Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:56 am

Home » আঞ্চলিক » হিমা দাসক সম্বর্ধনা : ১.৬০ কোটি টকাৰ চেক প্ৰদান আৰু ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে আনুষ্ঠানিক প্ৰস্তাৱ

হিমা দাসক সম্বর্ধনা : ১.৬০ কোটি টকাৰ চেক প্ৰদান আৰু ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে আনুষ্ঠানিক প্ৰস্তাৱ

মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ প্ৰয়াসৰ বাবেই অসমে আজি বিশ্ব ক্রীড়াংগনত উজলি উঠিছে : ৰাজীৱ মেহতা
বিশ্ব ক্রীড়া জগতত হিমা দাসৰ সাফল্যত অসম গৌৰৱান্বিত : মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল
গুৱাহাটী : বিশ্ব ক্রীড়া জগতত হিমা দাসৰ সাফল্যত অসম গৌৰৱান্বিত। আন্তঃৰাষ্ট্ৰীয় ক্রীড়া জগতত পদক লাভ কৰি হিমা দাসে অনা এই অভাৱনীয় সাফল্যই আমাৰ উঠি অহা প্ৰজন্মৰ খেলুৱৈ সকলৰ মনত আত্মবিশ্বাসৰ ভাৱ দৃঢ় কৰি অধিক আগুৱাই যােৱাৰ বাবে অনুপ্ৰেৰণা যােগাব। হিমা দাসে যাতে এই সফলতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি অদূৰ ভৱিষ্যতে বিশ্ব ক্রীড়াংগনত অসম তথা দেশৰ অধিক সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে সকলাে ধৰণৰ সহযােগিতা আগবঢ়াব।”
আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ৰাজ্য চৰকাৰৰ ক্ৰীড়া যুৱ কল্যাণ বিভাগৰ দ্বাৰা সদ্যসমাপ্ত এছিয়ান গেমত এটা সােণৰ পদককে ধৰি সৰ্বমুঠ তিনিটা পদক তথা ফীণলেণ্ডত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধ জুনিয়ৰ বিশ্ব এথলেটিক চেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰত প্ৰথম ভাৰতীয় হিচাপে সােণৰ পদক অর্জনৰে ৰাজ্যবাসীৰ লগতে দেশবাসীক গৌৰৱান্বিত কৰা হিমা দাসক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনােৱাৰ বাবে আয়ােজিত অনুষ্ঠানত অংশ গ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এইদৰে কয়।
উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে দৌৰৰ ৰাণী অসম গৌৰৱ হিমা দাসক ৰাজ্য চৰকাৰৰ সংহত ক্রীড়া নীতি অনুসৰি সৰ্বমুঠ ১.৬০ কোটি টকাৰ আর্থিক পুৰস্কাৰৰ চেক প্রদান কৰাৰ উপৰি ৰাজ্যৰ ক্ৰীড়া এম্বেচাডৰ হিচাপে নিযুক্তিৰ প্ৰস্তাৱ আনুষ্ঠানিকভাৱে প্ৰদান কৰে।
হিমা দাসক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্রী সােণােৱালে ৰাজ্যৰ ক্রীড়া বিভাগত উচ্চ পদস্থ বিষয়াৰ পদৰ প্ৰস্তাৱ আগবঢ়াই কয় যে এই গৰাকী খেলুৱৈৰ সফলতাই গুৱাহাটীক ক্রীড়াৰ ৰাজধানী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত উল্লেখযােগ্য অৰিহণা যােগাব। মুখ্যমন্ত্ৰীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় ক্রীড়া জগতত পদক অর্জনৰে উজলি উঠি হিমা দাসে ৰাজ্যখনৰ বৰাক ব্রহ্মপুত্র, পাহাৰ-ভৈয়ামৰ জনসাধাৰণলৈ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।

মুখ্যমন্ত্রী সােণােৱালে কয় যে ৰাজ্যখনৰ ক্ৰীড়াৰ বিকাশৰ বাবে ক্রীড়া নীতিকে ধৰি বিভিন্ন পদক্ষেপ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। এক শক্তিশালী আন্তঃগাঁথনিৰে ক্ৰীড়াৰ এক পৰিৱেশ ৰচনা কৰা আৰু গাঁৱে-ভূঞে লুকাই থকা প্ৰতিভাসমূহ বিচাৰি উলিওৱাৰ বাবে ৰাজ্য চৰকাৰে পঞ্চায়ত পর্যায়তাে ক্রীড়া প্রতিযােগিতা অনুষ্ঠিত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে।
মুখ্যমন্ত্রী সােণােৱালে কয় যে নতুন প্রজন্মৰ এথলেটিক্স খেলুৱৈ সকলে যাতে আধুনিক বিজ্ঞান সন্মত ব্যৱস্থাৰে নিজৰ প্রতিভা বিকশাই তুলিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে এখন স্পিনটাৰ একাডেমী স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।
অনুষ্ঠানত ভাষণ প্রদান কৰি বিত্ত মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই হিমা দাসক অভিনন্দন জনাই কয় যে অসমবাসী আজি হিমা দাসৰ ওচৰত কৃতজ্ঞ। অদূৰ ভৱিষ্যতে এই গৰাকী প্রতিভাসম্পন্ন খেলুৱৈয়ে বিশ্ব ক্রীড়া প্রতিযােগিতাত অধিক সুনাম কঢ়িয়াই আনিব পাৰিব বুলি উল্লেখ কৰি কয় যে আগন্তুক অলিম্পিক প্রতিযােগিতাত হিমা দাসে পদক লাভ কৰিব বুলি দেশ তথা ৰাজ্যবাসীয়ে আশা ৰাখিছে। কিন্তু ইয়াৰ বাবে তেওঁৰ ওপৰত হেঁচা প্রয়ােগ কৰাৰ বিপৰীতে অলিম্পিকত পদক লাভ কৰাৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনাইছাে বুলিও মন্ত্রী গৰাকীয়ে কয়।
অনুষ্ঠানত ভাষণ প্রদান কৰি দৌৰৰ ৰাণী হিমা দাসে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি কয় যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমে আজি ক্ৰীড়াৰ ক্ষেত্ৰত এক নতুন মাত্রা লাভ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰয়াসৰ বাবেই ৰাজ্যখনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত হােৱাৰ উপৰি গ্রামাঞ্চলত ৫০০ খন ষ্টেডিয়াম নির্মাণৰ বাবে লােৱা পদক্ষেপে ৰাজ্যৰ ক্রীড়া ক্ষেত্ৰত এটা গতিশীল পদক্ষেপৰ সূচনা কৰিব বুলিও খেলুৱৈ গৰাকীয়ে কয়।
হিমা দাসে কয় যে আজি এই অনুষ্ঠানত সমবেত হােৱা বিভিন্ন সংগঠনৰ নতুন প্রতিভা উন্মেষৰ ক্ষেত্ৰত দায়িত্ব অধিক বৃদ্ধি পাইছে। অকল ক্ৰীড়াৰ ক্ষেত্ৰতেই নহয়, সাংস্কৃতিক জগতকে ধৰি বিভিন্ন ক্ষেত্ৰত এই সংগঠনসমূহে দৃঢ়তাৰে কাম কৰিলে আমাৰ নতুন প্রজন্মই বিভিন্ন ক্ষেত্ৰত বিশ্ব পর্যায়ত উজলি উঠিব পাৰিব।
হিমা দাসে কয় যে অসমৰ প্রতিখন জিলা, মহকুমা আৰু খণ্ড উন্নয়ন পর্যায়ৰ পৰা একোজনকৈ ক্রীড়া প্রতিভাৰ উন্মেষ সাধন কৰিব পাৰিলে অদূৰ ভৱিষ্যতে অসমে বিশ্ব ক্রীড়াংগনত অধিক সফলতা কঢ়িয়াই আনিব পাৰিব। সদ্য সমাপ্ত এছিয়ান গেমছত ৰাজ্যখনৰ পৰা এজনে পদক লাভ কৰিছে যদিও সংঘৱদ্ধ প্রচেষ্টাৰে নতুন প্রতিভা উন্মেষত গুৰুত্ব দিলে ভৱিষ্যতে আন্তঃৰাষ্ট্রীয় ক্রীড়াংগনত অসমে অধিক পদক লাভ কৰিবলৈ সক্ষম হ’ব। অসমত জন্ম গ্রহণ কৰাৰ বাবে নিজকে গৌৰৱবােধ কৰে বুলি উল্লেখ কৰি হিমা দাসে কয় যে অসমৰ খাদ্য, পাৰিপাৰ্শ্বিকতা ক্রীড়াৰ বাবে অতি উপযােগী। সেইবাবে আমাৰ উঠি অহা খেলুৱৈ সকলে কঠোৰ পৰিশ্ৰম কৰি এই পাৰিপাৰ্শ্বিকতাৰ মাজত নিজকে উজলাই তুলিব লাগিব বুলিও খেলুৱৈ গৰাকীয়ে কয়।
সভাত ইণ্ডিয়ান অলিম্পিক এছচিয়েশ্বনৰ সচিব প্রধান ৰাজীৱ মেহতাই কয় যে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ ক্ৰীড়ানুৰাগে অকল অসমকে নহয়, সমগ্ৰ দেশখনতে ক্ৰীড়াৰ এক বাতাবৰণ সৃষ্টিত উল্লেখযােগ্য ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীৰ সৈতে থকা সুদীর্ঘ কালৰ সম্পৰ্কৰ কথা উল্লেখ কৰি মেহতাই কয় যে মুখ্যমন্ত্রী সােণােৱালৰ প্ৰয়াসৰ বাবে ৰাজ্যখনত এক ইতিবাচক ক্রীড়াৰ পৰিৱেশ এটা গঢ় লৈ উঠিছে আৰু ইয়ে অদূৰ ভৱিষ্যতে অসমৰ খেলুৱৈক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠাৰ বাবে অধিক অনুপ্ৰেৰণা যােগাব। সদ্য সমাপ্ত এছিয়ান গেমছত হিমা দাসে দেখুওৱা সফলতাই সমগ্ৰ ভাৰতবাসীকে গৌৰৱান্বিত কৰিছে বুলি উল্লেখ কৰি মেহতাই কয় যে অদূৰ ভৱিষ্যতে দেশ তথা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ক্রীড়া প্রতিযােগিতা সমূহত অসমৰ খেলুৱৈ সকলে অধিক সফলতা কঢ়িয়াই আনিব পাৰিব।
এই অনুষ্ঠানত কেইবাগৰাকীও মন্ত্রী, সাংসদ, অর্জুন ভােগেশ্বৰ বৰুৱা, ইণ্ডিয়ান আৰু অসম অলিম্পিক এছচিয়েশ্বনৰ কাৰ্যকতা, মুখ্য সচিব, আৰক্ষী সঞ্চালক প্রধান, ক্রীড়া বিভাগকে ধৰি বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া, বিভিন্ন সংগঠনৰ প্রতিনিধিও উপস্থিত আছিল।
আনহাতে, আই এছ এছ এফ বিশ্ব চেম্পিয়শ্বিপৰ খুটিঙত সােণৰ পদক প্রাপ্ত হৃদয় হাজৰিকাক মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্রী সােণােৱালে কয় যে এই গৰাকী উদীয়মান খেলুৱৈৰ সফলতাই ৰাজ্যখনৰ ক্ৰীড়া জগতক বিশ্ব পর্যায়ত অধিক উজলাই তুলিলে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি