Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:38 pm

Home » আঞ্চলিক » শ্রেষ্ঠ প্রদর্শনৰ বাবে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানলৈ ৰাষ্ট্ৰীয় বঁটা

শ্রেষ্ঠ প্রদর্শনৰ বাবে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানলৈ ৰাষ্ট্ৰীয় বঁটা


গুৱাহাটী : ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্রণালয়ে দীনদয়াল অন্তোদয়া যােজনাৰ অধীনত প্রতিষ্ঠানিক গঠন আৰু সক্ষমতা বৃদ্ধি শিতানত উন্নত প্রদর্শনৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰীয় বঁটা অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানে লাভ কৰিবলৈ সক্ষম হৈছে।
এই উদ্দেশ্যে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়ােজিত এক জাকজমকীয়া অনুষ্ঠানত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানক ভাৰত চৰকাৰৰ মাননীয় গ্রামােন্নয়ন বিভাগৰ মন্ত্রী নৰেন্দ্র সিং টোমৰে গ্রামােন্নয়ন বিভাগৰ সচিব অমৰজিৎ সিনহা, যুটীয়া সচিব তথা দীনদয়াল অন্তোদয়া যােজনাৰ মুখ্য কাৰ্যবাহী বিষয়া অটল দুল্লুৰ উপস্থিতিত এই বঁটা প্ৰদান কৰে।
অসম ৰাজ্যিক জীৱিকা অভিযানৰ হৈ এই বঁটা গ্রহণ কৰে অভিযানৰ ৰাজ্যিক সঞ্চালিকা নন্দিতা হাজৰিকা, ৰৌজী কে বৰুৱা-ৰাজ্যিক প্রকল্প ব্যৱস্থাপক আৰু প্রকল্প ব্যৱস্থাপক খগেন দত্তই।
অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ তত্বাৱধানত বর্তমানলৈকে দুই লাখতকৈ অধিক আত্মসহায়ক গােট গঠন কৰাৰ লগতে এই আত্মসহায়ক গােটৰ উন্নত পর্যায়ৰ সংগঠন যেনে— গাঁও সংগঠন আৰু মণ্ডল পর্যায়ৰ সংগঠন গঠন কৰা হৈছে। সামূহিক এই সংগঠনসমূহক লাগতিয়াল সকলাে প্রশিক্ষণ প্রদান কৰি প্রতিষ্ঠানিক গাঁথনি উন্নত কৰাৰ লগতে দক্ষতা বৃদ্ধিৰ জৰিয়তে আত্ম-সংস্থাপিত হ’ব পৰাকৈ সকলােধৰণৰ সুবিধাও প্রদান কৰা হৈছে।
| হাতত লােৱা এই প্রয়াসৰ জৰিয়তে প্রশিক্ষিত সদস্যসকলে বহনক্ষমভাবে জীৱিকা নির্বাহত ব্ৰতীহৈ আত্মসংস্থাপনমূলক প্রতিষ্ঠানৰ ভেটি টনকিয়াল কৰি ভৱিষ্যত গ্রাম্য অসমৰ অর্থনৈতিক বুনিয়াদ সবল কৰি অসমৰ আর্থসামাজিক উন্নয়ন সঠিক বাটেৰে নিশ্চয় আগবঢ়াই নিবলৈ সক্ষম হব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি