গুৱাহাটী : কাৰণ দশোর্ৱাৰ জাননীৰে আত্মপক্ষক সুযোগ নিদিয়াকৈ দলৰ প্রাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰাৰ পাছত বিজেপিৰ ৰাজ্যিক নেতৃত্ব আৰু মুখ্যমন্ত্রীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিজেপি নেত্রী মীৰা বৰঠাকুৰ৷ সংবিধান উলংঘা কৰি কৰা বহিষ্কাৰক মানি নলয় বুলি উল্লেখ কৰিছে বিজেপিৰ নেত্রীগৰাকীয়ে৷
নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁইৰ অনৈতিক কার্যৰ বিৰোধিতা কৰি গ্রহণ কৰা স্থিতিৰ বাবে দলৰ মুষ্টিমেয় নেতাৰ ষড়যন্ত্রৰ বলি হ’ল বুলি কয় বৰঠাকুৰে৷ কালি দলৰ প্রাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰাৰ পাছত আজি দিছপুৰ প্রেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত প্রাক্তন ৰাজ্যিক সম্পাদক আৰু মুখপাত্র বৰঠাকুৰে বিজেপিৰ ৰাজ্যিক নেতৃত্ব আৰু মুখ্যমন্ত্রীৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷
সংবাদমেলত তেওঁ কয় যে অসমৰ দায়িত্বত থকা বিজেপি নেতা চন্দ্রশেখৰৰ ওচৰত শাৰীৰিকভাৱে আত্মসমর্পণ নকৰাৰ সময়ৰে পৰা ষড়যন্ত্রৰ বলি হৈ আহিছে৷ এই বিষয়টো সন্দর্ভত ৰাজ্যিক সভাপতি হৈ থকাৰ পৰা মুখ্যমন্ত্রী হোৱালৈ সর্বানন্দ সোণোৱাললৈ ২৭খন চিঠি দিছিল যদিও এখনো চিঠিৰ সদুত্তৰ নাপালে৷ ইয়াৰ পৰাই প্রতিষ্ঠা হ’ল যে তেওঁ সিদ্ধান্ত ল’ব নোৱাৰে৷ তদুপৰি মুখ্যমন্ত্রীয়ে কোনো এটা ৰাস্তা সম্পূর্ণ কৰি তোলাৰ বাবে সময় দি নির্দেশ দিয়ে৷ সেই নির্দেশ কেজুৱেল৷
সেয়েহে নির্দেশ কার্যকৰী হৈ নুঠে৷ বিজেপিৰ নেত্রীগৰাকীয়ে সংবাদমেলত কয় যে বিজেপিৰ ‘ভিজন ডকুমেণ্ট’ত অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ প্রতিশ্রুতি দিয়া হৈছিল৷ সেই প্রতিশ্রুতি উলংঘা কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব বিচৰা হৈছে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে ষড়যন্ত্রৰ বলি হোৱাৰ কথাও তেওঁ উল্লেখ কৰে৷ বৰঠাকুৰে আৰু কয় যে নাগৰিকত্ব আইনৰ ক্ষেত্রত যিসকলে আপোচ কৰিছে তেওঁলোকে ব্যৱসায় কৰিছে৷
বৰঠাকুৰে কয় যে তেওঁ ৰাজনীতি কৰিছে কিন্তু ৰাজনীতিৰ ব্যৱসায় নকৰে৷ ইফালে কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁইৰ অনৈতিক কার্যৰ বিৰোধিতা বিজেপিৰ মহিলা মর্ই নকৰাত ক্ষোভ প্রকাশ কৰি কয় যে তেওঁ গোহঁাইৰ কার্যকলাপৰ বিষয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীক চিঠি লিখিছিল৷ সেয়েহে ষড়যন্ত্রৰ বলি হৈছে৷ বিজেপিৰ নেতা চন্দ্র শেখৰে তেওঁলৈ দিয়া অশালীন প্রস্তাৱৰ পৰা আৰম্ভ কৰি ৰাজেন গোহঁাইৰ কার্যৰ কথা উল্লেখ কৰি বৰঠাকুৰে কয় যে ইয়াৰ পাছত ‘বেটী বচাও, বেটী পঢ়াও’ শ্ল’গানৰ নৈতিকতা ক’ব থাকিল?
বিজেপিৰ নেত্রীগৰাকীয়ে কয় যে বিজেপিক এতিয়া মুষ্টিমেয় কেইজনমান লোকে চলাই আছে৷ দল এতিয়া যেনেদৰে চলিছে তেনেদৰে প্রাইভেট কোম্পানীও নচলে৷ দলৰ নীতিৰ পৰা আঁতৰি গৈ কোনো কাম কৰা নাই বুলি উল্লেখ কৰি বৰঠাকুৰে কয় যে বিজেপিৰ সংবিধান অনুসৰি প্রাথমিক সদস্যক বহিষ্কাৰ কৰিবলৈ কাৰণ দশোর্ৱাৰ জাননী, অনুশাসন কমিটীৰ অনুমোদনৰ প্রয়োজন৷
মহিলা মর্ৰ অনুমোদনৰ ভিত্তিত বহিষ্কাৰৰ পত্রখন সাধাৰণ সম্পাদক দিলীপ শইকীয়াই মেইলৰ জৰিয়তে প্রেৰণ কৰি নূ্যনতম সৌজন্যতাকণ দেখুৱাব নোৱাৰি হোৱাটছ এপৰ মেছেজত দিছিল বুলি উল্লেখ কৰি বিজেপি নেত্রীগৰাকীয়ে কয় যে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে হুৰমূৰ কৰি সংবিধান উলংঘন কৰিব নালাগে৷ তেওঁ আৰু কয় যে বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানিৰ আজি দলত যি অৱস্থা হৈছে তেনেক্ষেত্রত মীৰা বৰঠাকুৰ কোন?