Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:25 am

Home » আঞ্চলিক » প্রতীক হাজেলাৰ বিৰুদ্ধে সৰৱ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

প্রতীক হাজেলাৰ বিৰুদ্ধে সৰৱ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

গুৱাহাটী : এন আৰ চিৰ বাবে গ্রহণীয় ১৫খন নথিৰ ভিতৰত ৫খন নথি বাতিল কৰিবলৈ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই উচচতম ন্যায়ালয়ত শপতনামাযোগে আৱেদন কৰা কার্যত বিজেপিৰ ভেটিত কঁপনি তুলিছে৷
উক্ত নথি বাতিল হ’লেই বহুসংখ্যক প্রকৃত ভাৰতীয়ৰ নাম এন আৰ চিত অন্তর্ুক্ত নহ’ব বুলি শংকিত হৈ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ কর্ম-কাণ্ডক স্ব-বিৰোধী কার্যকলাপ বুলি অভিহিত কৰিছে ৰাজ্যিক বিজেপিয়ে৷ কেৱল তাতেই ক্ষান্ত নাথাকি প্রয়োজন সাপেক্ষে প্রতীক হাজেলাৰ কর্ম-কাণ্ডৰ বিৰোধিতা কৰি আইনৰ আশ্রয় লোৱা হ’ব বুলি ভাবুকি দিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে৷
উল্লেখযোগ্য যে ১৯৫১ চনৰ ৰাষ্ট্রীয় নাগৰিকপঞ্জী, ১৯৭১ চনৰ ভোটাৰ তালিকা, নাগৰিকত্বৰ নথি, শৰণার্থীৰ প্রমাণ-পত্র আৰু ৰেচন কার্ড– এই পাঁচবিধ নথি বাতিল কৰিবলৈ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই উচচতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল৷ শপতনামা দাখিলৰ পাছতেই আমছু, এ আই ইউ ডি এফ আদি দলে বিৰোধিতা কৰিছিল৷ কিন্তু শেহতীয়াকৈ বিৰোধিতা সবল ৰূপত উত্থাপন কৰিলে বিজেপি দলে৷
দিল্লীত অনুষ্ঠিত বিজেপিৰ কেন্দ্রীয় কার্যনির্বাহকত ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে বিষয়টো উত্থাপন কৰাৰ পাছত আজি কেইবাজনো বিধায়কক লগত লৈ গুৱাহাটীৰ ৰাজ্যিক কার্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ কর্ম-কাণ্ডক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ সংবাদমেল সম্বোধন কৰি সভাপতি দাসে প্রতীক হাজেলালৈ প্রশ্ন উত্থাপন কৰি কয় যে এন আৰ চিৰ নথিত যদি খেলিমেলি আছিল, তেন্তে চূড়ান্ত খচৰা প্রকাশৰ পূর্বে নথি বাতিলৰ কথা কিয় উত্থাপন নকৰিলে?
এতিয়া চূড়ান্ত খচৰা প্রকাশৰ পাছত কাৰ লগত আলোচনা কৰি হাজেলাই পাঁচবিধ নথি বাতিল কৰিবলৈ শপতনামা দাখিল কৰিলে বুলি প্রশ্ন কৰে৷ ৰাজ্যৰ জনতাক অন্ধকাৰত ৰাখি হাজেলাই উক্ত কাম কৰাৰ কথা উল্লেখ কৰি কয় যে হাজেলাৰ এনে কর্ম-কাণ্ডৰ সন্দর্ভত জ্ঞাত নহয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালো৷ ইতিমধ্যে সভাপতি দাসে মুখ্যমন্ত্রীৰ লগত কৰা আলোচনাত নথি বাতিল কৰাৰ বাবে তেওঁ কোনো নির্দেশনা নিদিয়া বুলি কোৱাৰ কথা সদৰী কৰে৷
তেন্তে প্রতীক হাজেলাই এনে কাম কিয় কৰিব বুলি প্রশ্ন কৰি ১৯ ছেপ্টেম্বৰৰ পূর্বেই বিহিত ব্যৱস্থা লোৱাৰ দাবী জনায়৷ ইতিমধ্যে বিষয়টোৰ সন্দর্ভত দিল্লীত দলৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহ, কেন্দ্রীয় গৃহ মন্ত্রী ৰাজনাথ সিং, সাংগঠনিক সাধাৰণ সম্পাদক ৰামলাল, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক ৰাম মাধৱ আৰু যুটীয়া সাংগঠনিক সাধাৰণ সম্পাদক ভি সতীশৰ লগত বিষয়টো আলোচনা কৰি ১৯ ছেপ্টেম্বৰৰ পূর্বেই বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনায়৷
বিধায়ক দিলীপ পাল, অশোকানন্দ সিংঘাল, ৰূপক শর্মা আৰু গণেশ লিম্বুক লগত লৈ সংবাদমেল সম্বোধন কৰি সভাপতি দাসে লগতে কয় যে ঐতিহাসিক অসম চুক্তিৰ আত্মা হ’ল এন আৰ চি৷ দুর্ভাগ্যজনকভাৱে এই এন আৰ চি কংগ্রেছে আগবঢ়াই নিনিলে যদিও বিজেপিয়ে সদিচছাৰে কাম আগবঢ়াই নিয়াৰ সময়ত এতিয়া আন এক জটিলতা সৃষ্টি কৰা হৈছে৷ কাৰণ আশ্চর্যকৰভাৱে চূড়ান্ত খচৰাত কেইবালক্ষ প্রকৃত ভাৰতীয়ৰ নাম সন্নিৱিষ্ট নহ’ল৷
ভাৰতীয় গোর্খা, ভাৰতীয় বাংলাভাষী, ভাৰতীয় হিন্দীভাষী আৰু বিশেষভাৱে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বহু লোকৰ নাম চূড়ান্ত খচৰাৰ পৰা বাদ পেলোৱা হ’ল৷ নাম বাদ পৰা একাংশ ভাৰতীয়ৰ নাম সংবাদমেলত দাঙি ধৰি সভাপতি দাসে জনাই যে বৰাকৰ শান্তনু নায়ক বিজেপিৰ কর্মী৷
স্বাধীনতাৰ ৫০ বছৰ পূর্বে শান্তনু নায়ক আৰু তেওঁৰ পৰিয়াল গুজৰাটৰ পৰা আহিছিল৷ গুজৰাটৰ পৰা আহি প্রথমে শ্বিলং আৰু পাছত শিলচৰত থাকিব লৈছিল৷ কিন্তু এন আৰ চিৰ চূড়ান্ত খচৰাত শান্তনু নায়ক আৰু তেওঁৰ পত্নীৰ নাম নাহিল৷ সেইদৰে বঙালীৰ লগত বিয়া হোৱা অসমীয়া জীয়ৰী কৃষ্ণা কাকতী, সুশান্ত চক্রৱর্তী আদিৰ নাম চূড়ান্ত খচৰাত কিয় নোসোমাল বুলি প্রশ্ন কৰে৷ এনেকৈ নাম নোসোমোৱা প্রকৃত ভাৰতীয় নাগৰিক কেইবালক্ষ হ’ব বুলি দাবী কৰে৷
বিসংগতিপূর্ণ খচৰা প্রকাশ কৰা ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই এতিয়া কাৰ লগত আলোচনা কৰি পাঁচবিধ নথি বাতিল কৰিবলৈ শপতনামা দাখিল কৰিলে, কর্তৃত্ব কোনে দিলে বুলি সভাপতি দাসে সংবাদমেলত প্রশ্ন কৰে৷ যদি উক্ত কর্ম-কাণ্ডৰ সু-মীমাংসা নহয়, তেন্তে হাজেলাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ সাজু বুলিও মন্তব্য কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি