Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:36 pm

Home » আঞ্চলিক » সমষ্টি উন্নয়নত গুৰুত্ব নাই বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ

সমষ্টি উন্নয়নত গুৰুত্ব নাই বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ


বে-চৰকাৰী সংস্থাই মেৰামতি কৰিলে জৰাজীৰ্ণ গড়কপ্তানী পথ


তামাৰহাট : অসম-বঙ্গ সীমান্তৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলা দুখনৰ সংযোগী তথা অতি গুৰুত্বপূৰ্ণ পথটো হল ধুবুৰী-কচুগাঁও গড়কপ্তানী পথ। এক কথাত কবলৈ গ’লে ধুবুৰী জিলাৰ জনসাধাৰণৰ আয়ুসৰেখা এই পথছোৱা প্ৰায় কুৰি বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত পৰি আছে। ফলত লক্ষাধিক ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ-যাতনাত ভুগিব লগা হৈছে।
কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ত আৰোপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। উল্লেখ্য যে উক্ত জৰাজীৰ্ণ পথছোৱাৰ কিছু অংশ অৰ্থাৎ তামাৰহাটৰ পৰা হাতীধুৰালৈ লৈ যোৱা পথছোৱা গোঁসাইগাঁও বিধানসভা তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু তামাৰহাটৰ পৰা বালাজানলৈ গোলকগঞ্জ বিধানসভা তথা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।
গোসাইগাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত তামাৰহাট অঞ্চলটো বিটিচি বহিৰ্ভুত হোৱা বাবে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে একেৰাহে পোন্ধৰ বছৰ ধৰি বিধায়ক হোৱা সত্বেও গুৰুত্বপূৰ্ণ গড়কপ্তানী পথটোত কোনো চকু দিয়া নাই। আনকি নিৰ্বাচনৰ আগত কথাৰ ফুলঝাৰী মৰা সাংসদ নৱ কুমাৰ শৰণীয়াই কোনো দিনেই ভূমুকি মৰা তামাৰহাট অঞ্চলটোৰ লগতে পথছোৱাৰ ওপৰত।
ফলত বিভিন্ন ক্ষেত্ৰত যাতায়তৰ বাবে সাধাৰণ ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। হাট-বজাৰ, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, চৰকাৰী কাৰ্য্যালয় আদি ঠাইলৈ যাওঁতে পথত বিভিন্ন দুৰ্ঘটনা হোৱাও পৰিলক্ষিত হয়। ফলত স্হানীয় ৰাইজৰ আহ্বানত বিশিষ্ট সমাজ সেৱক তথা স্বজল ফাউণ্ডেশ্বনৰ মুখ্য পৰিচালন সঞ্চালক স্বজল সিংহই যাতায়তত ৰাইজৰ বিলৈ দেখি তিনি লাখৰো অধিক টকা ব্যায় সাপেক্ষে তামাৰহাটৰ পৰা হাতীধূৰা লৈ দুই কিলমিটাৰ পথ মেৰামতি কৰি দিয়াৰ বাবে পদক্ষেপ হাতত লৈ পথছোৱা মেৰেমতি কৰি দিয়ে।
উল্লেখ্য যে যোৱা কিছু বছৰ ধৰি সজল ফাউণ্ডেচনে উক্ত পথছোৱা প্ৰতি বছৰে মেৰামতি কৰি আহিছে যদিও স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী তথা বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে বিগত পোন্ধৰ বছৰৰ ধৰি বিধায়ক হৈ থকা সত্বেও উক্ত অঞ্চলটো বি টি এ ডি ৰ বহিৰ্ভূত হোৱাৰ বাবে কোনো ধৰণৰ উন্নয়ন মূলক কাম কৰা নাই বুলি অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী ৰাইজে।
বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে নিৰ্বাচনৰ আগত অঞ্চলটোলৈ আহি বিভিন্ন উন্নয়নৰ প্ৰলোভন দেখুৱাই উক্ত অঞ্চলৰ ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহাৰ লগতে নিৰ্বাচন ওলোৱাৰ পিছত অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত নিমাতি কইনাৰ ভাও ধৰি আহিছে বুলিও একাংশ ব্যক্তিয়ে অভিযোগ কৰিছে। ফলত উপায়ন্তৰ ৰাইজৰ সুবিধাৰ বাবে সজল ফাউণ্ডেচনৰ মুখ্য পৰিচালন সঞ্চালক স্বজল সিংহই ব্যক্তিগত ধনেৰে গড়কপ্তানী পথ মেৰামতি কৰাৰ দৰে কাম হাতত লৈছে।
ইয়াৰ উপৰিও বিভিন্ন ক্ষেত্ৰৰ দুখীয়াক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে দলং মেৰামতি, বিনামূলীয়া চিকিৎসা প্ৰদান আদি সামাজিক কাম কাজ ৰাইজৰ উন্নয়ন মূলক পদক্ষেপ গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে। সজল ফাউণ্ডেচন তথা সজল ফাউণ্ডেচনৰ মুখ্য পৰিচালনা সঞ্চালক সজল সিংহই ব্যক্তিগত ধনেৰে বিভিন্ন সমাজসেৱা মূলক কাম কাজ কৰাৰ লগতে গড়কপ্তানী পথ মেৰামতিৰ দৰে পদক্ষেপ হাতত লোৱাত সংস্থাটোক ধন্যবাদ জ্ঞাপন কৰিছে স্থানীয় সচেতন মহলে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি