ৱেব ডেস্ক : পেট্রল’ পণ্যৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্রতিবাদত কংগ্ৰেছকে ধৰি একাংশ বিৰােধী দলে আহ্বান জনােৱা ভাৰত বন্ধৰ দিনটোতেই পুনৰ বৃদ্ধি হ’ল পেট্রল আৰু ডিজেলৰ দৰ। একেদৰেই পূর্বৰ সকলাে ন্ধৰ মাজতে পেট্র’লত ২৩, ডিজেলত অভিলেখ ভংগ কৰি ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্রাস হােৱাটো এক উল্লেখযােগ্য ঘটনা হিচাপে পৰিগণিত হৈছে। লক্ষণীয়ভাৱে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বাবেই পুনৰ পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিপৰীতে প্রতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত ২ টকাকৈ হ্রাস কৰি এক অনন্য নিদর্শন দাঙি ধৰিলে অন্ধ্রপ্রদেশ চৰকাৰে। উল্লেখ্য যে প্রতি লিটাৰ পেট্র’লত ২৩ পইচা আৰু প্রতি লিটাৰ ডিজেলত ২২ পইচাকৈ বৃদ্ধি হয়। ফলত ৰাজধানী মহানগৰী নতুন দিল্লীত নতুন অভিলেখ গঢ়ি প্রতি লিটাৰ পেট্রল আৰু ডিজেলৰ মূল্য হয়গৈ ক্রমে ৮০.৭৩ আৰু ৭২.৮৩ টকা। একেদৰে কলকতাত প্রতি লিটাৰ পেট্রল উপলব্ধ হয় ৮৩.৬১, মুম্বাইত ৮৮,১২ আৰু চেন্নাইত ৮৩.৯১ টকাত। লগতে কলকাতা, মুম্বাই আৰু চেন্নাইত প্রতি লিটাৰ ডিজেলৰ মূল্য হয়গৈ এমে ৭৫.৬৮, ৭৭.৩২ আৰু ৭৬,৯৮ টকা। গুৱাহাটীত প্রতি লিটাৰ পেট্রল আৰু ডিজেলৰ মূল্য হয়গৈ ক্রমে ৮৩.২০ আৰু ৭৬.২৩ টকা। লক্ষণীয়ভাৱে আজিৰ এই মূল্যবৃদ্ধিৰ মাজতেই পেট্রল আৰু ডিজেলৰ প্রতি লিটাৰত ২ টকাকৈ হ্রাস কৰি ৰাজ্যৰ জনসাধাৰণক সকাহ দিয়াৰ চেষ্টা চলায় অন্ধ্রপ্রদেশ চৰকাৰে। ৰাজ্যখনৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডুৱে কৰা ঘােষণা অনুসৰি কাইলৈৰ পৰা কাৰ্যকৰী হােৱাকৈ এই নতুন নিৰিখত ৰাজ্যখনত ইন্ধনজাত সামগ্রী দুবিধ জনসাধাৰণে লাভ কৰিব পাৰিব। এনেদৰে প্রতি লিটাৰ পেট্রল আৰু ডিজেলত ৰাজ্যিক কৰ ২ টকাকৈ হ্রাস কৰাৰ ফলত ৰাজ্যখনে ১,১২০ কোটি টকা ৰাজহ হেৰুৱাব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে। লক্ষণীয়ভাৱে নিজে গ্ৰহণ কৰা এনে পদক্ষেপৰ পাছত দেশৰ জনতাক সকাহ দিয়াৰ উদ্দেশ্যে ইন্ধনজাত সামগ্ৰীৰ মূল্য হ্রাস কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ প্রতিও আহ্বান জনায় মুখ্যমন্ত্রী চন্দ্রবাবু নাইডুৱে। ইফালে, বিৰােধীয়ে আহ্বান জনােৱা ভাৰত বন্ধৰ দিনটোত পুনৰ ডলাৰৰ বিপৰীতে টকাৰ পতন অব্যাহত থাকে। ডলাৰৰ বিপৰীতে টকাৰ মূল্য হয়গৈ ৭২.১৫। অর্থাৎ পুনৰ এই মূল্য ৪৫ পইচালৈ নিম্নগামী হয়। উল্লেখ্য যে যােৱা ৬ ছেপ্টেম্বৰত সর্বকালৰ অভিলেখ ভাঙি ডলাৰৰ বিপৰীতে টকাৰ মূল্য হৈছিলগৈ ৭২.১১। ধাৰাবাহিক পতনৰ পাছত যােৱা সপ্তাহৰ শেষৰ ফালে কিছু ভাৰসাম্যতা ৰক্ষা হৈছিল যদিও আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলত ডলাৰৰ বিপৰীতে টকাৰ এই পতন অন্যতম কাৰণ বুলি একাংশ বিশেষজ্ঞই মত পােষণ কৰিছে। লক্ষণীয়ভাৱে ডলাৰৰ বিপৰীতে টকাৰ পতন ৰােধৰ বাবে কেতবােৰ পদক্ষেপ গ্রহণৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ইফালে, ইয়াক সাময়িক ঘটনা আখ্যা দি কেন্দ্রই আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য নিয়ন্ত্রণলৈ আহিলেই এই সমস্যাৰ সমাধান হ’ব বুলিও দাবী কৰিছে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে।