Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:18 pm

Home » আঞ্চলিক » সমস্যাৰে জৰ্জৰিত ৰাজ্যৰ হাজাৰ হাজাৰ উপ-ডাকঘৰ

সমস্যাৰে জৰ্জৰিত ৰাজ্যৰ হাজাৰ হাজাৰ উপ-ডাকঘৰ


লাহৰীঘাট : কেন্দ্ৰীয় চৰকাৰে ডাকঘৰ সমূহত ন ন আঁচনি সংযোজন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। শেহতীয়াকৈ আইপিপিবিৰ দৰে অভিলাষী আঁচনি ৰূপায়ন কৰা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডাকঘৰ সমূহত বেংকতকৈ উন্নতমানৰ সেৱা আগবঢ়াৱলৈ অশেষ চেষ্টা অব্যাহত ৰাখিছে। অথচ মৰিগাঁও জিলাৰ লাহৰীঘাট উপ-ডাকঘৰৰ এশ এবুৰি সমস্যাই গ্ৰাহক ৰাইজক যমৰ যাতনা ভূগাইছে।
কেন্দ্ৰীয় চৰকাৰৰ নতুন নীতি-নিয়মানুসাৰে ডাকঘৰৰ কাম-কাজৰ পৰিসৰ যথেষ্ট বৃদ্ধি হৈছে। এই শেহতীয়া নিৰ্দেশনা অনুসৰি বিত্তীয় লেনদেন, আধাৰ কাৰ্ড আদি কৰি যথেষ্ট কাম-কাজ লাহৰীঘাট উপ-ডাকঘৰে সম্পাদন কৰে। কিন্তু বৃহত্তৰ লাহৰীঘাট অঞ্চলত অনিয়মীয়া বিদ্যুত যোগানৰ বাবে এই কাম-কাজসমূহ সম্পাদনাত যথেষ্ট অসুবিধা হোৱা দৃষ্টিগোচৰ হৈছে।
ইয়াৰোপৰি আধাৰ কাৰ্ড প্ৰাপ্তিৰ কাৰণে ডাকঘৰত পাচবুক থকা বাধ্যতামূলক কৰাত গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। ইপিনে উপ-ডাকঘৰখনত সাধাৰণ জনতাতো দূৰৰ কথা জেষ্ঠ নাগৰিকৰ বাবেও বহাৰ কোনো সু-ব্যৱস্থা নাই। ফলত গ্ৰাহকসকলে পৰ্যাপ্ত আসনৰ অভাৱত থিয় হৈ থাকি কাৰ্যালয় সম্পৰ্কীয় কাম-কাজ সম্পাদন কৰিবলৈ বাধ্য হয়। সম্প্ৰতি কাৰ্যালয়খনত বিত্তীয় লেনদেনৰ ক্ষেত্ৰতো বহু সমস্যাই দেখা দিছে।
প্ৰাপ্ত অভিযোগ অনুসৰি, নিজৰ কষ্টোপাৰ্জিত জমা ধনৰাশি মোকলাবলৈ গ্ৰাহক সমাজে ভোগ কৰিছে তিক্ত যন্ত্ৰণা। কেতিয়াবা লিংক নাই, কেতিয়াবা আকৌ ছাৰ্ভাৰ ডাউন। বাতৰি লিখা পৰলৈকে উপ-ডাকঘৰ খনৰ অধীনস্থ ১১ খন শাখা ডাকঘৰৰ কোনো এজন কৰ্মচাৰীয়ে লাভ কৰা নাই অন্তিম মাহৰ দৰমহা।
উল্লেখ্য যে, ডাকঘৰ খনৰ এখনি লোহাৰ চন্দুক বিগত ছমাহ ধৰি মাটিৰ তলত পৰিত্যক্ত অৱস্থাত থকা পৰিলক্ষিত হৈছে। পৰিপ্ৰেক্ষিতত ৰাজকীয় চন্দুকখনত মামৰে ধৰি সম্প্ৰতি নিঃচিহ্ন হবলৈ ধৰিছে। ভূক্তভোগী ৰাইজে যথাশীঘ্ৰে ইয়াৰ বিহীত ব্যৱস্থা লোৱাৰ বাবে দাবী জনাইছে।
মন কৰিবলগীয়া যে কেৱল লাহৰীঘাটৰ উপডাকঘৰেই নহয়, ৰাজ্যৰ ভিন্নত প্ৰান্তত থকা উপ-ডাকঘৰ আৰু শাখা ডাকঘৰসমূহৰো এই একেই অৱস্থা৷ গতিকে এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কেনে পদক্ষেপ গ্ৰহণ কৰিব সেয়া অৱশ্যে লক্ষণীয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি