ডি ভোটাৰৰ নামত ভাৰতীয় নাগৰিকক কৰা হাৰাশাস্তিৰ প্ৰতিবাদত আন্দোলন ঘোষণা
বৰপেটাৰোড : বৰপেটাৰোডৰ আৰভাট প্ৰেক্ষাগৃহত সৰভোগ সমষ্টিৰ ডি ভোটাৰসকলৰ উপস্থিতিত দেওবাৰ এখন অভিৱৰ্তন আৰু সাধাৰণ সভা অনুষ্ঠিত হয়। সচেতন যুৱক সাজাহান আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত ডি ভোটাৰৰ নামত কেনেদৰে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি থকা হৈছে¸ সেই সম্পৰ্কে বিস্তাৰিত আলোচনা কৰা হয়।
সহস্ৰাধিক ডি ভোটাৰ আৰু সতি-সন্তুতিৰ উপস্থিতিত অনুষ্ঠিত সভাত ডি ভোটাৰসকলক এনআৰচিৰ জৰিয়তে সমাধানসূত্ৰ প্ৰদান কৰা¸ বিদেশী ন্যাধীকৰণসমূহক উচ্চতম ন্যায়ালয়ৰ তত্বাৱধান বা নিৰিক্ষণত পৰিচালনা কৰি ৰাজনৈতিক হস্তক্ষেপ মুক্ত কৰা¸ ডিটেনশ্বন কেম্পত থকা অবৈধ নাগৰিকক নিজৰ দেশলৈ পঠাই দি ভাৰতীয় লোকক মুকলি কৰি দিয়ালৈকে মানৱীয়তাৰ দৃষ্টিভঙ্গীৰে চোৱা¸ দৰিদ্ৰ তথা ভাৰতীয় হিচাপে চিনাক্ত ডি ভোটাৰক চৰকাৰী সাহায্য প্ৰদান কৰা আদি দাবী উত্থাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে এই দাবীসমূহ পূৰণ নহ’লে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে ডি ভোটাৰ¸ সতি-সন্ততি আৰু ক্ষতিগ্ৰস্থৰ দ্বাৰা এটা অৰাজনৈতিক স্বতন্ত্ৰ সংগঠন জন্ম দিয়াৰ পোষকতা কৰে।
সেই মৰ্মে বৈধ ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ পৰা মুক্তি বিচাৰি আব্দুল্লাহ আহমেদক সভাপতি আৰু সাজাহান আলী আহমেদক সাধাৰণ সম্পাদক হিচাপে লৈ সৰভোগ সমষ্টি ভিত্তিক Association for protection of Indian citizenship right (APCIR) নামেৰে এটা কমিটি গঠন কৰে। উপৰোক্ত দাবী সমূহ পূৰণ নহ’লে এই সংগঠনৰ নেতৃত্বত অহা ২ অক্টোবৰ তাৰিখে অহিংসা নীতিৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।
সভাত গুৱাহাটী উচ্চ ন্যায়ালয় আৰু বৰপেটা নিম্ন ন্যায়ালয়ৰ চাৰি গৰাকী অধিবক্তাৰ লগতে অভিযন্তা¸ অধ্যাপক¸কেইবাটাও অৰাজনৈতিক গণতান্ত্ৰিক সংগঠনৰ নেতৃত্ব আৰু সচেতন সমাজে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। সভাত ‘আমাৰ অধিকাৰ আমাক উভতাই দিয়ক’ শীৰ্ষক শ্লগান দিয়া পৰিলক্ষিত হয়।