত ৰাস্তাত টায়াৰ জ্বলাই বাধা প্রদান কৰে যদিও বন্ধৰ সমর্থকসকলে নিজেই শতাধিক বাইক লৈ, পেট্রল পুৰি সমদল কৰা কার্যই হঁাহিয়াতৰ পাত্র কৰি তোলে প্রতিবাদীসকলক৷
হাজোৰ নিজা বাতৰি দিওঁতাই জনোৱা মতে, আজি হাজোত কংগ্রেছ দলৰ কর্মীসকলে হাজো-গুৱাহাটী পথৰ হাজো-সাতদলা, বৰুৱাবাৰী, বর্ণি আদিত টায়াৰ জ্বলাই পথ বন্ধ কৰাত পৰিস্থিতি উত্তেজনাময় হয়৷ হাজো সমষ্টিৰ বৰুৱাবাৰীত দিনৰ প্রায় বাৰ বজাত আৰক্ষী-অর্ধ সামৰিক বাহিনীৰ উপস্থিতিতে বন্ধৰ সমর্থকসকলে টায়াৰ জ্বলাই থকাৰ সময়ত বিজেপিৰ কর্মী আকাহাল ৰহমান (পুতুল আলী) বাইক চলাই আহি থকাৰ সময়তে বন্ধৰ সমর্থকসকলৰ লগত সংঘাতৰ সৃষ্টি হয়৷
অৱশেষত হতাহতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়৷ যাৰ ফলত বিজেপিৰ কর্মীগৰাকীয়ে হাজো আৰক্ষী থানাত মাৰপিট কৰা সম্পর্কত এজাহাৰ দাখিল কৰে৷ আনহাতে আৰক্ষীয়ে ৭জন বন্ধৰ সমর্থকক আটক কৰে৷ লগতে কংগ্রেছ কর্মীসকলেও তেওঁলোকক বিজেপি কর্মীয়ে মাৰপিট কৰা বুলি অভিযোগ কৰি এজাহাৰ দাখিল কৰে৷
কংগ্রেছৰ দাবী– আটক কৰা লোকক বিনাচর্তে মুক্তি দিয়ক৷ বিজেপিৰ কর্মীৰ দাবী– বিজেপি কর্মীক মাৰধৰ কৰা কংগ্রেছী লোকক গ্রেপ্তাৰ কৰক৷ আনহাতে আৰক্ষী থানাৰ সন্মুখতে কংগ্রেছ কর্মীসকলে নৰেন্দ্র মোদী মুর্বাদ, সর্বানন্দ সোণোৱাল হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, আটক কৰা কংগ্রেছ কর্মীক বিনাচর্তে মুক্তি দিয়ক আদি ধবনি দিয়ে৷