গুৱাহাটী : হৰেন বৰাসহ তেওঁৰ পাঁচজনীয়া পৰিয়ালটোৰ উৱলি যোৱা মৃতদেহসমূহ দিখৌ নদীৰ বুকুৰ পৰা অভিশপ্ত বাহনখনৰ সৈতে কালি দুপৰীয়াৰ ভাগত উদ্ধাৰ কৰাৰ পাছতেই গুৱাহাটীৰ ভৰা ব্রহ্মপুত্রৰ মাজত ভুটভুটী দুর্ঘটনাগ্রস্ত হোৱা কাণ্ডই প্রত্যেকজন হূদয়ৱান লোককে কৰি তুলিছে ব্যথিত৷
কালি সংঘটিত ভয়াৱহ নাও দুর্ঘটনাটো ৰাজ্যৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগে দায়িত্বশীলতাৰে কাম কৰা হেঁতেন সংঘটিত নোহোৱাৰ থল আছিল বুলিও বিভিন্ন মহলে অভিযোগ কৰিছে৷ অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়া-কর্মচাৰীৰ চূড়ান্ত কাণ্ডজ্ঞানহীনতাৰ সুযোগ গ্রহণ কৰি সমগ্র ৰাজ্যখনতে ফেৰীৰ মালিক আৰু কর্মচাৰীসকলে যাত্রীৰ জীৱনৰ লগত দীর্ঘদিন ধৰি হেতালি খেলি আহিবলৈ সাহস কৰিব পাৰিছে৷
উল্লেখযোগ্য যে মাত্র কেইটামান টকাৰ লালসাত ৰাজ্য চৰকাৰৰ এই বিয়াগোম বিভাগটোৱে যাত্রীৰ জীৱনলৈ কাল অমানিশা নমাই অনা এইটোৱেই প্রথম ঘটনা নহয়৷ ইয়াৰ পূর্বেও ৰাজ্যৰ বিভিন্ন প্রান্তত সংঘটিত হৈছে এনে বহুকেইটা ভয়াৱহ নৌকা দুর্ঘটনা৷ কালিৰ দুর্ঘটনাটোৰ পিছত গুৱাহাটীত প্রশাসনে অনির্দিষ্ট কাললৈ ভুটভুটীৰ চলাচল বন্ধ কৰি দিছে যদিও ৰাজ্যৰ বিভিন্ন প্রান্তত আজিও অতি বিপদসংকুলভাৱে ব্রহ্মপুত্রৰ ওপৰত চলাচল কৰি আছে যাত্রীবাহী ফেৰী৷
আজি এই প্রতিবেদকে ডিব্রুগড় জিলাৰ বগীবিল ফেৰীঘাটত উপস্থিত হৈ এনে এক কাণ্ডই প্রত্যক্ষ কৰে৷ জিলাখনৰ বগীবিল ঘাটত আজিও নীতি-বহির্ভূতভাৱে অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্রত্যক্ষ নির্দেশত প্রাণ হাতত লৈ শ শ যাত্রী পাৰাপাৰ হোৱা দৃশ্য দেখা পাই এই প্রতিবেদকে৷ লেচী, মহৰীৰ সন্মুখতে পাণ জপা দি মানুহ আৰু সেই নাৱতেই ওজনৰ সীমাবদ্ধতাক ভেঙুচালি কৰি গধুৰ গধুৰ বাহনো পাৰাপাৰ কৰা পৰিলক্ষিত হয়৷
ইতিপূর্বে ডিব্রুগড়ৰ বগীবিল আৰু ধেমাজিৰ কাৰেং চাপৰিৰ মাজত চলাচল কৰা এই ফেৰীসমূহত কেইবাটাও দুর্ঘটনা তথা এগৰাকী মহিলা আৰু দুজন জ্যেষ্ঠ ব্যক্তি চলন্ত ফেৰীৰ পৰা ব্রহ্মপুত্রৰ বুকুত পৰি মৃত্যু হোৱাৰ লগতে ফেৰীত উঠোৱাৰ সময়ত পানীত গাড়ী পর্যন্ত পৰিছে যদিও এইপর্যন্ত অভ্যন্তৰীণ জল পৰিবহণ বিভাগ বা ফেৰীৰ মালিক-কর্মচাৰী কোনো পক্ষৰেই গাত কথা লগা নাই৷
ফেৰীসমূহত কোনো ৰেলিং নথকাকৈ, লাইফ জেকেট, টিউব আদি নথকাকৈ অতি বিপদসংকুলভাৱে চাৰিচকীয়া বাহন চাৰিখন পর্যন্ত কঢ়িয়াই নিয়াৰ লগতে দুচকীয়া বাহন পাঁচৰ পৰা দহখন পর্যন্ত উঠাই নিয়ে৷ ফেৰীসমূহত যাৱতীয় নিয়ম নমনাকৈ এনেদৰে যাত্রী কঢ়িয়াই আনে৷ কিমান যাত্রী, কিমান বাহন বা কিমান বহনক্ষমতা আৰু যাত্রীৰ বীমাকৰণ আদি সকলো ফেৰীতে স্পষ্টকৈ লিখা থাকিব লাগে যদিও চলাচল কৰা কোনো ফেৰীতে নাথাকে এইসমূহ উল্লেখ থকা ফলক৷
কিমান যাত্রী উঠা-নমা কৰিছে তাৰো কোনো তালিকা বা পঞ্জীয়ন নাথাকে৷ ঘাটত চকু মুদা কুলিৰ ভাও ধৰি কেৱল নামত দায়িত্ব পালন কৰে অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কর্মচাৰীয়ে৷ বিভাগৰ সহযোগত ঠিকাদাৰ তথা লেচীয়ে মইমতালিত বগীবিল আৰু কাৰেং চাপৰিৰ মাজত যাত্রীসকলে বিপজ্জনকভাৱে দীর্ঘদিন ধৰি যাতায়াত কৰিবলৈ বাধ্য হৈ আহিছে৷ বিভাগটোৰ দায়িত্বহীন চৰিত্রৰ বাবেই উত্তৰ গুৱাহাটীত কালি সংঘটিত হ’বলৈ পালে শোকাৱহ নাও দুর্ঘটনাটো৷
কিন্তু ইয়াৰ পাছতো শিক্ষা নোলোৱা অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ক্ষেত্রত চৰকাৰে কি ব্যৱস্থা লয় সেয়া অতিকৈ লক্ষণীয় হ’ব৷ উল্লেখযোগ্য যে ডিব্রুগড়ৰ বগীবিল ঘাটত বগীবিল-কাৰেং চাপৰিৰ মাজত দুখন চৰকাৰী ফেৰী, তেৰখন লাইন ফেৰী আৰু ব্যক্তিগতভাৱেও আছে প্রায় বাৰখন ফেৰী৷ বগীবিল-চিচি কলঘৰৰ মাজত এখন বেচৰকাৰী ফেৰী, ডিব্রুগড়-মাজৰবাৰী ঘাটৰ মাজত এখন চৰকাৰী, ডিব্রুগড়-পাণবাৰীৰ মাজত এখন বেচৰকাৰী ফেৰী, ডিব্রুগড়-কছাৰী উৰিয়ামঘাটৰ মাজত দুখন চৰকাৰী ফেৰী চলাচল কৰে৷
বগীবিলৰ পৰা কাৰেং চাপৰিলৈকে চলাচল কৰা লাইন ফেৰীত প্রতিখন চাৰিচকীয়া বাহনৰ পৰা বাৰশ টকাৰ পৰা ষোল্লশ টকা ভাৰা, দুচকীয়া বাহনত তিনিশ টকা আৰু যাত্রীয়ে প্রতি সত্তৰ টকাকৈ ভাৰা লয় যদিও লেচী তথা ফেৰী কর্তৃপক্ষই যাত্রীৰ নিৰাপত্তাৰ বিষয়টো সম্পূর্ণ এৰাই চলে৷ আনহাতে, ব্যক্তিগত ফেৰীত প্রতিখন বাহনত ২৫০০ টকাৰ পৰা ৩০০০ টকালৈকে সংগ্রহ কৰি মুনাফা লুটি আহিছে৷ কিন্তু ইয়াৰে অধিকাংশ ফেৰীয়েই বছৰ বছৰ ধৰি জোৰা-টাপলি মাৰিহে চলাই আহিছে৷
পচি যোৱা কাঠবিলাকৰ মাজে মাজে পানী সোমায়৷ এইবিলাক সময়ে সময়ে সলনি কৰি দুর্বল ফেৰী মজবুত কৰিবলৈ যত্ন কৰি আহিছে৷ আনহাতে, ইঞ্জিনসমূহ অতি পুৰণি আৰু দুর্বল হৈ পৰাত বিভিন্ন সময়ত বিজুতি হৈ পানীৰ মাজতে আবদ্ধ হৈ পৰে৷ অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কার্যবাহী অভিযন্তা মতিন্দ্র মিশ্র শর্মাই এখন জাননী জাৰি কৰিয়েই নিজৰ দায়িত্ব সামৰাহে পৰিলক্ষিত হৈছে৷
এনেবোৰ বিভিন্ন বিসংগতিৰ ফলতেই উত্তৰ গুৱাহাটীত শোকাৱহভাৱে ব্রহ্মপুত্রৰ বুকুত ফেৰী দুর্ঘটনা সংঘটিত হ’বলৈ পালে বুলি চর্ চলাৰ সময়তে ডিব্রুগড়ৰ বগীবিল ঘাটত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পূর্বেই বিভাগীয় কর্তৃপক্ষই ব্যৱস্থা গ্রহণ কৰাৰ পোষকতা কৰিছে ডিব্রুগড়ৰ সচেতন মহলে৷