শিৱসাগৰ : ষাঠিৰ দশকতেই এছিয়ান গেমছৰ ট্রেকত ধুমুহাৰ সৃষ্টি কৰা স্বর্ণজয়ী উত্তৰ-পূবৰ প্রথম অর্জুন ভোগেশ্বৰ বৰুৱাৰ প্রতিমূর্তি নির্মাণৰ নামত শিৱসাগৰৰ এজন তথাকথিত জ্যেষ্ঠ সাংবাদিকে ব্যাপক হাৰত ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি খোদ ভোগেশ্বৰ বৰুৱাই শিৱসাগৰ জিলাৰ উপায়ুক্তক অভিযোগ দিয়া ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তুমুল চাঞ্চল্যৰ৷
কেৱল ধন আত্মসাৎ কৰাই নহয় নিজৰ ব্যক্তিগত স্বার্থ পূৰণ কৰিবলৈ গৈ কিংবদন্তি ক্রীড়াবিদগৰাকীৰ জীৱিত অৱস্থাতেই প্রতিমূর্তি স্থাপন কৰি সংৰক্ষণৰ পৰিৱর্তে মুকলি আকাশৰ তলত সম্পূর্ণ অসুৰক্ষিত, উন্মুক্তভাৱে এৰা কার্যতো তীব্র ক্ষোভ উজাৰিছে অর্জুন ভোগেশ্বৰ বৰুৱাই৷ ১৯৬৬ চনত বেংকক এছিয়ান গেমছত স্বর্ণ জয়েৰে ইতিহাস ৰচনা কৰা অসম সন্তান অর্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিন অহা ৩ ছেপ্টেম্বৰত সমগ্র ৰাজ্যই পালন কৰিব ‘অভিৰুচী ক্রীড়া’ দিৱস হিচাপে৷
এই উপলক্ষে ৰাজ্য চৰকাৰৰ লগতে দল-সংগঠন আৰু সাধাৰণ ক্রীড়াপ্রেমী ৰাইজে ব্যাপক তৎপৰতা অব্যাহত ৰখাৰ সময়তে প্রতিমূর্তি নির্মাণৰ নামত সংঘটিত হোৱা কেলেংকাৰিৰ সন্দর্ভত উত্থাপন কৰা অভিযোগে বিশেষ তাৎপর্য বহন কৰিছে৷ নিজৰ ওপজা দিনৰ প্রাক৲ক্ষণত নিজৰেই প্রতিমূর্তিৰ নির্মাণত হোৱা কেলেংকাৰি আৰু প্রতিষ্ঠা হোৱাৰ পাছত প্রতিমূর্তিটো আলাই-আথানি হোৱাক লৈ তীব্র মানসিক আঘাত পোৱাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে ভোগেশ্বৰ বৰুৱাই৷
বৰেণ্য ক্রীড়াবিদগৰাকীৰ জীৱিত কালতে প্রতিমূর্তি নির্মাণ কৰাৰ পৰিকল্পনা আছিল নিজকে এজন জ্যেষ্ঠ সাংবাদিক আৰু ছাত্রনেতা বুলি পৰিচয় দি ৰাজহুৱা স্থানত লম্ফ-জম্ফ কৰা জনৈক ডেকা নামৰ সাংবাদিকজনৰ৷ কিন্তু প্রতিমূর্তি নির্মাণৰ বাবে প্রয়োজন হোৱা অর্থৰ বাবে ডেকাই জিলাখনৰ লগতে ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ ব্যক্তিৰ উপৰি বহু নামি-দামী প্রতিষ্ঠান-কোম্পানীৰ লগতে বহু সংখ্যক প্রবীণ ক্রীড়াবিদৰ পৰাও বহু লক্ষাধিক টকা সংগ্রহ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভোগেশ্বৰ বৰুৱাই৷
সংবাদ মাধ্যমৰ সন্মুখত অতি দুখেৰে অর্জুন ভোগেশ্বৰ বৰুৱাই জানিবলৈ দিয়া মতে প্রতিমূর্তি নির্মাণৰ নামত এখন সমিতি আছিল যদিও সমিতিৰ বাকী সদস্যসকলক বিভিন্ন কূট-কৌশলেৰে অন্ধকাৰত ৰাখি নিজকে সমিতিৰ অবিসম্বাদী সম্পাদক হিচাপে জাহিৰ কৰি অহা এই ডেকাই চূড়ান্ত মইমতালি-পৰিকল্পনাবিহীনভাৱে কৰি গৈছিল প্রতিমূর্তি নির্মাণৰ কাম৷ কিংবদন্তি ক্রীড়াবিদগৰাকীৰ জনপ্রিয়তাক মছলা হিচাপে ব্যৱহাৰ কৰি প্রতিমূর্তি নির্মাণৰ গইনা লৈ অব্যাহত ৰাখিছিল অবাধ গতিত হিচাপবিহীন ধন সংগ্রহ৷
সংগৃহীত অর্থৰ সিংহভাগেই উদৰস্থ কৰি নির্মাণ কৰা প্রতিমূর্তিটোৰ নির্মাণত হোৱা আয়-ব্যয়ৰ হিচাপ আজিও দিব পৰা নাই এসময়ৰ ছাত্র সংগঠনৰ পৰা খেদা খোৱা ছাত্র নেতা তথা স্বয়ম্ভু সাংবাদিক ডেকাই৷ প্রতিমূর্তি নির্মাণ সমিতিৰ সদস্যসকলৰ লগতে খোদ ভোগেশ্বৰ বৰুৱাই প্রতিমূর্তি নির্মাণৰ হিচাপ-নিকাচ বিচাৰি সম্পাদক জনৈক ডেকাৰ ওচৰলৈ তাঁত-বাটি কৰি ভাগৰি পৰিছে৷ ডেকাক হিচাপৰ কথা সুধিলেই বিভিন্ন অবান্তৰ কথাৰে বিষয়টোৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰে৷
প্রতিমূর্তি নির্মাণৰ নামত লাখ লাখ টকাৰ ৰাজহুৱা ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগত সোমাই পৰা ডেকাৰ মতে প্রতিমূর্তি নির্মাণ কৰোঁতে তেওঁৰ নিজৰ পকেটৰ পৰাহে চাৰি লাখতকৈও অধিক টকা খৰচ হৈছে৷ আনহাতে পৰিকল্পনা বিহীনভাৱে উপযুক্ত স্থানৰ পৰিৱর্তে নগৰৰ বৰপুখুৰীৰ পাৰৰ এজোপা জৰীগছৰ তলতে প্রতিমূর্তিটো স্থাপন কৰাক লৈও তীব্র অসন্তুষ্টি ব্যক্ত কৰিছে প্রবীণ ক্রীড়াবিদজনে৷
প্রতিমূর্তি প্রতিষ্ঠা কৰাৰ দুবছৰ অতিক্রম কৰাৰ পাছতো আজি পর্যন্ত প্রতিমূর্তিটোৰ চাৰিওফালে নির্মাণ কৰা নহ’ল কোনো বেৰা৷ যিকোনো মুহূর্ততে জৰীগছ জোপাৰ প্রকাণ্ড ডালে প্রতিমূর্তিটোৰ ক্ষতি কৰাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে ভোগেশ্বৰ বৰুৱাই৷ প্রতিমূর্তি স্থাপন হোৱাৰ দিন ধৰি আজিকোপতি হিচাপ দিয়াটো দূৰৈৰ কথা প্রতিমূর্তিটোকেই পৰিষ্কাৰ কৰা নাই৷ জীৱিত অৱস্থাতে নিজৰ প্রতিমূর্তিৰ ওপৰত শেলুৱৈৰ প্রলেপ পৰাৰ কৰুণ অৱস্থা দেখি মানসিক দুখত এতিয়া জর্জৰিত অর্জুন ভোগেশ্বৰ বৰুৱা৷
উল্লেখযোগ্য যে সাংসদ কামাখ্যা তাছাই অর্জুন ভোগেশ্বৰ বৰুৱাৰ প্রতিমূর্তি নির্মাণৰ বাবে বহু দিনৰ পূর্বেই দুই লাখ টকাৰ অনুদান আগবঢ়াইছিল যদিও সম্পাদক ডেকা বাহিনীয়ে ব্যয়ৰ হিচাপ দাখিল কৰিব নোৱৰাৰ বাবেই আজিকোপতি সেই ধন চৰকাৰৰ ঘৰতেই পৰি আছে৷ যাৰ পৰিপ্রেক্ষিতত কালি শিৱসাগৰৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক অর্ুন ভোগেশ্বৰ বৰুৱাই সাক্ষাৎ কৰি নির্মাণত জড়িত সম্পাদকে কৰা কেলেংকাৰিৰ সন্দর্ভত তদন্ত আৰু বিহিত ব্যৱস্থাৰ দাবী জনায়৷
প্রতিমূর্তি নির্মাণ কৰা ভাস্কর্য শিল্পীকো প্রৱঞ্চনা: শিৱসাগৰৰ এজন জ্যেষ্ঠ সাংবাদিক তথা নির্মাণ সমিতিৰ সম্পাদকজনৰ নেতৃত্বত প্রতিমূর্তি নির্মাণৰ নামত সংঘটিত নজিৰবিহীন অনিয়ম খোদ অর্জুন ভোগেশ্বৰ বৰুৱাই উদঙাই দিয়াৰ পাছতেই এইবাৰ প্রতিমূর্তি নির্মাণৰ লগত জড়িত তিনিজন ভাস্কর্য শিল্পীক চৰম প্রৱঞ্চনা কৰাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
তিনিটা বছৰে অসমৰ তিনিগৰাকী স্বনামধন্য ভাস্কর্য শিল্পীক প্রতিমূতি প্রতিষ্ঠা হোৱাৰ দুবছৰৰ পাছতো পাৰিশ্রমিক দিয়াতো দূৰৈৰ কথা, তিনি ভাস্কর্য শিল্পীয়ে নির্মাণ সমিতিৰ সম্পাদকৰ ছাঁটোকে দেখা নোপোৱাৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখযোগ্য যে উত্তৰ-পূবৰ গৌৰৱ অর্জুন ভোগেশ্বৰ বৰুৱাৰ পূর্ণাৱয়ব প্রতিমূর্তি নির্মাণৰ বাবে শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাবত আয়োজিত এখন ৰাজহুৱা সভাত এখন নির্মাণ সমিতি গঠনেৰে বাস্তৱ ৰূপ দিয়া হৈছিল৷
বিশিষ্ট শিক্ষাবিদ, ছাত্র নেতাকে ধৰি বিভিন্ন স্তৰৰ নাগৰিকক সামৰি গঠন কৰা সমিতিৰ সম্পাদকৰ দায়িত্ব বহন কৰিছিল ডেকা নামৰ সাংবাদিকজনে৷ এইজন সম্পাদকেই অর্জুন ভোগেশ্বৰ বৰুৱাৰ প্রতিমূর্তি নির্মাণৰ দায়িত্ব অর্পণ কৰিছিল ভাস্কর্য শিল্পী সোণাৰাম নাথ, হেমন্ত গগৈ আৰু আফতাবুদ্দিন আহমেদক৷ খোদ সাংবাদিক ডেকাই নিজেই এই তিনিজন শিল্পীৰ সৈতে পাঁচ লাখ টকাৰ বন্দৱস্তিত প্রতিমূর্তি নির্মাণৰ দায়িত্ব অর্পণ কৰিছিল৷
গণকপট্টিত থকা ডেকাৰ চোতালতে আঠ মাহে দিন-ৰাতি একাকাৰ কৰি উত্তৰ-পূবৰ গৌৰৱ অর্জুন ভোগেশ্বৰ বৰুৱাৰ প্রতিমূর্তি নির্মাণ সম্পূর্ণ কৰি তুলিছিল৷ কিন্তু অতি দুর্ভাগ্যজনকভাৱে মূৰৰ ঘাম মাটিত পেলাই এগৰাকী মহান অসমীয়া দৌৰবীৰৰ প্রতিমূর্তি নির্মাণ সম্পূর্ণ কৰা এই ভাস্কর্য শিল্পীক চৰম প্রৱঞ্চনা আৰু প্রতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
অর্জুন ভোগেশ্বৰ বৰুৱাই নিজৰ জন্মদিনৰ প্রাক মুহূর্তত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ সময়তেই তিনি ভাস্কর্য শিল্পীক মাননিৰ পৰিৱর্তে যোৱা তিনি বছৰে প্রৱঞ্চনা কৰা কার্যই উক্ত অভিযোগক নতুন মোৰ দিছে৷ এই সন্দর্ভত বিশিষ্ট ভাস্কর্য শিল্পী আফতাবুদ্দিন আহমেদে জানিবলৈ দিয়া মতে, সঘনাই ম’বাইলৰ ছিম সলনি কৰি থকা ডেকাক ছমাহৰ পূর্বেহে এবাৰ ফ’নত লগ পোৱাৰ বাদে আজিপর্যন্ত কোনো ধৰণে যোগাযোগ কৰিব পৰা নাই৷
গণকপট্টিৰ বাসভৱনত দিনত নেলাগে ৰাতি বিচাৰি গ’লেও পোৱা নাযায়৷ তেওঁ ডেকাৰ লগতে সমিতিখনৰ প্রতি তাৎক্ষণিকভাৱে শিল্পীকেইজনৰ মাননি আদায় দিবলৈ আহবান জনায়৷ উক্ত কেলেংকাৰি সন্দর্ভত ৰাইজে উচচ পর্যায়ৰ তদন্তৰ দাবী তুলিছে৷