ন্যূনতম সুবিধাও নাই নাওত : গভীৰ নিদ্ৰাত ধুবুৰী জিলা প্ৰশাসন
তামাৰহাট : মহাবহু ব্ৰহ্মপুত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈৰ বুকুত সঘনাই বৃদ্ধি পাই আহিছে নাওঁ দুৰ্ঘটনা। কিন্তু এনেবোৰ ঘটনাৰ পিছতো শিক্ষা লাভ কৰা নাই নাওৰীয়া সকলৰ লগতে অসমবাসীয়ে। কাৰণ আজিও ৰাজ্যত অব্যাহত আছে যন্ত্ৰচালিত টুলুঙা নাওৰ বিপদ শংকুল যাত্ৰা। যিকোনো সময়ত হব পাৰে দুৰ্ঘটনা। ন্যূনতম সুবিধা নথকা নাওঁৰে বহন ক্ষমতাতকৈ দুই-তিনিগুন অধিক যাত্ৰীলৈ বিপদ শংকুল যাত্ৰা কৰাৰ পাছতো নাওৰীয়াক নাকী লগাব পৰা নাই জিলা প্ৰশাসন তথা বিভাগটোৱে।
উল্লেখ্য যে গুৱাহাটীৰ আশ্চক্লান্তত নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে পোহৰলৈ আহিছে ৰাজ্যৰ জলসম্পদ বিভাগটোৰ আভ্যন্তৰীণ ছবিৰ আচল ৰূপ। ইমানদিনে ৰাইজক অন্ধকাৰত ৰাখি নাওসমূহ চলাই আছিল যদিও ইয়াক উন্নত কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগটোৰ লগতে নিবিদা লাভ কৰা ব্যক্তিসকলে। তাৰে জ্বলন্ত উদাহৰণ হল গংগাদাৰ নৈৰ বুকুত ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তর্গৰ “গুমা ঘাট” অৰ্থাৎ তামাৰহাট-কঠালতলি নাও ঘাট।
ইয়াত চলে এখন নূন্যতম সুবিধা নথকা যন্ত্ৰচালিত টুলুঙা ভূটভূডী নাও। নাওখনত নাই লাইফ জেকেত, নাই টিউফ, নাই ৰ’দ বৰষুণৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায়, নাই কোনো টিকিটৰ ব্যৱস্থা, নাওখনৰ অৱস্থাও জৰাজীৰ্ণ, তাৰ উপৰিও নাওচালক জন প্ৰশিক্ষণ প্ৰাপ্ত নোহোৱাৰ অভিযোগ।
মুঠৰ ওপৰত উক্ত ঘাটত নদীৰ বুকুত নাওখন দুৰ্ঘটনাত পতিত হলে যাত্ৰীসকল মৃত্যুৰ মুখত পৰাটো একপ্ৰকাৰ নিশ্চিত। তথাপিও উপায়ন্তৰ জনসাধাৰণৰণে এই নাওৰ সহায়ত প্ৰতিদিনে বিপদ শংকুলভাবে পাৰাপাৰ হবলগা হয়। এই জৰাজীৰ্ণ নাওৰে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ, ব্যৱসায়ীসহ দুই সহস্ৰাধিক যাত্ৰী, ঠেলা, হেলি, চাইকেলৰ লগতে প্ৰায় দুইশখন মটৰ চাইকেল প্ৰতিদিনে পৰাপাৰ হৈ আছে।
জানিব পৰা মতে বাৰিষা কালত এইসকল যাত্ৰীয়ে নাওৰে নদীৰ বুকুত অতিক্ৰম কৰিব লগা হয় দুই কিলোমিটাৰতকৈও অধিক পথ। ফলত যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত যাত্ৰীসকল ভূগী থাকে যদিও কোনো গুৰুত্ব নাই বিভাগটোৰ।
আনহাতে উক্ত ঘাটত মাত্ৰ এখন নাওৰে বস্তু সামগ্ৰীৰ লগতে যাত্ৰীক ইপাৰ-শিপাৰ কৰি আহিছে যদিও পৰাপাৰৰ ক্ষেত্ৰত চাহিদা অনুযায়ী এখন নাও পৰ্যাপ্ত নহয়। তথাপিও গভীৰ নিদ্ৰাত জিলা প্ৰশাসন। এই ক্ষেত্ৰত সাধাৰণ ৰাইজৰ জীৱনক লৈ হেতালি খেলা এই সকল নাওৰীয়াৰ বিৰুদ্ধে তথা নাও সমূহৰ উন্নতি সাধন কৰাৰ লগতে নাওত প্ৰয়োজন হোৱা পৰ্যাপ্ত সুবিধাৰ ক্ষেত্ৰত জিলা প্ৰশাসন তথা বিয়াগোম বিভাগটোৱে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হব লক্ষণীয়।