Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:01 am

Home » আঞ্চলিক » হোজাইৰ হাম চিকিত্সালয়ত মাৰ-পিটৰ প্ৰসংগঃ ছটা গোচৰ ৰুজু, পাঁচজনক জে’ললৈ

হোজাইৰ হাম চিকিত্সালয়ত মাৰ-পিটৰ প্ৰসংগঃ ছটা গোচৰ ৰুজু, পাঁচজনক জে’ললৈ


হোজাই : হোজাইত হাম চিকিত্সালয় চৌহদত সংঘটিত দুটা ফৈদৰ মাৰ-পিটৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে। জানিব পৰা মতে, যোৱা ২৬ আগষ্টৰ নিশা প্ৰায় ৯ বজাত সূত্ৰপাত ঘটিছিল দুটা ফৈদৰ মাৰ-পিটৰ ঘটনাটোৰ। আকস্মিকভাৱে সূত্ৰপাত ঘটা উক্ত ঘটনাত দুয়োটা ফৈদৰ উপৰি আৰক্ষীৰ টাউন উপ-পৰিদৰ্শক ঋতুপণ গগৈসহ আৰক্ষীৰ তিনিজন লোকৰ সৈতে মুঠ ছজন আহত হয়। ইফালে মাৰ-পিট নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰাতে ক্ষান্ত নোহোৱা উত্তেজিত লোকে হোজাই আৰক্ষীৰ বাহনত আক্ৰমণ চলোৱাত বাহনৰো ক্ষতি হয়। অৱশেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ পাঁচজাই গুলীচালনা কৰে। লগতে ঘটনাৰ দিনাই শ্বাহজাহান নামৰ যুৱক এজনক আটক কৰে।
অন্যহাতে, ঘটনা সংক্ৰান্তত বৰ্তমানলৈকে দুয়োটা ফৈদে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে গোচৰ তৰাৰ উপৰি আৰক্ষীকো আক্ৰমণ চলোৱা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ তৰাত উক্ত মাৰ-পিটৰ ঘটনাৰ মুঠ ছটা গোচৰ হোজাই থানাত পঞ্জীয়ন হৈছে। আৰক্ষীয়ে ৰুজু কৰা ক্ৰমে ৬৮৫/১৮,৬৮৬/১৮,৬৮৭/১৮,৬৮৮/১৮,৬৯০/১৮/আৰু ৬৯৪/১৮ নম্বৰ গোচৰ সংক্ৰান্তত দুয়োটা ফৈদৰে পাঁচজনক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জে’ললৈ প্ৰেৰণ কৰা লোককেইজন ক্ৰমে আনোৱাৰ হুছেইন ওৰফে বুবুল, আহাদ গনি, গিয়াজউদ্দিন, জাকাৰীয়া আলম আৰু শ্বাহজাহান আহমেদ ওৰফে অপু বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। আনহাতে এই মাৰ-পিটৰ ঘটনাৰ আৰক্ষীয়ে চিচি ফুটেজৰ সহায়ত তদন্ত চলাই আছে আৰু সমান্তৰালভাৱে ফুটেজৰ সহায়ত বাকী অভিযুক্ত তথা মাৰ-পিটত জড়িতসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি