নগাঁও : নগাঁও জিলাৰ বটদ্ৰৱা ভোমোৰাগুৰি লালুংগাঁৱৰ নাবালিকা বলাত্কাৰ আৰু হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত জাকিৰ হুছেইনক দৃষ্টান্তমূলক শাস্তি বিহিলে আদালতে। আজি নগাঁৱৰ বিশেষ ন্যায়াধীশ ৰীতা কৰৰ আদালতে এক ঐতিহাসিক ৰায়দান কৰি সেই জঘন্য কাণ্ডটোৰ অন্যতম মূল অপৰাধী জাকিৰ হুছেইনক মৃত্যুদণ্ডেৰে দণ্ডিত কৰে।
স্মৰ্তব্য যে, চলিত বৰ্ষৰ ২৩ মাৰ্চত সংঘটিত ৰাজ্য কঁপোৱা বটদ্ৰৱাৰ ধনিয়াভেটি লালুংগাঁৱৰ নাবালিকা বলাত্কাৰ আৰু হত্যাকাণ্ডটোৰ বিচাৰ বিশেষ দ্ৰুত আদালতত হৈছিল। মাত্ৰ ১১৪ দিনতে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি নগাঁৱৰ বিশেষ ন্যায়াধীশ ৰীতা কৰৰ আদালতে যোৱা ৪ ছেপ্টেম্বৰত জাকিৰ হুছেইনক দোষী সাব্যস্ত কৰিছিল। সিদিনা আদালতে শাস্তি ঘোষণাৰ বাবে আজিৰ দিনটোক স্হিৰ কৰিছিল। আজি অপৰাধীৰ শাস্তিৰ ৰায়দানৰ সময়ত আদালত চৌহদ ভুক্তভোগীৰ আত্মীয়, বিভিন্ন দল-সংগঠনৰ লোকেৰে লোকাৰণ্য হৈ পৰে। আনকি আদালত চৌহদৰ বাহিৰত প্ৰগতিশীল নাৰী সন্থাই জাকিৰৰ ফাঁচিৰ দাবীত ধৰ্ণাও দিয়ে। এনে এক চৰম উত্কণ্ঠাৰে ভৰা সময়ৰ মাজতে আজি দুপৰীয়া ১২.৩০ বজাত বিশেষ ন্যায়াধীশ ৰীতা কৰে অপৰাধীৰ শাস্তি ঘোষণা কৰে।
আজি শাস্তি ঘোষণাৰ সময়ত আদালতত অপৰাধী জাকিৰ হুছেইনকো হাজিৰ কৰোৱা হয়। লক্ষ্যণীয়ভাৱে আজি আদালতলৈ লৈ অহাৰ সময়ত, আনকি শাস্তি ঘোষণাৰ সময়তো অপৰাধী জাকিৰ হুছেইনৰ চকুৱে-মুখে কোনো ধৰণৰ ভয়-শংকা, অনুশোচনাৰ তিলমানো ভাব ফুটি উঠা পৰিলক্ষিত নহ’ল। ন্যায়াধীশ ৰীতা কৰৰ বিশেষ আদালতে জাকিৰ হুছেইনক ভাৰতীয় দণ্ড বিধিৰ ৩০২ ধাৰাত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড বিহে। আনহাতে জাকিৰক ৪৪৮ ধাৰাৰ অধীনত এবছৰ কাৰাদণ্ড, ২০১ ধাৰাৰ অধীনত ৩ বছৰ কাৰাদণ্ড, ৫ হাজাৰ টকা জৰিমনা, জৰিমনা অনাদায়ে অতিৰিক্ত তিনি মাহ কাৰাদণ্ড, এছ পি এল পি অ’ চি এছ অ’ এক্টৰ ধাৰা ৬ৰ অধীনতো দোষী সাব্যস্ত কৰি যাবজ্জীবন কাৰাদণ্ড, দহ হেজাৰ টকা জৰিমনা, জৰিমনা অনাদায়ে অতিৰিক্ত ৬ মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰে।
আজি বিশেষ ন্যায়াধীশ ৰীতা কৰৰ আদালতে জাকিৰ হুছেইনক মৃত্যুদণ্ডেৰে দণ্ডিত কৰাত বিভিন্ন দল-সংগঠন, ছাত্র-ছাত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে। আনহাতে ৰাইজে আৰক্ষীৰ ভূমিকাৰো শলাগ লৈছে।
চলিত বৰ্ষৰ ২৩ মাৰ্চত সংঘটিত হৈছিল ৰাজ্য কঁপোৱা বটদ্ৰৱাৰ ধনিয়াভেটি লালুংগাঁৱৰ নাবালিকা বলাত্কাৰ আৰু হত্যাকাণ্ডটো। সিদিনা গাঁওখনৰ জাকিৰ হুছেইন নামৰ বিবাহিত যুৱকজনে আন দুজন নাবালক সতীৰ্থৰ লগ লাগি এগৰাকী অসহায় নাবালিকাক ঘৰত কোনো নথকা অৱস্থাত উপৰ্যুপৰি বলাত্কাৰ কৰি অপৰাধ ঢাকিবলৈকে নাবালিকাৰ গাত কেৰাচিন ঢালি জ্বলাই দিছিল।
আনহাতে বটদ্ৰৱাৰ ভোমোৰাগুৰি লালুংগাঁৱৰ নাবালিকা বলাত্কাৰ-হত্যাকাণ্ডৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই জঘন্য কাণ্ডৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুত আদালতত কৰাবলৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক লিখিতভাৱে আৱেদন জনাইছিল। গোচৰটোৰ প্ৰতিদিনে শুনানিৰ বাবেও তেওঁ আৱেদন কৰিছিল। মুখ্যমন্ত্ৰী সোণোৱালৰ এই আৱেদনৰ পৰিপ্ৰেক্ষিতত বিশেষ আদালতত (দ্ৰুত আদালত) গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিছিল। আনকি গোচৰটোৰ বাবে চৰকাৰী পক্ষই মানস জ্যোতি নেওগক বিশেষ চৰকাৰী অধিবক্তা হিচাপেও নিযুক্তি দিছিল। দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াবলৈ সফল হোৱাৰ ক্ষেত্ৰত বিশেষ চৰকাৰী অধিবক্তা নেওগে কয়,‘‘গোচৰটোৰ বিশেষত্ব আছিল ই ফাষ্টট্ৰেক আদালতত চলিছিল। এই গোচৰটোৱেই দ্ৰুত আদালতত বিচাৰ চলা ৰাজ্যখনৰ ভিতৰত প্ৰথম গোচৰ আছিল যাৰ শুনানি আদালত খোলা থকা প্ৰতিটো দিনতে হৈছিল। এইটো ৰেয়াৰেষ্ট অব দা ৰেয়াৰ গোচৰ হিচাপে চিহ্নিত কৰা হৈছিল।’’