গুৱাহাটী : বিশ্বৰ ক্রীড়া ক্ষেত্রত অসমক সাফল্যৰ শিখৰলৈ লৈ যোৱা ধিং এক্সপ্রেছ হিমা দাসে বিশ্ব জয় কৰি আজি জন্মভূমিত উপস্থিত হোৱাৰ পাছতে ৰাজকীয় আদৰণি আৰু সম্বর্ধনাৰে ওপচাই পেলোৱা হয়৷
জাকার্ এছিয়ান গেমছত এটা সোণ আৰু দুটা ৰূপসহ তিনিটাকৈ পদক জয় আৰু দুদিনত দুটাকৈ ৰাষ্ট্রীয় অভিলেখ গঢ়ি অসম আৰু অসমবাসীক বিশ্ব ক্রীড়া ক্ষেত্রত গৌৰৱৰ অধিকাৰী কৰা স্বর্ণকন্যা হিমাক বৰঝাৰ বিমান বন্দৰৰ পৰা বীৰৰ মর্যাদাৰে আদৰি অনা হয়৷
এছিয়ান গেমছৰ ইতিহাসত তিনিটা পদক জয় কৰা প্রথম অসমীয়া হিমাক খোদ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আদৰণি জনোৱাৰ পাছত বিশাল শোভাযাত্রা কৰি সৰুসজাই ষ্টেডিয়ামলৈ আদৰি অনা সমগ্র পথছোৱাত হাজাৰ হাজাৰ লোকৰ লগতে আছুৰ কর্মীয়ে ফুলাম গামোচা আৰু ফুলেৰে উপচাই পেলায়৷ উল্লেখযোগ্য যে মাত্র ১৮ বছৰ বয়সতে বিশ্ব ক্রীড়াৰ মানচিত্রত অসমক উজলাই তুলিবলৈ সক্ষম হোৱা ট্রেকৰ ৰাণী হিমাৰ প্রত্যাৱর্তনক লৈ আজি পুৱাৰে পৰা চৌদিশে উছাহৰ ধল বয়৷
দুপৰীয়া বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমান বন্দৰত বিমানযোগে আহি পোৱাৰ কথা থকাৰ পাছতো পুৱাৰ পৰাই বিমান বন্দৰৰ বাহিৰত অনুৰাগীৰ ভিৰ লাগে৷ জন্মস্থান ধিঙৰ পৰাও পিতৃ-মাতৃৰ লগতে বহু বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষী আহি বৰঝাৰত উপস্থিত হয়৷ হিমাৰ মন যায় সংগঠনৰ সতীর্থৰ লগতে আছুৰ সদস্যও হিমাক আদৰিবৰ বাবে বিমান বন্দৰত উপস্থিত হয়৷ জিলা প্রশাসনে হিমাক আদৰিবৰ বাবে ৰাজকীয় আয়োজন কৰে৷
বিমান বন্দৰৰ পৰা ওলাই অহাৰ সময়ত হিমাক আদৰিবৰ বাবে আনকি ৰেড কার্পেট পাৰিও দিয়া হয়৷ উল্লেখযোগ্য যে ভি ভি আই পিক আদৰিবৰ বাবেহে ৰেড কার্পেট পাৰি দিয়াৰ নিয়ম৷ হিমাক আদৰিবৰ বাবে আজি বিমান বন্দৰত পাৰি দিয়া ৰেড কার্পেটখন ৰানিং ট্রেকৰ আর্হিত সাজু কৰি তোলা হয়৷ দুপৰীয়ালৈ বিমান বন্দৰৰ বাহিৰত অনুৰাগীৰ লগতে বিভিন্ন দল-সংগঠন আৰু প্রশাসনৰ বিষয়া-নিৰাপত্তাৰক্ষীৰে বিৰ দি বাট পাবলৈ নোহোৱা অৱস্থা হয়৷
হিমাক আদৰিবৰ বাবে মুখ্যমন্ত্রী সোণোৱাল নিজে যোৱাটো নিশ্চিত হোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থাও অধিক কটকটীয়া কৰি তোলা হয়৷ আনহাতে, দৌৰৰ ৰাণী হিমা দাসৰ নিৰাপত্তাৰ বাবেও প্রশাসনে ২০গৰাকীকৈ বীৰাংগনাক বিশেষভাৱে নিয়োগ কৰে৷ সমগ্র বিমান বন্দৰটো বেলুন আৰু হিমাৰ ফটো আৰু বিভিন্ন শুভেচছা-বাণীৰে ভৰি পৰে৷
জিলা প্রশাসনৰ উপৰি দেশৰ বিমান পৰিবহণ প্রাধিকৰণ আৰু বিভিন্ন সংগঠনেও হিমাক আদৰিবৰ বাবে হর্ডিং, বেনাৰ আঁৰি দিয়ে বিমান বন্দৰৰ বাহিৰত৷ একেদৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রলৈ সমগ্র পথছোৱাতো হিমাৰ বেনাৰ, হর্ডিং আৰু কাট৲ আউটেৰে ভৰি পৰে৷ সমগ্র পথছোৱাত হিমাক আদৰিবৰ বাবেও শতাধিক দল-সংগঠন সাজু হয়৷
উল্লেখযোগ্য যে হিমা আছুৰ ধিং আঞ্চলিকৰ ক্রীড়া সম্পাদক হোৱা বাবে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্যও হিমাক আদৰিবৰ বাবে বিমান বন্দৰত উপস্থিত হয়৷ মুখ্যমন্ত্রী সোণোৱালৰ সৈতে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে৷ স্পাইছ জেটৰ বিমানেৰে দিনৰ প্রায় ১০-১০ বজাত বৰঝাৰত উপস্থিত হোৱাৰ পাছতে মুখ্যমন্ত্রী, বিত্ত মন্ত্রী, ৰাজ্যিক বিজেপিৰ সভাপতি আৰু আছুৰ মুখ্য উপদেষ্টাই আদৰণি জনায়৷
বিমান বন্দৰৰ ভিতৰতে হিমাৰ পিতৃ-মাতৃ, প্রশিক্ষক আৰু কেইজনমান ঘনিষ্ঠ বন্ধুৰ সৈতে কিছু সময় কটাই ওলাই আহে৷ বাহিৰত সহস্রাধিক অনুৰাগী আৰু শুভাকাংক্ষীয়ে ঢোলে-ডগৰে আদৰণি জনাই হিমাক শুভেচছাৰে উপচাই পেলায়৷ বিমান বন্দৰৰ পৰা বিশেষ বাহনেৰে সৰুসজাই ষ্টেডিয়ামলৈ আৰম্ভ হোৱা বিশাল শোভাযাত্রাৰ পথত ঠায়ে ঠায়ে বিভিন্ন সংগঠন আৰু আছুৰ সদস্যই হিমাক শুভেচছা জ্ঞাপন কৰে৷ জালুকবাৰীত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্রত বন্তি প্রজ্বলন কৰি শ্রদ্ধা নিৱেদন কৰে হিমা দাসে৷
আনহাতে, যি ট্রেকৰ পৰা বিশ্ব জয়ৰ যাত্রা আৰম্ভ কৰিছিল সেই সৰুসজাই ষ্টেডিয়ামৰ ছিন্থেটিক ট্রেকক সেৱা জনাই হিমাই কৃতজ্ঞতা জ্ঞাপন কৰে৷ যিখন ষ্টেডিয়ামৰ পৰা বিশ্ব দৰবাৰলৈ ওলাই গৈছিল সেই ষ্টেডিয়ামত হিমাই যথেষ্ট সময় অতিবাহিত কৰে৷ বহু সংগঠন আৰু ব্যক্তিয়ে তাতো হিমাক আদৰণি জনায়৷ তাতে অসম অলিম্পিক সন্থা আৰু অসম এথ৲লেটিকছ সন্থাই হিমাক ২ লাখ টকাকৈ আর্থিক পুৰস্কাৰ প্রদান কৰে৷
প্রণিধানযোগ্য যে আজি হিমাই এখন সংবাদমেলতো অংশ লোৱাৰ কথা আছিল৷ কিন্তু তেওঁৰ আদৰণী অনুষ্ঠানৰ লগতে সন্ধিয়া শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত চৰকাৰী অভিনন্দন অনুষ্ঠান থকাৰ বাবে সময়ৰ অভাৱত আজি তেওঁৰ সংবাদমেল স্থগিত ৰখা হয়৷ ইফালে, বিমান বন্দৰত হিমাক আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে হিমাক ভাৰতবর্ষৰ গৌৰৱ আৰু দেশৰ সম্পদ আখ্যা দিয়ে৷
ইফালে, অভাৱনীয় আদৰণিৰ সন্মুখীন হৈ হিমাই উল্লাসিত হৈ পৰে৷ তেওঁৰ এই সাফল্যৰ বাবে অসমবাসীৰ লগতে সকলো শুভাকাংক্ষী আৰু তেওঁৰ গুৰু নিপন দাস আৰু নৱজিত মালাকাৰৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰে৷ অসমবাসীৰ মৰমৰ বাবেই এই পর্যায় পোৱা বুলি প্রকাশ কৰি হিমাই কয় যে তেওঁ যিয়েই নহওক লাগে সেয়া অসমৰ পৰা আৰু অসমবাসীৰ মাজৰ পৰাই হ’ব৷ তেওঁক সকলোৱে আশীর্বাদ কৰা বাবেহে সফলতা লাভ কৰা বুলিও প্রকাশ কৰি আশীর্বাদ কৰা বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ সংবাদ মাধ্যমকো ধন্যবাদ দিয়ে৷ বিশ্বৰ ক্রীড়া ক্ষেত্রত আৰু অধিক উন্নত ফলাফল দেখুৱাবৰ বাবে তেওঁক সকলোৱে আশীর্বাদ কৰিবলৈও আহবান জনায়৷