সৰভোগত ডি ভোটাৰৰ সন্মিলনত সংগ্ৰামী সংগঠনৰ আত্মপ্ৰকাশ

ডি ভোটাৰৰ নামত ভাৰতীয় নাগৰিকক কৰা হাৰাশাস্তিৰ প্ৰতিবাদত আন্দোলন ঘোষণা বৰপেটাৰোড : বৰপেটাৰোডৰ আৰভাট প্ৰেক্ষাগৃহত সৰভোগ সমষ্টিৰ ডি ভোটাৰসকলৰ উপস্থিতিত দেওবাৰ এখন অভিৱৰ্তন আৰু সাধাৰণ সভা অনুষ্ঠিত হয়। সচেতন যুৱক সাজাহান আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত ডি ভোটাৰৰ নামত কেনেদৰে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি থকা হৈছে¸ সেই সম্পৰ্কে বিস্তাৰিত আলোচনা কৰা হয়।  সহস্ৰাধিক ডি ভোটাৰ আৰু সতি-সন্তুতিৰ উপস্থিতিত অনুষ্ঠিত সভাত ডি ভোটাৰসকলক এনআৰচিৰ জৰিয়তে সমাধানসূত্ৰ প্ৰদান কৰা¸ বিদেশী ন্যাধীকৰণসমূহক উচ্চতম ন্যায়ালয়ৰ তত্বাৱধান বা নিৰিক্ষণত পৰিচালনা কৰি ৰাজনৈতিক হস্তক্ষেপ মুক্ত কৰা¸ ডিটেনশ্বন কেম্পত থকা অবৈধ নাগৰিকক নিজৰ দেশলৈ পঠাই দি ভাৰতীয় লোকক মুকলি কৰি দিয়ালৈকে মানৱীয়তাৰ দৃষ্টিভঙ্গীৰে চোৱা¸ দৰিদ্ৰ তথা ভাৰতীয় হিচাপে চিনাক্ত ডি ভোটাৰক চৰকাৰী সাহায্য প্ৰদান কৰা আদি