Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:43 am

Home » আঞ্চলিক » শিমলুগুৰিত দিখৌ নদীৰ গৰা-খহনীয়াৰ স্থানত দুৰ্ঘটনা প্ৰতিৰোধৰ ব্যৱস্থা যুৱ ব্যৱসায়ীৰ

শিমলুগুৰিত দিখৌ নদীৰ গৰা-খহনীয়াৰ স্থানত দুৰ্ঘটনা প্ৰতিৰোধৰ ব্যৱস্থা যুৱ ব্যৱসায়ীৰ


নাজিৰা : নাজিৰা মহকুমাৰ শিমলুগুৰি-বিহুবৰ সংযোগী ৰমণী পথৰ কাষৰ দিখৌ নদীৰ গৰা-খহনীয়াৰ স্থানত কেইগৰাকীমান যুৱ ব্যৱসায়ীয়ে দুৰ্ঘটনা প্ৰতিৰোধৰ ব্যৱস্থা কৰি ৰাইজৰ সমাদৰ লাভ কৰিছে। মহকুমাটোৰ শিমলুগুৰি নগৰৰ ৰমণী পথৰ কাষত অৱস্থিত শিৱ মন্দিৰৰ সমীপতেই ভয়ংকৰ গৰা-খহনীয়াৰ ফলত দিখৌ নদী পথৰ নিচেই কাষ পোৱাহি বাবে পথটোৰে অহা-যোৱা কৰা সৰু-বৰ যান-বাহনসমূহৰ লগতে পথচাৰীয়েও শংকাৰে যাতায়াত কৰিব লগা হৈছিল। শিমলুগুৰি নগৰ সমিতি এলেকাৰ লগতে নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত দুৰ্ঘটনাৰ আশংকা থকা এই ঠাইটুকুৰাত প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ কাৰোৱে চেতনা নাজাগিল। আনকি উক্ত পথেৰেই প্ৰায় অহা-যোৱা কৰা সমষ্টিটোৰ জনপ্ৰতিনিধি গৰাকীৰ লগতে নগৰ সমিতিৰ বিষয়ববীয়াৰো দুৰ্ঘটনাৰ আশংকা থকা এই ঠাইটুকুৰা কোনো দিনেই চকুত নপৰিল।
অতি ভয়ংকৰ হৈ উঠা পথৰ কাষৰ এই স্থানত নিজৰ পকেটৰ ধন ভাঙি দুৰ্ঘটনা প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়ি আহিল কেইগৰাকীমান যুৱ ব্যৱসায়ী। চন্টক অঞ্চলৰ জ্যেষ্ঠ অধিবক্তা নেকিবুদ্দিন আহমেদৰ অনুৰোধ মৰ্মে ৰহদৈ আৰু শিমলুগুৰি অঞ্চলৰ যুৱ ব্যৱসায়ী ক্ৰমে সুৰেশ কোঁৱৰ, টনী বুঢ়াগোহাঁই, বিক্ৰম লাহন, মানস শইকীয়াই হাতে কামে লাগি নিজা পকেটৰ ধনেৰে পকী খুঁটা পুতি দুৰ্ঘটনা প্ৰতিৰোধৰ ব্যৱস্থা কৰে। যি কাম জনপ্ৰতিনিধি বা নগৰ সমিতিৰ তত্বাৱধানত হ’ব লাগিছিল, সেই কাম কেইগৰাকীমান যুৱ ব্যৱসায়ীয়ে কৰি দেখুওৱাত স্থানীয় লোকে তেওঁলোকক প্ৰশংসা কৰ‌িছে। যুৱ ব্যৱসায়ী কেইগৰাকীৰ প্ৰচেষ্টাত গঢ়ি তোলা দুৰ্ঘটনা প্ৰতিৰোধৰ ব্যৱস্থাই দৈনিক পথটোৰে অহা-যোৱা কৰা শ শ যান-বাহনৰ লগতে পথচাৰীক কিছু হ’লেও শংকামুক্ত কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি