Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:37 pm

Home » আঞ্চলিক » ১০ ছেপ্তেম্বৰত ‘ভাৰত বন্ধ’ৰ আহ্বান কংগ্রেছৰ

১০ ছেপ্তেম্বৰত ‘ভাৰত বন্ধ’ৰ আহ্বান কংগ্রেছৰ

পেট্রলজাত সামগ্রী আৰু ৰন্ধন গেছৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদ

গুৱাহাটী : অচ্ছে দিন আৰু পৰিৱৰ্তনৰ সপােন দেখুৱাই কেন্দ্ৰ আৰু ৰাজ্যত ক্ষমতা দখল কৰা বিজেপি দলৰ চৰকাৰৰ দিনত পেট্রল, ডিজেলজাত সামগ্রী আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে সর্বকালৰ ৰেকৰ্ড ভংগ কৰিছে। যাৰ পৰিণতিত সর্বসাধাৰণ ৰাইজে মূল্যবৃদ্ধিৰ প্ৰকোপত ত্রাহি মধুসুদন দেখিছে।
সর্বসাধাৰণৰ মূৰত ৰাম টাঙোন মাৰি ৰাজভঁৰাল টনকিয়াল কৰা বিজেপি চৰকাৰৰ এই নীতিক প্রদেশ কংগ্ৰেছে কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে তীব্র বিৰােধিতা কৰিছে। “বহুত হুই মেহেংগাই কী বাৰ অৱকী বাৰ মােডী চৰকাৰ” শ্লোগানেৰে ৰাইজক ভুৱা প্রতিশ্রুতি দি চৰকাৰ গঠন কৰা বিজেপি দলৰ চৰকাৰৰ দিনত এতিয়া যি হাৰত পেট্রল, ডিজেলৰ দাম বাঢ়িছে সি ১০০ ৰ ঘৰ অতিক্ৰম কৰিবলৈ বেছি দিন নাই। ঠিক তেনেদৰে ৰন্ধন গেছৰ দামাে কংগ্রেছৰ দিনৰ ৪০০ টকাৰ পৰা গৈ এতিয়া প্রায় ৯০০ টকা হৈছে।
যি সময়ত আন্ত:ৰাষ্ট্ৰীয় বজাৰত ২০১৪ চনৰ মে মাহত প্রতি বেৰেল খাৰুৱা তেলৰ মূল্য আন্ত:ৰাষ্ট্ৰীয় বজাৰত ১০৬.২৪ মার্কিন ডলাৰ আছিল, সেই সময়ত ড° মনমােহন সিং চৰকাৰে এক লিটাৰ পেট্রল ৭১.৪১ টকা আৰু ডিজেল ৫৫.৪৯ টকাত ৰাইজক দিছিল। সেই সময়ত কংগ্ৰেছ চৰকাৰক ভাষণবাজী মােডী ডাঙৰীয়া আৰু বিজেপি দলে কেনে ধৰণেৰে সমালােচনাৰে থকা-সৰকা কৰিছিল সকলােৱে অৱগত।
তাৰ পৰিৱর্তে আজি ২০১৮ চনৰ ছেপ্তেম্বৰ মাহৰ প্রথম সপ্তাহত প্রতি বেৰেল খাৰুৱা তেলৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰ মূল্য হ’ল ৭৩ মার্কিন ডলাৰৰ পৰা ৭৭ ডলাৰৰ ভিতৰত। কিন্তু মােডী চৰকাৰে ৰাইজক মাধমাৰ দি প্রতি লিটাৰ পেট্রল বিক্ৰী কৰিছে ৮৫ টকাত আৰু ডিজেল ৭৫ টকাত। কি যুক্তিত আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্রাস হােৱা স্বত্বেও মােডী চৰকাৰে পেট্রল, ডিজেলৰ মূল্য হ্রাস কৰা নাই? ইয়াৰ মূল কাৰণ হ’ল মােডী চৰকাৰৰ পুঁজিপতি প্রীতি আৰু দুখীয়া, দৰিদ্র, কৃষক আৰু শ্ৰমিক তথা সর্বসাধাৰণ বিৰােধী নীতি।
মাথােন পেট্রল, ডিজেলৰ সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিয়েই মােডী চৰকাৰে প্রায় ১১ লাখ কোটি টকা সর্বসাধাৰণৰ পৰা আহৰণ কৰিছে, এক কথাত লুট কৰিছে। ই কেনেধৰণৰ অচ্ছে দিন? সু-শাসনৰ নামত টোঘলকী আৰু শােষণৰ শাসন চলাইছে বিজেপি চৰকাৰে। জনবিৰােধী বিজেপি চৰকাৰে ২০১৪ চনৰ পৰা পেট্র’লৰ ওপৰত ২১১.৭% আবকাৰী শুল্ক, ডিজেলৰ ওপৰত ৪৪৩.০৬% আবকাৰী শুল্ক বৃদ্ধি কৰিছে। মােডী চৰকাৰ ক্ষমতালৈ অহাৰ পৰা ১২ বাৰ কেন্দ্রীয় আৱকাৰী শুল্ক বৃদ্ধি কৰিছে।
তাৰ পিছতাে সদা সৰৱ মােডী চৰকাৰে মৌন ব্রত পালন কৰিছে। তথ্য জনা অধিকাৰ আইনৰ অধীনৰ এক তথ্য সংবাদ মাধ্যমত প্রকাশ পােৱা অনুসৰি মােডী চৰকাৰে নিজ দেশৰ জনসাধাৰণৰ ওপৰত ৰাম টাঙোন দি অত্যধিক দামত পেট্রল, ডিজেল বিক্ৰী কৰাৰ পৰিৱর্তে ১৫ খন বিদেশী ৰাষ্ট্ৰলৈ ২৯ টকাকৈ ডিজেল আৰু ৩৪ টকাকৈ পেট্রল বিক্ৰী কৰিছে। যদি এই কথা সত্য তেন্তে ভাৰতবাসীক মােডী চৰকাৰে কৰা ইও এটা ডাঙৰ বিশ্বাসঘাত।
ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত কৃষিক্ষেত্ৰ আৰু ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ ব্যয় বৃদ্ধি পায়, তাৰ ফলত অত্যাৱশ্যকীয় খাদ্য সামগ্রীকে ধৰি সকলাে সামগ্ৰীৰে অত্যধিক মূল্যবৃদ্ধি হৈছে। পৰিণতিত সর্বসাধাৰণ জনতাৰ পানীত হাঁহ নচৰাৰ অৱস্থাৰ সৃষ্টি হৈছে। গৃহিনী সকলৰ ঘৰুৱা বাজেট নিমিলা হৈছে, চৌকা নজ্বলা হৈছে। কংগ্ৰেছ দলে ২০১৭ চনৰ পৰাই পেট্ৰ’ল আৰু ডিজেল জি.এছ.টি ৰ আওতালৈ আনিবলৈ চৰকাৰক দাবী জনাই আহিছে। জি এছ টি আওতালৈ আহিলে প্রায় ১০ ৰ পৰা ১৫ টকা পৰ্য্যাপ্ত পেট্রল ডিজেলৰ মূল্যবৃদ্ধি অনায়াসে হ্রাস পাব। লগতে অসম চৰকাৰকো পেট্রলজাত সামগ্ৰীৰ ওপৰত আৰােপিত ভেট কে ধৰি অন্যান্য কৰ সমূহ হ্রাস কৰিবলৈ প্রদেশ কংগ্ৰেছে দাবী জনাইছে।
আনহাতে ভুতৰ ওপৰত দানৱ পৰা দি মােডী চৰকাৰৰ ভূল আর্থিক নীতি আৰু পৰিচালনাৰ বাবে স্বৰাজোত্তৰ ভাৰবৰ্ষত প্ৰথমবাৰৰ বাবে ভাৰতীয় টকাৰ মূল্য নজিৰবিহীনভাৱে অৱমূল্যায়ন হৈছে। যােৱা এবছৰত প্রায় ১২% ইয়াৰ অৱমূল্যায়ন হৈছে আৰু বর্তমান এছিয়া মহাদেশৰ আটাইতকৈ নিম্নগামী হৈ থকা মুদ্রাবিধেই হৈছে ভাৰতীয় টকাৰ মূল্য। বর্তমান এক ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য হৈছে ৭২ টকা।
এনেধৰণৰ পৰিস্থিতিত ভাৰতীয় অর্থনীতি এক গভীৰ সংকটৰ পিনে গতি কৰাৰ আশংকাই দেখা দিছে। মােডী চৰকাৰৰ এই জনবিৰােধী নীতি সমূহ, বিফলতা সমূহৰ বিৰুদ্ধে তথা সর্বসাধাৰণৰ দুদর্শা কথা মােডী চৰকাৰক সোঁৱৰাই দিয়াৰ উদ্দেশ্যে আৰু ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি সমূহ ভাৰতবাসীৰ স্বাৰ্থত অহা ১০ ছেপ্তেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ভাৰত বন্ধৰ আহ্বান কৰিছে। সেই অনুসৰি অসমতাে ৰাইজৰ বৃহত্তৰ স্বাৰ্থত অসম প্রদেশ কংগ্ৰেছে সেইদিনা পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজাৰলৈকে এই বন্ধ কাৰ্য্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ সমূহ অসমবাসী ৰাইজৰ সহায় আৰু সহযােগিতা কামনা কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি