নগাওঁ : ৰাজ্যখনত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰা নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তর্গত আমনি অঞ্চলত সংঘটিত হোৱা দলবদ্ধ বলাৎকাৰৰ পাঁচটা অভিযুক্তক যোৱা নিশা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে যোৱা ২৮ আগষ্টৰ নিশা লংকা ভালুকমাৰীৰ পৰা এগৰাকী মহিলাক ৰাজেশ ধৰ নামৰ লোক এজনে মটৰ চাইকেলত লৈ কলিয়াবৰ অভিমুখে আহি থকা অৱস্থাত উৰিয়াগাঁও বাইপাছৰ সমীপত এখন বগা ৰঙৰ গাড়ীত একেদিশৰ পৰা অহা এটা দুর্বৃত্তৰ দলে মটৰ চাইকেলখন আগচি ধৰি মহিলাগৰাকীক গাড়ীত বলপূর্বকভাৱে উঠাই নিছিল৷
পৰৱর্তী সময়ত মহিলাগৰাকীক দুর্বৃত্তৰ দলটোৱে বলাৎকাৰ কৰি আমনি অঞ্চলৰ ৩৭নং ঘাইপথৰ দাঁতিত পেলাই থৈ গৈছিল৷ বলাৎকাৰৰ বলি হোৱা অসহায় মহিলাগৰাকীয়ে এখন টেংকাৰত গৈ জখলাবন্ধা আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীৰ আগত ঘটনাৰ সন্দর্ভত অৱগত কৰাতহে সমগ্র ঘটনা পোহৰলৈ আহে৷ আনহাতে দলবদ্ধ বলাৎকাৰৰ ঘটনাটো আমনি অঞ্চলত সংঘটিত হোৱাৰ কাৰণে জখলাবন্ধা আৰক্ষীয়ে পৰৱর্তী সময়ত মহিলাগৰাকীক চামগুৰিৰ আৰক্ষীৰ হাতত চমজাই দিয়ে৷
চামগুৰি আৰক্ষী থানাৰ আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে যোৱা বৃহস্পতিবাৰে বিয়লি হোজাইৰ ৰামপুৰবস্তিৰ পৰা ৰাজেশ ধৰ নামৰ এটা অভিযুক্তক গ্রেপ্তাৰ কৰাৰ লগতে যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই তেজপুৰ নপামৰ আৰু ভালুকজাৰণিৰ পৰা মইনুল হুছেইন, ৰমজান আলী আৰু ছফিকুল ইছলাম নামৰ অভিযুক্তকেইটাক গ্রেপ্তাৰ কৰাৰ লগতে চামগুৰিৰ আমনিৰ পৰা হাবিছ ভূঞা আৰু ৰকিবুল ইছলামক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
লগতে আৰক্ষীয়ে উক্ত দলবদ্ধ বলাৎকাৰ- কাণ্ডত ব্যৱহাৰ কৰা এ এছ ০১ বি এন ৬৯৯৪ নম্বৰৰ বগা ৰঙৰ ছুইফট ডিজায়াৰ গাড়ীখন জব্দ কৰাৰ লগতে মহিলাগৰাকীয়ে ব্যৱহাৰ কৰা এটা ম’বাইল ফ’ন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আনহাতে যোৱা ২৮ আগষ্টৰ নিশা সংঘটিত হোৱা উক্ত দলবদ্ধ বলাৎকাৰ-কাণ্ডটোৰ লগতে জড়িত আন এটা অপৰাধীক আটক কৰিবলৈ আৰক্ষীয়ে তীব্র অভিযান অব্যাহত ৰাখিছে বুলি নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্রত ৰায় মেধিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷
সবিশেষ তথ্য বিচাৰিছে ৰাষ্ট্রীয় মহিলা আয়োগে : নগাঁও জিলাত সংঘটিত পাশৱিক বলাৎকাৰৰ ঘটনাৰ সন্দর্ভত অসম আৰক্ষীৰ পৰা সবিশেষ তথ্য বিচাৰিছে ৰাষ্ট্রীয় মহিলা আয়োগে৷ যোৱা সপ্তাহত সংঘটিত এই পাশৱিক ঘটনাক আয়োগে তীব্র ভাষাৰে নিন্দা কৰাৰ লগতে ঘটনাটোৰ শেহতীয়া তথ্য অৱগত কৰাৰ বাবে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়ালৈ পত্র প্রেৰণ কৰিছে৷ প্রণিধানযোগ্য যে, যোৱা সপ্তাহত ৰাষ্ট্রীয় ঘাই পথেৰে এখন বাইকত গৈ থকা অৱস্থাতে আমনিত কেইজনমান দুর্বৃত্তই বাইকখন আগচি ধৰি মহিলাগৰাকীক অপহৰণ কৰি নি বলাৎকাৰ কৰিছিল৷ পাছত পথৰ কাষত পেলাই থৈ যোৱা মহিলাগৰাকীক এখন তেল টেংকাৰৰ চালকে উদ্ধাৰ কৰি আৰক্ষীক চমজাই দিছিল৷ ৰাজ্য কঁপাই যোৱা এই ঘটনাটোৰ বিষয়ে ৰাষ্ট্রীয় সংবাদ মাধ্যমত বাতৰি প্রচাৰিত হোৱাৰ পাছতেই ৰাষ্ট্রীয় মহিলা আয়োগে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানলৈ পত্র প্রেৰণ কৰা ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে৷