নগাঁও : ৰাকেশ পাল বাহিনীৰ কার্যকালত অসম লোকসেৱা আয়োগৰ চাকৰি লাভ কৰি নগাঁও জিলাত বর্তমান উপ- আৰক্ষী অধীক্ষক হিচাপে কার্যনির্বাহ কৰি থকা সবিতা দাসৰ বিৰুদ্ধে উৎকোচ বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ ইতিমধ্যে এই সন্দর্ভত নগাঁৱৰ এজন যুৱকে অসম আৰক্ষীৰ সঞ্চালক প্রধানক লিখিত অভিযোগ দাখিল কৰাৰ লগতে ডি এছ পি সবিতা দাসৰ বিৰুদ্ধে তথ্য-প্রমাণ মজুত আছে বুলিও উল্লেখ কৰা কার্যই বিশেষ তাৎপর্য বহন কৰিছে৷
নগাঁও চহৰৰ পানীগাঁৱৰ নিৱাসী সৌৰভ হাজৰিকা নামৰ যুৱকজনে আৰক্ষীৰ সঞ্চালক প্রধানক দাখিল কৰা অভিযোগ অনুসৰি, যোৱা ৩১ আগষ্টৰ নিশা প্রায় ১২-৩০ বজাত তেওঁ লগৰ তিনিজন বন্ধুৰ লগত ঘৰৰ সন্মুখত ৰৈ নিজৰ গাড়ীত বাৰ্তালাপ কৰি থকা অৱস্থাত ডি এছ পি সবিতা দাস উপস্থিত হৈ তেওঁলোকক নগাঁও সদৰ আৰক্ষী থানালৈ লৈ আনে৷ ডি এছ পি সবিতা দাসে ইমান দেৰি ৰাস্তাত কিয় বুলি প্রশ্ন তুলি সৌৰভ হাজৰিকাৰ গাড়ীৰ পঞ্জীয়নপত্র আৰু চালকৰ অনুজ্ঞাপত্র কাঢ়ি লৈ ওৰেটো নিশা তেওঁলোকক থানাত ৰাখি তেওঁলোকক মুকলি কৰি দিয়াৰ নামত দৰ-দাম আৰম্ভ কৰে৷
ডি এছ পি সবিতা দাসৰ নামত নগাঁও সদৰ থানাৰ জ্যোতি খাওন্দ নামৰ কর্মচাৰীজনে ৪০ হাজাৰ টকা দাবী কৰে আৰু এই ধন আদায় নিদিলে সৌৰভ হাজৰিকাৰ গাড়ী চালনাৰ অনুজ্ঞাপত্র বাতিল কৰাৰ লগতে বিপদৰ সন্মুখীন হ’ব লাগিব বুলিও ভাবুকি প্রদান কৰে৷ এইদৰে দৰ-দাম চলাই তেওঁলোকক পিছদিনা বিয়লি পর্যন্ত থানাত আবদ্ধ কৰি ৰখাৰ পাছত স্থানীয় একাংশ সচেতন যুৱকে বিষয়টো নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্রত ৰায়মেধিক অৱগত কৰাৰ পাছত আৰক্ষী অধীক্ষকে বিষয়টোত হস্তক্ষেপ কৰি এটা সাধাৰণ কথাতে নিশাটো থানাত আবদ্ধ কৰি ৰখা যুৱককেইজনক সন্ধিয়া প্রায় ৫ বজাতহে মুকলি কৰি দিয়ে৷
নিৰীহ যুৱকক এটা সামান্য কথাতে ধৰি আনি ওৰেটো নিশা থানাত আবদ্ধ কৰি ৰাখি ধন দাবীৰে অতিষ্ঠ কৰাৰ পাছত আজি ভুক্তভোগী সৌৰভ হাজৰিকাই অসম আৰক্ষীৰ সঞ্চালক প্রধানলৈ প্রেৰণ কৰা অভিযোগৰ পাছত নগাঁও আৰক্ষীৰ ভিতৰচ’ৰাতো ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ তাৎপর্যপূর্ণ বিষয় যে নগাঁৱত যোগদান কৰাৰ পাছৰে পৰা সন্ত্রাস সৃষ্টি কৰা সবিতা দাসৰ বিৰুদ্ধে পূর্বৰ এনে কেইবাটাও অভিযোগ আছে৷ ৰাকেশ পাল বাহিনীৰ কার্যকালত ২০১৩ বর্ষত এ পি এ চিৰ চাকৰি লাভ কৰা সবিতা দাসৰ এই কাণ্ডক লৈ এতিয়া সর্বত্র ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷