গুৱাহাটী : বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকা আছিল এগৰাকী মানৱতাৰ পূজাৰী। এখন বহল হৃদয় আৰু চিন্তাৰ অধিকাৰী এই গৰাকী মহান শিল্পীয়ে যিখন পৃথিৱী সৃষ্টি কৰি থৈ গ’ল, সেইখন আমি সংৰক্ষণ কৰিব লাগিব। ড° ভূপেন হাজৰিকাৰ আদৰ্শৰে আমি উঠি অহা প্ৰজন্মক উদ্বুদ্ধ কৰিব লাগিব আৰু তেওঁলােকক ভাল মানুহ হিচাপে গঢ়ি তুলিব লাগিব। ৰাজ্যখনৰ জনসাধাৰণে গণশিল্পী ড° ভূপেন হাজৰিকাৰ আদর্শ আৰু সৃষ্টিৰাজি জীয়াই ৰাখিবলৈ সহযােগিতাৰে কাম কৰিব লাগিব। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে শিল্পী গৰাকীৰ গুৱাহাটীৰ জালুকবাৰীস্থিত সমাধি ক্ষেত্ৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়ােজন কৰা ‘স্মৃতি তপর্ণ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল এইদৰে কয়।
আজি মুখ্যমন্ত্রী সােণােৱালে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ প্রথমে শিল্পী গৰাকীৰ প্ৰতিমূৰ্তিত মাল্যার্পণ কৰাৰ লগতে তেখেতৰ স্মৃতিস্থলত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্রদ্ধা নিবেদন কৰে।
স্মৃতি তপর্ণ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে বহুমুখী প্রতিভাধৰ গণশিল্পী ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিয়ে ভাষা-সংস্কৃতি আৰু সীমাৰ পৰিধি চেৰাই মানৱীয় মূল্যবােধেৰে সমাজ জীৱনক অনুপ্রাণিত কৰিছে। নিজৰ অমৰ সৃষ্টিৰাজিৰ মাজেদি ড° হাজৰিকাই আমাৰ সমাজত মানৱীয় আদর্শ সুদৃঢ় কৰিবলৈ প্ৰয়াস কৰিছিল আৰু তেখেতৰ সৃষ্টিৰাজিয়ে সমাজত আজিও ব্যাপক প্ৰভাৱ বিস্তাৰ কৰি আছে। অনাগত বহু প্রজন্ম তেখেতৰ আদৰ্শৰে সদায় অনুপ্রাণিত আৰু উদ্বুদ্ধ হৈ ৰ’ব। এই কথা উল্লেখ কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে তেখেতৰ এই মহান আদর্শবাজি জীয়াই ৰখাৰ লগতে উঠি অহা প্ৰজন্মৰ মাজত বিয়পাই তােলাৰ বাবে আমাৰ এক গভীৰ দায়িত্ব আছে আৰু সুসংহত প্রচেষ্টাৰে আমি এই দিশত আগুৱাই যাব লাগিব।
মুখ্যমন্ত্রী সােণােৱালে কয় যে ড° ভূপেন হাজৰিকাই এটা যুগৰ সৃষ্টি কৰি গ’ল। হেমাংগ বিশ্বাস আৰু ড° ভূপেন হাজৰিকাই কলা-সংস্কৃতিৰ মাধ্যমেৰে সম্প্রীতি আৰু সমন্বয়ৰ ধাৰা ৰাজ্যখনৰ বিভিন্ন জাতিজনগােষ্ঠীৰ মাজত সুদৃঢ় কৰিলে। এই মানৱীয় আদর্শ জীয়াই ৰাখিবলৈ ৰাজ্যখনৰ সমূহ জনসাধাৰণে যৌথ প্ৰচেষ্টাত ব্ৰতী হ’ব লাগিব। মুখ্যমন্ত্রী সােণােৱালে লগতে কয় যে গণশিল্পী গৰাকীৰ আদৰ্শ আৰু সৃষ্টিৰাজি জীয়াই ৰখাৰ লগতে তেখেতে সুদৃঢ় কৰা ঐক্য, সমন্বয়ৰ ভাৱধাৰা নৱ প্ৰজন্মৰ মাজত উদ্ভাষিত কৰি ৰখাৰ মানসেৰে অসম চৰকাৰে ধলা শদিয়া সেঁতুৰ সমীপত ড° ভূপেন হাজৰিকাৰ নামেৰে এখন সমন্বয় ক্ষেত্র নির্মাণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই সমন্বয় ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ সকলাে জাতি-জনগােষ্ঠীৰ সাংস্কৃতিক বৈভৱ প্রতিফলিত কৰি তােলা হ’ব।
ভূতপূর্ব প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ সৈতে ড° ভূপেন হাজৰিকাৰ সুগভীৰ সম্পৰ্ক আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ তেখেতৰ প্ৰতি থকা প্রশংসনীয় মনােভাৱৰ কথা ভাষণ প্রসংগত মুখ্যমন্ত্রী সােণােৱালে উল্লেখ কৰে। তেখেতে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে বিশ্ব বিনিয়ােগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা ভাষণত সুধাকণ্ঠই অসমবাসীৰ বাবে নিৰ্ধাৰণ কৰা দৰ্শন আৰু লক্ষ্যৰ কথা জাতিটোক সোঁৱৰাই গৈছে। ড° হাজৰিকাক পথ প্রদর্শক হিচাপে লৈ অসমীয়া জাতীয়ে সেয়েহে বিশ্বৰ বুকুত নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ প্ৰয়াস কৰিব লাগিব বুলিও মুখ্যমন্ত্রী সােণােৱালে কয়।
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক স্বতন্ত্র মন্ত্রী নৱ কুমাৰ দলেই অনুষ্ঠানত ভাষণ প্রদান কৰি অসম ৰত্ন শিল্পী গৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলােকপাত কৰে। মন্ত্রী দলেই সুধাকণ্ঠৰ দৰ্শন আৰু আদর্শ অসমীয়া সমাজৰ পৰিধি চেৰাই বিশ্বৰ বুকুত উজ্বলাই তােলাৰ বাবে তেখেতৰ সৃষ্টিৰাজি ইংৰাজীকে ধৰি বিভিন্ন ভাষালৈ অনুবাদ কৰাৰ প্ৰয়ােজনীয়তাৰ কথাও উল্লেখ কৰে।
মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামীয়ে নিজৰ ভাষণত কয় যে ড° ভূপেন হাজৰিকা আছিল বিস্মৃত প্রতিভাৰ অধিকাৰী আৰু ৰূপতীৰ্থৰ যাত্ৰী। অসমীয়া জাতিক ড° হাজৰিকাই তেখেতৰ সৃষ্টিৰাজিৰ জৰিয়তে পােহৰৰ সন্ধান দিছিল বুলি মন্তব্য কৰি গােস্বামীয়ে কয় যে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেখেতে কয় যে বুৰঞ্জীত স্থান পােৱা আৰু মানুহৰ হৃদয়ত স্থান পােৱা একে কথা নহয়। ড° ভূপেন হাজৰিকাৰ সৈতে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ৰে পৰা লাভ কৰা ব্যক্তিগত সান্নিধ্যৰ কথা উল্লেখ কৰাৰ উপৰি মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা গৰাকীয়ে অসম চৰকাৰে ড° ভূপেন হাজৰিকাৰ কলকাতাৰ টালিগঞ্জত থকা বাসভৱন ক্ৰয় কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ লগতে তেখেতৰ স্মৃতি যাউতী যুগীয়া কৰি ৰাখিবলৈ হাতত লােৱা প্ৰচেষ্টাৰ বিষয়েও উল্লেখ কৰে।
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক বর্ণালী শৰ্মাই আদৰণি ভাষণ প্রদান কৰা এই অনুষ্ঠানত গুৱাহাটী লােকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়েও ভাষণ প্রদান কৰে।
অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, অসম অলিম্পিক সন্থাৰ উপাধ্যক্ষ কুইন ওজা, পদ্মশ্রী এলি আহমেদ প্রমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জনতাৰ চৰকাৰ ‘মাইগভ আসামে’ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযােগত ‘তুলিকাত ভূপেন মামা’ শীর্ষক এখন চিত্রাংকন প্রতিযােগিতাও অনুষ্ঠিত কৰে।
অসম-অৰুনাচল সীমান্তৱৰ্তী জয়ৰামপুৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম দিন পালন
লিডুৰ পৰা উজ্জ্বল চৌধুৰীৰ সংবাদ :
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ অসম-অৰুনাচল সীমান্তৱৰ্তী জয়ৰামপুৰতো দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডঃ ভূপেন হাজৰিকাৰ জন্মবাৰ্ষিকী, প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷
অৰুণাচলৰ কে কে মেমৰিয়েল ছ’চাইটিৰ অধ্যক্ষ অৰুপ চৌধুৰী আৰু অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী লোহিত গগৈৰ সক্ৰিয় প্ৰচেষ্টাত অসমীয়া সমাজ-সংস্কৃতি জীপাল কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোৱা বৰেণ্য শিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্মদিনটো বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে অতি উলহ-মালহেৰে অসম আৰু অৰুণাচলৰ সংগমস্থলী জয়ৰামপুৰত উদযাপন কৰা হয়।
কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে লিডু অঞ্চলৰ বিশিষ্ট সমাজ সেৱক জগত চাংমা, আৰু বন্তি প্ৰজ্বলন কৰে অৰুণাচলৰ অন্যতম বিশিষ্ট সমাজসেৱক অৰুপ চৌধুৰীয়ে৷ ইফালে শিশুসকলক এখন সুন্দৰ মঞ্চ দিয়াৰ মানসেৰে তথা অঞ্চলটোত এক সুস্থ সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰাৰ লক্ষেৰে আজিৰ দিনটোতেই “সাংস্কৃতিক বিনিময় কেন্দ্ৰ” নামাকৰণেৰে এটি কেন্দ্ৰৰ শুভ উদ্ধোধন কৰা হয়৷ কেন্দ্ৰটিৰ উদ্ধোধন কৰে অৰুনাচল প্ৰদেশৰ নামপুঙৰ বিধায়ক লাইচাম টিমাই আৰু মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাষ্কৰ শৰ্মাই৷
উল্লেখ্য যে আজিৰ অনুষ্ঠানতেই জগত চাংমাইৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হৈ যায়৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জয়ৰাপুৰৰ এডিচি এছ এছ চৌধুৰী, তোচাং লুঙৰি, লিডুৰ বিশিষ্ট সমাজ সেৱক ড。ৰঞ্জিত দত্ত, এছ কে পুজাৰী, তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ শইকীয়া , বিছা ৰজা বিচা নং চিংফৌকে প্ৰমুখ্য কৰি অসম অৰুনাচল প্ৰদেশৰ বহু কেইজন বিশিষ্ট সচেতন নাগৰিক৷
বিভিন্ন জাতি জনগোষ্ঠিৰ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত সকলোৱে বৰেণ্য শিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনোৱাৰ লগতে কেইবাটাও বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠানটিৰ সফল পৰিসমাপ্তি ঘটে৷