Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:09 pm

Home » আঞ্চলিক » পাণ-তামোলৰ দোকানীৰ পৰা সফল ব্যৱসায়ী হৈছিল হৰেন বৰা

পাণ-তামোলৰ দোকানীৰ পৰা সফল ব্যৱসায়ী হৈছিল হৰেন বৰা


গুৱাহাটী : অধ্যৱসায়ী আৰু অসীম কষ্ট সহিষ্ণুতাৰ ফলস্বৰূপে শিৱসাগৰৰ দিখৌমুখৰ ভিতৰুৱা গাঁৱৰ পৰা গুৱাহাটীলৈ গৈ আত্মপ্রতিষ্ঠা লাভ কৰা সীমাহীন ধৈর্যৰ অধিকাৰী হৰেন বৰাৰ পৰিয়াল ভৰা দিখৌত বিলীন হোৱাৰ দুখজনক ঘটনাই ৰাজ্যবাসীক শোকাকুল কৰি তুলিছে৷
দিখৌমুখৰ গাঁৱৰ বোকা- পানী গচকি ডাঙৰ-দীঘল হোৱা জন্মভূমিৰ প্রতি অগাধ আত্মিক টান থকা হৰেন বৰাৰ পৰিয়ালটোক আজি তৃতীয় দিনাও গাড়ীসহ উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰিব নোৱাৰাত আত্মীয়-স্বজন তথা শুভাকাংক্ষীসকলক ব্যথিত কৰি তুলিছে৷ প্রায় ৩৫ বছৰৰ পূর্বে গুৱাহাটীলৈ জীৱন সংগ্রামৰ বাবে ওলাই যোৱা ব্যক্তিজনে দিনে দিনে নিজৰ কষ্টৰ বলত ব্যৱসায়ত সফলতা লাভ কৰি জীৱনত কৃতকার্যতা লাভ কৰিবলৈ সক্ষম হৈছিল৷
বহু বছৰৰ পূর্বে গুৱাহাটীলৈ আহি তামোল-পাণৰ দোকান দি জীৱন নাটৰ আৰম্ভণি কৰা বক্তিগৰাকীয়ে পৰৱর্তী সময়ত একান্ত নিষ্ঠা আৰু সততাৰে জীৱনটোক আগুৱাই নি নিজৰ লগতে সমাজৰ অন্যসকলকো সহায়ৰ হাত আগবঢ়াইছিল৷ প্রথমতে তামোল-পাণৰ দোকান দিয়া লোকজনে পৰৱর্তী সময়ত গাড়ী ব্যৱসায়, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দোকান আৰু বাছৰ ব্যৱসায় কৰি সফলতা লাভ কৰিছিল৷
দুখনকৈ বাছৰগৰাকী বৰাৰ কিছু দিনৰ পূর্বে এখন বাছ দুর্ঘটনা গ্রস্তও হৈছিল৷ এনেদৰে জীৱনত ব্যৱসায়ৰ জৰিয়তে সফলতা লাভ কৰি আনকো ব্যৱসায়ৰ কিটিপ দিয়া লোকজনৰ এনেদৰে পৰিয়ালসহ মৃত্যু হোৱাত গুৱাহাটীৰ বেলতলাৰ জয়ানগৰৰ আৱাসীসকলকো শোকাকুল কৰি তুলিছে৷ অতি পৰিতাপৰ কথা যে হৰেন বৰাৰ পৰিয়ালে গুৱাহাটীত আটোমটোকাৰিকৈ সাজিছিল এটি ঘৰ৷ তিনি মহলাযুক্ত আৰ চি চি ঘৰটো দুটা মহলা ভাৰাত দিছিল যদিও তলৰ মহলাত নিজে অহা ব’হাগ মাহত থাকিবলৈ অহাৰ কথা আছিল যদিও নিয়তিয়ে সেই সুযোগ নিদিলে৷
আটোমটোকাৰিকৈ সজা ঘৰটোত থাকিবলৈ নোপোৱাকৈ মৃত্যুক সাবটিলে পৰিয়ালটোৱে৷ স্মৰণীয় যে বৰাৰ পৰিয়ালে সেই স্থানতে একেটা ভাৰাঘৰতে ৩০ বছৰতকৈ অধিক ভাৰাত আছে৷ আপোন হৈ পৰা ভাৰাঘৰতে থাকি তেওঁ নিজে গুৱাহাটীত ঘৰ সজাৰ লগতে ব্যৱসায় চলাই গৈছিল৷ দুর্ঘটনাটো সংঘটিত হোৱাৰ খবৰে মর্মাহত কৰি তুলিছে গুৱাহাটীৰ ভাৰাতীয়াকে ধৰি শুভাকাংক্ষীসকলক৷
আজি সকলোৰে মৰমৰ লোকজনক দেখাৰ হেঁপাহতে গুৱাহাটীৰ পৰা বহু লোক দিখৌমুখত সমবেত হয়৷ উল্লেখযোগ্য যে হৰেন বৰাৰ পত্নী ফুনু বৰাৰ পিতৃগৃহ যোৰহাটৰ টীয়ক বিধানসভা সমষ্টিৰ অন্তর্গত বালিচাপৰিৰ বৰখাট গাঁৱত৷ বাহনা মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচচতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱা ফুনু বৰাই পৰৱর্তী সময়ত খাদী ব’র্ডত চাকৰি লাভ কৰে৷ হৰেন বৰাৰ লগত বিবাহ পাশত আবদ্ধ হোৱা ফুনু বৰাই বর্তমানলৈকে গুৱাহাটীতে খাদী ব’র্ডৰ কর্মচাৰী হিচাপে নিষ্ঠাৰে চাকৰি কৰি স্বামীকো ব্যৱসায়ত সহায় কৰি আহিছে৷
দোপতদোপে উঠি অহা পৰিয়ালটো অভিশপ্ত ঘটনাটোত নিঃশেষ হোৱা খবৰে যোৰহাটৰ ফুনু বৰাৰ পিতৃ গৃহতো শোকৰ বন্যা বৈছে৷ যোৱা তিনিদিন ধৰি বালিচাপৰিৰ ফুনু বৰাৰ পিতৃ গৃহত লোকাৰণ্য হৈ পৰিছে৷ দুগৰাকী কন্যাৰে সুখৰ সংসাৰখনৰ জীৱন বন্তি নুমাই যোৱা দুখত ম্রিয়মাণ অঞ্চলবাসী৷ সকলোৰে শেষ আশা– প্রিয়জনক উদ্ধাৰ কৰি যথাযোগ্য সন্মানেৰে শেষ বিদায় দিয়াৰ৷
দুজনকৈ ককায়েক আৰু এগৰাকী ভাতৃসহ আত্মীয়-স্বজন থকা ভৰা পৰিয়ালটোত কান্দোনৰ ৰোল উঠিছে৷ গুৱাহাটীত থাকিও নিজৰ পিতৃ গৃহৰ প্রতি অগাধ স্নেহ-ভক্তি থকা ফুনু বৰাই গাঁৱৰ ঘৰলৈ আহি খবৰ লয়হি সকলোৰে৷ ভাতৃ প্রকাশ বৰাই আজি এই প্রতিবেদকক জনায় যে আমাৰ মূৰত যেন আকাশী সৰগ ভাগি পৰিছে৷ সকলোৰে প্রতি সমভাৱাপন্ন বাইদেউ-ভিনদেউৰ পৰিয়ালটোৰ এনেদৰে দুর্দশা হোৱাটোৱে আমাক ব্যথিত কৰি তুলিছে৷ আমি এজন ভাল পথ প্রদর্শকক হেৰুৱালোঁ৷
উল্লেখযোগ্য যে পাঁচজনীয়া পৰিয়ালটোক দিখৌৰ পৰা উদ্ধাৰ কৰিবলৈ নেদেখাজনৰ ওচৰত আশিস প্রার্থনা কৰিছে৷ ইয়াৰ সমান্তৰালভাৱে আত্মীয়সকলে তৃতীয় দিনাও উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিব নোৱাৰাত আক্ষেপ প্রকাশ কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি