Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:42 am

Home » আঞ্চলিক » ঐকমত্যত উপনীত : সমিলমিলেৰে অনুষ্ঠিত হ’ব গুৱাহাটীৰ তিনিওখন গ্রন্থমেলা

ঐকমত্যত উপনীত : সমিলমিলেৰে অনুষ্ঠিত হ’ব গুৱাহাটীৰ তিনিওখন গ্রন্থমেলা

গুৱাহাটী : অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্রন্থমেলা-২০১৮’ আৰু ‘শিশু গ্রন্থ উৎসৱ লগতে সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উত্তৰ-পূব গ্রন্থমেলা’ নির্দিষ্ট ঘােষিত তাৰিখতেই সমিলমিলেৰে আয়ােজন হ’ব। উক্ত তিনিওখন গ্রন্থমেলা আয়ােজন সন্দৰ্ভত শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ সিদ্ধার্থ ভট্টাচাৰ্যৰ আহ্বানত দিশপুৰৰ শিক্ষামন্ত্রী কার্যালয়ৰ সভাকক্ষত আয়ােজিত এখন সভাত গ্রন্থমেলাৰ উদ্যোক্তাসকল এই সিদ্ধান্তত ঐকমত্যত উপনীত হয়। প্রকাশন পৰিষদৰ সচিব প্রমােদ কলিতাই আজি এক বিজ্ঞপ্তিত এই কথা জনায়।
সভাত শিক্ষামন্ত্রীয়ে পৰৱর্তী বছৰত অসম প্ৰকাশন পৰিষদৰ সৈতে সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই সন্মিলিতভাৱে গ্রন্থমেলা আয়ােজন কৰিবৰ বাবে পৰামৰ্শ তথা চৰ্ত দাঙি ধৰে। তাৰ বাবে এতিয়াৰ পৰাই কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাক শিক্ষামন্ত্রীয়ে আহ্বান জনায়। এই সভাত মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গােস্বামীয়ে পূর্বৰ সকলাে আসোঁৱাহ দূৰ কৰি গ্ৰন্থৰ ভৱিৱষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত সমিলমিলেৰে কাম কৰাৰ বাবে আহ্বান জনায়।
উক্ত সভাতে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ইতিবাচক দৃষ্টিভংগীৰে কাম কৰিলেহে গ্ৰন্থৰ প্ৰসাৰ আৰু প্ৰচাৰৰ পথ প্রশস্ত হ’ব বুলি উল্লেখ কৰে। লগতে তেওঁ গ্রন্থমেলা বর্জন কৰাৰ দৰে কাৰ্য কেতিয়াও সমর্থনযােগ্য নহয় বুলি মত প্রকাশ কৰে। এই সভাত প্রকাশক আৰু বিক্রেতা সংস্থাৰ হৈ নবীন বৰুৱাই ভৱিষ্যতে অসম প্ৰকাশন পৰিষদৰ গ্রন্থমেলাত সংস্থাই পূর্ণ সহযােগিতা আগ বঢ়োৱাৰ প্রতিশ্রুতি দিয়ে।
শিক্ষামন্ত্রীয়ে এই বছৰ চান্দমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰতেই নির্দিষ্ট তাৰিখত উত্তৰ-পূব গ্রন্থমেলা আৰু গুৱাহাটী গ্রন্থমেলা আয়ােজন কৰাৰ লগতে পূর্ব নির্ধাৰিত সময়ত শিশু গ্রন্থ উৎসৱ যথােপযুক্ত স্থানত আয়ােজন কৰাৰ বাবে মত প্রকাশ কৰে। সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ বিষয়ববীয়াৰ উপৰি উক্ত সভাত পদ্মশ্রী অজয় দত্ত, প্রবীণ সাংবাদিক হাইদৰ হুছেইন, লেখক ড°দয়ানন্দ পাঠককে ধৰি কেবাগৰাকী ব্যক্তি উপস্থিত থাকে।
সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ বিষয়ববীয়াসকলে শিক্ষামন্ত্রীৰ কথা মানি লৈ পৰৱৰ্তী সময়ত সেইমতে কামত অগ্ৰসৰ হ’ব বুলি উল্লেখ কৰে। শিক্ষামন্ত্রীয়ে আজিৰ সভাত স্পষ্টকৈ জনায় যে ভৱিষ্যতে চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰখন আবণ্টন পাবলৈ হ’লে সমিলমিলেৰে সন্মিলিতভাৱে গ্রন্থমেলা আয়ােজন কৰিব লাগিব। শিক্ষামন্ত্রী এই আহ্বানক অসম প্ৰকাশন পৰিষদৰ সচিব প্রমােদ কলিতাই আদৰণি জনাইছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি