মৰিগাওঁ : যোৱা শনিবাৰে দিখৌ নৈৰ বুকুত নিঃশেষ হোৱা পৰিয়ালটি উদ্ধাৰ হোৱা,আত্মাৰ সদগতি আৰু অনাগত দিনত এনে মৰ্মান্তিক কাৰ্য যাতে নহয় তাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায় মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী নতুন চাৰিআলীত প্ৰেৰণা গোটে। সভাপতি দম্বোধৰ পাটৰ আৰু সম্পাদক বাবুল নাথৰ নেতৃত্বত এক শতাধিক মানুহে শোক প্ৰকাশ কৰে । কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাবিবৰঙাবাৰী আঞ্চলিক সমিতিৰ সভাপতি জ্যোতি নাথ আৰু সাধাৰণ সম্পাদক ৰাজামনি আলি। আঞ্চলিক সমিতিৰ নেতাদ্বয়ে উক্ত ঘটনাক শোক প্ৰকাশ কৰি উদ্ধাৰ অভিযান আৰু শীপ্ৰতৰ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনায়। এনে কাৰ্য যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।