Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:55 pm

Home » আঞ্চলিক » হৰেন বৰাৰ পৰিয়ালৰ উদ্ধাৰ অভিযানৰ বাবে কেন্দ্রৰ সহযোগ বিচাৰিলে মুখ্যমন্ত্রীয়ে

হৰেন বৰাৰ পৰিয়ালৰ উদ্ধাৰ অভিযানৰ বাবে কেন্দ্রৰ সহযোগ বিচাৰিলে মুখ্যমন্ত্রীয়ে



শিৱসাগৰ : দুদিন পূর্বে শিৱসাগৰত দিখৌ নৈত পৰি ছুইফট ডিজায়াৰ গাড়ীসহ সন্ধানহীন হোৱা হৰেন বৰাৰ পাঁচজনীয়া পৰিয়ালটোক উদ্ধাৰৰ বাবে কেন্দ্রৰ পৰা সহায় বিচাৰিছে অসম চৰকাৰে৷ আনহাতে, আজি অন্ধ্র প্রদেশৰ ভিজাগৰ পৰা ভাৰতীয় নৌসেনাৰ বিশেষ ডুবাৰুৰ দল আহি শিৱসাগৰ পায়হি৷

কিন্তু ভৰা দিখৌ নৈখন সৰু যদিও তলিখন সাগৰসদৃশ আৰু বোকাময় হোৱাৰ বাবে উদ্ধাৰ অভিযানত প্রধান বাধাৰ সৃষ্টি হৈছে৷ লক্ষণীয় যে তৃতীয় দিনাও হৰেন বৰাৰ পৰিয়ালৰ কোনো সন্ধান লাভ নকৰাকৈ উদ্ধাৰকাৰী দলে অভিযান সামৰিবলগীয়া হয়৷ দিখৌ নৈত হৰেন বৰাৰ পৰিয়ালটোৰ উদ্ধাৰৰ সম্ভাৱনা জটিলৰ পৰা জটিলতৰ হৈ অহাৰ লগে লগে আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কেন্দ্রীয় চৰকাৰৰ পৰা সহায় বিচাৰে৷

তেওঁ আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপৰি কেন্দ্রীয় গৃহ মন্ত্রী ৰাজনাথ সিঙৰ সৈতে সন্ধানহীন পৰিয়ালটোৰ উদ্ধাৰ সন্দর্ভত বার্লাপ কৰে৷ মুখ্যমন্ত্রী সোণোৱালে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী আৰু ৰাষ্ট্রীয় দুযোর্গ প্রশমন প্রাধিকৰণৰ সৈতেও উদ্ধাৰ অভিযানৰ সাহায্য বিচাৰি আলোচনা কৰে৷ তেওঁ ভাৰতীয় নৌসেনাৰ দল প্রেৰণ কৰি উদ্ধাৰ অভিযানত সহায় কৰিবলৈ কেন্দ্রক অনুৰোধ কৰে৷ প্রণিধানযোগ্য যে এইপর্যন্ত উদ্ধাৰ অভিযানত এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনাৰ পাৰা কমাণ্ডোৰ প্রায় ১০০জনীয়া উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷

অভিযানকাৰী দলটোত ১০খন নাও আৰু ৩২জন ডীপ ডাইভাৰ (গভীৰ পানীত বিশেষভাৱে প্রশিক্ষিত ডুবাৰু) নিয়োগ কৰা হৈছে৷ এই ডীপ ডাইভাৰসকলৰ মাজত এন ডি আৰ এফৰ ৮জন, ৪জনকৈ ডিব্রুগড় আৰু যোৰহাট এছ ডি আৰ এফৰ, ৩জনকৈ শিৱসাগৰ আৰু গোলাঘাট এছ ডি আৰ এফৰ আৰু ১০জন নৌ সেনাৰ পাৰা কমাণ্ডো দলৰ৷

আনহাতে উদ্ধাৰ অভিযানত এন ডি আৰ এফৰ ৩টা দল, এছ ডি আৰ এফৰ ৬টা দল, ভাৰতীয় সেনাৰ পাৰা কমাণ্ডোৰ এটা দল, ডিব্রুগড়, শিৱসাগৰ জিলাৰ এটাকৈ দল আৰু যোৰহাট আৰু গোলাঘাট জিলাৰ দুটাকৈ দলে অংশ লৈছে৷ আনহাতে অন্ধ্র প্রদেশৰ পৰা আজি নৌ সেনাৰ ডুবাৰু দলটোত ৮জন সদস্য আছে৷

তেওঁলোকে কাইলৈৰ পৰাহে এন ডি এৰ এফ, এছ ডি আৰ এফ আৰু সেনাৰ সৈতে যুটীয়া অভিযান চলাব৷ ইফালে, অসম চৰকাৰে সন্ধানহীন পৰিয়ালটোক উদ্ধাৰ কৰিবৰ বাবে সকলো ধৰণৰ প্রচেষ্টা চলাইছে বুলি আজি প্রকাশ কৰে ৰাজ্যৰ অগ্নিনির্বাপক আৰু দুযোর্গ প্রশমন বাহিনীৰ সঞ্চালক ভাস্কৰজ্যোতি মহন্তই৷ এখন সংবাদমেলত মহন্তই কয় যে উদ্ধাৰ অভিযানত সকলোধৰণৰ অত্যাধুনিক সঁজুলি ব্যৱহাৰ কৰা হৈছে৷

তেওঁ কয় যে ডুবাৰুৰ দলে নৈখনৰ ৪০ ফুটপর্যন্ত গভীৰলৈ গৈ সন্ধানহীন পৰিয়ালটোৰ সন্ধান চলাইছে৷ ঘটনাস্থলীৰ পৰা ৪ কিঃমিঃ দূৰলৈকে অভিযান চলাই থকা হৈছে৷ ভৰা দিখৌ নৈখন সৰু যদিও তলিখন সাগৰসদৃশ আৰু বোকাময় হোৱাৰ বাবে উদ্ধাৰ অভিযানত প্রধান বাধাৰ সৃষ্টি কৰা বুলিও তেওঁ সদৰী কৰে৷

তেওঁ কয় যে নৈখন ১০০ ফুট পর্যন্ত গভীৰ হোৱা বাবেও উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি কৰিছে৷ তদুপৰি নৈখনৰ তল অংশত পানীৰ সোঁত অত্যধিক হোৱাটোৱেও অভিযানকাৰী দলটোৰ অন্যতম সমস্যা হোৱা বুলি তেওঁ সদৰী কৰে৷

সন্ধানহীন হৰেন বৰাৰ পৰিয়ালৰ সন্ধানত উদ্ধাৰ অভিযানত আণ্ডাৰ ৱাটাৰ জিঅ’ প্র’ কেমেৰা, আণ্ডাৰ ৱাটাৰ ইক’ প্রচেছিঙৰ উপৰি অত্যাধুনিক জি পি আৰ যন্ত্রও ব্যৱহাৰ কৰিছে বুলি তেওঁ সদৰী কৰে৷ ইফালে, উদ্ধাৰ অভিযানৰ সময়ত আই আই টি আৰু অ’ এন জি চিৰ সৈতেও প্রশাসনে যোগাযোগ ৰক্ষা কৰি চলা বুলিও ভাস্কৰজ্যোতি মহন্তই প্রকাশ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি