Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:15 am

Home » আঞ্চলিক » লোকসেৱা আয়োগৰ অপসাৰিত সদস্য ছামেদুৰ ৰহমানক গ্রেপ্তাৰ

লোকসেৱা আয়োগৰ অপসাৰিত সদস্য ছামেদুৰ ৰহমানক গ্রেপ্তাৰ


গুৱাহাটী : কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ কেলেংকাৰিত মহানগৰ আৰক্ষীৰ হাতত গ্রেপ্তাৰ হ’ল অসম লোকসেৱা আয়োগৰ অপসাৰিত সদস্য ছামেদুৰ ৰহমান৷ পূর্বে লোকসেৱা আয়োগৰ কেলেংকাৰিত অভিযুক্ত হৈ ডিব্রুগড় আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা আৰু কেইবা মাহো ধৰি কাৰাবাস খটা অপসাৰিত সদস্য ছামেদুৰ ৰহমানক কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত হোৱা কেলেংকাৰিৰ গোচৰত আজি গ্রেপ্তাৰ কৰে৷
সম্প্রতি কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ কার্যালয়ত ৰাখি ছামেদুৰ ৰহমানক মহানগৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ দুর্নীতিৰ গোচৰ চলি থকাৰ সময়তেই মহানগৰ আৰক্ষীৰ অধীনস্থ ভঙাগড় থানাত কৃষি উন্নয়ন বিষয়া নিযুক্তিত খেলিমেলি হোৱাৰ অভিযোগত গোচৰ ৰজু হৈছিল৷
বেদান্ত বিকাশ দাস নামৰ বঞ্চিত এজন প্রার্থীৰ এজাহাৰৰ ভিত্তিত অসম লোকসেৱা আয়োগ কর্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰজু হৈছিল৷ উক্ত গোচৰ ৰজু হোৱাৰ পাছতেই নাটকীয়ভাৱে গ্রেপ্তাৰ হৈছিল তেতিয়াৰ অধ্যক্ষ ৰাকেশ পাল৷ অসম লোকসেৱা আয়োগৰ গোচৰত অভিযুক্ত হৈ ৰাকেশ পাল গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ থকাৰ পাছত উচচতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাত মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ নিশ্চিত হোৱাৰ লগে লগে ভঙাগড় থানাত গোচৰ ৰজু হৈছিল৷
য’ত উচচতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে যদিও ভঙাগড় থানাত গোচৰ ৰজু হোৱাত ৰাকেশ পাল জে’লৰ পৰা ওলাবই নোৱাৰিলে৷ কৃষি উন্নয়ন বিষয়া বাছনিত হোৱা খেলিমেলিৰ অভিযোগত পুনৰ গ্রেপ্তাৰ হৈছিল ৰাকেশ পাল৷ তাৰ কেইদিনমান পাছত একেটা গোচৰত গ্রেপ্তাৰ হৈছিল অপসাৰিত সদস্য বসন্ত কুমাৰ দলে৷ দ্বিতীয়বাৰ গ্রেপ্তাৰ হোৱাৰ কেইদিনমান পূর্বে কাৰাগাৰৰ পৰা মুক্ত হৈছিল অপসাৰিত সদস্যজন৷ কিন্তু কাৰামুক্ত হৈ বেছিদিন ঘৰৰ ভাত খাব নোৱাৰিলে৷
কৃষি উন্নয়ন বিষয়া বাছনিত হোৱা খেলিমেলিৰ গোচৰত মহানগৰ আৰক্ষীয়ে বসন্ত কুমাৰ দলেক দ্বিতীয়বাৰৰ বাবে গ্রেপ্তাৰ কৰিছিল আৰু বর্তমান পর্যন্ত ৰাকেশ পালৰ লগত কাৰাবন্দী হৈ আছে বসন্ত কুমাৰ দলে৷ অৱশ্যে, দ্বিতীয়বাৰৰ বাবে লগে লগে গ্রেপ্তাৰ হোৱা নাছিল অপসাৰিত সদস্য ছামেদুৰ ৰহমান৷ বিগত কেইটামান মাহ উকলি যোৱাৰ পাছত আজি গ্রেপ্তাৰ হ’ল ছামেদুৰ ৰহমান৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি