Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:38 pm

Home » দেশ-বিদেশ » এন আৰ চিক লৈ বিজেপিৰ দুমুখীয়া স্থিতি

এন আৰ চিক লৈ বিজেপিৰ দুমুখীয়া স্থিতি

নতুন দিল্লী :  ৰাষ্ট্রীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখনক ২০১৯ চনৰ লোক সভাৰ নির্বাচনৰ প্রধান অস্ত্র হিচাপে ব্যৱহাৰ কৰিব খুজিছে বিজেপিয়ে৷ সেয়েহে নতুন দিল্লীত দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্রীয় কার্যনির্বাহকত কালি নাগৰিকপঞ্জী উন্নীতকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিষয়বস্তুক ৰাজনৈতিক প্রস্তাৱ হিচাপে গৃহীত কৰা হয়৷ প্রণিধানযোগ্য যে অসমত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত দীর্ঘদিন ধৰি ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে আন্দোলন চলাই আহিছে যদিও এই আন্দোলনক মুঠেও গুৰুত্ব দিয়া নাই বিজেপিয়ে৷ ইয়াৰ পৰিৱর্তে একমাত্র ভোটৰ স্বার্থতেই বিজেপিয়ে কালি ৰাজনৈতিক প্রস্তাৱত সন্নিৱিষ্ট কৰে বিতর্কিত বিধেয়কখনৰ বিষয়বস্তু৷ ৰাজনৈতিক প্রস্তাৱটোত গেৰুৱা দলটোৱে স্পষ্টভাৱে উল্লেখ কৰিছে যে চুবুৰীয়া ৰাষ্ট্রৰ পৰা নির্যাতনৰ বলি হৈ ভাৰতলৈ অহা লোকসকলক ভাৰতে সকলো ধৰণৰ সুৰক্ষা প্রদান কৰিব৷ ইয়াৰ বিপৰীতে আকৌ অনুপ্রৱেশৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰা হ’ব বুলি উল্লেখ কৰি ৰাজনৈতিক প্রস্তাৱটোত লগতে কোৱা হৈছে যে বাংলাদেশীয়েই হওক বা ৰহিঙীয়াই হওক কোনো অবৈধ বিদেশীক ভাৰতত স্থান দিয়া নহ’ব৷
আনহাতে, অসমত চলি থকা নাগৰিকপঞ্জীৰ কথা উল্লেখ কৰি কোৱা হৈছে যে অসমৰ কলা- সংস্কৃতি, জনগাঁথনি, অর্থনৈতিক পৰিৱেশ আদিৰ লগতে ৰাষ্ট্রীয় সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যখনত ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম আগবঢ়াই নিয়া হৈছে৷ নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত সকলো ভাৰতীয় নাগৰিকৰে নাম অন্তৰ্ভুক্ত হ’ব বুলিও দলটোৱে প্রতিশ্রুতি দিছে৷ সুদীর্ঘ ৰাজনৈতিক প্রস্তাৱটোত উত্তৰ-পূবৰ সুৰক্ষাৰ বিষয়টোৱেও স্থান লাভ কৰিছে৷ অঞ্চলটোৰ আভ্যন্তৰীণ সুৰক্ষা উন্নত হৈছে বুলি উল্লেখ কৰি প্রকাশ কৰা হৈছে যে উত্তৰ-পূবত এতিয়া মূলতঃ শান্তি বিৰাজ কৰিছে৷ আঠখন ৰাজ্যৰ ভিতৰত ছখনতেই বিজেপি আৰু ইয়াৰ মিত্রজোঁটৰ চৰকাৰে শাসন চলাই আছে৷ নগা শান্তি আলোচনাও সঠিক দিশে আগবঢ়াৰ কথা উল্লেখ কৰা হৈছে ৰাজনৈতিক প্রস্তাৱটোত৷
মন কৰিব লগীয়া কথা যে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহে পৰহি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ দিহা থকা নাগৰিকত্ব সংশোধনী বিধেয়কখন শীঘ্রে গৃহীত কৰাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰিছিল৷ দলটোৰ ৰাষ্ট্রীয় সভাপতিজনে স্পষ্টভাৱে কৈছিল যে চুবুৰীয়া ৰাষ্ট্রৰ পৰা অহা হিন্দু লোকসকলক সুৰক্ষা দিয়াটো বিজেপিৰ প্রধান দায়িত্ব৷ চুবুৰীয়া ৰাষ্ট্র পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, বৌদ্ধ আৰু জৈনসকলক ভাৰতে সকলো ধৰণৰ সুৰক্ষা প্রদান কৰিব বুলিও মত ব্যক্ত কৰিছিল তেওঁ৷ শ্বাহৰ এই মন্তব্যৰ পাছত আজি দলটোৱে গ্রহণ কৰা ৰাজনৈতিক প্রস্তাৱ অত্যন্ত লক্ষ্যণীয় হৈ পৰিছে৷ দেখা গৈছে যে এফালে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ কথা কোৱা বিজেপিয়ে আনফালে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰে৷ তেওঁলোকে যে দুমুখীয়া স্থিতি গ্রহণ কৰিছে সেয়া এতিয়া ওলাই পৰিছে৷ কিয়নো অসম চুক্তিৰ আধাৰত ১৯৭১ চনক ভিত্তি হিচাপে লৈ অসমত নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে৷ আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কখন অনুসৰি নির্যাতনৰ বলি হৈ ২০১৪ চনলৈকে চুবুৰীয়া ৰাষ্ট্রৰ পৰা অহা সকলো হিন্দু লোকেই নাগৰিকত্ব লাভ কৰিব৷ যদিহে এয়াই হয়, তেনেহ’লে দেখ দেখলৈ উলংঘা কৰা হ’ব অসম চুক্তি আৰু অর্থহীন হৈ পৰিব নাগৰিকপঞ্জীও৷
প্রণিধানযোগ্য যে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণক ইতিমধ্যে বিজেপিয়ে একপ্রকাৰ নির্বাচনী ইচ্ছ্যু কৰি পেলাইছে৷ ৰাজস্থান, পশ্চিম বংগ আদিত নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টোক লৈয়ে বিজেপিয়ে ৰাজনীতি আৰম্ভ কৰিছে৷ শেহতীয়াকৈ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহে সকলো ৰাজহুৱা সভাতে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কথা উল্লেখ কৰিবলৈ আৰম্ভ কৰিছে৷ আনহাতে, হিন্দু ভোটাৰৰ মন আকর্ষণ কৰিবৰ বাবেই তেওঁলোকে চুবুৰীয়া ৰাষ্ট্রৰ পৰা অহা হিন্দুসকলক নাগৰিকত্ব প্রদানৰ কথা উল্লেখ কৰিছে৷ মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়কখন আৰু নাগৰিকপঞ্জী উন্নীতকৰণক এক প্রধান ৰাজনৈতিক ইচ্ছ্যুত পৰিণত কৰি আগন্তক লোক সভাৰ নির্বাচনৰ বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে বিজেপিয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি