Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:11 pm

Home » আঞ্চলিক » তিতাবৰ শিলডুবিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ : দাহ কৰিলে চিনামৰা ONGC ৰ বেচিন মেনেজাৰৰ প্ৰতিকৃতি ।

তিতাবৰ শিলডুবিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ : দাহ কৰিলে চিনামৰা ONGC ৰ বেচিন মেনেজাৰৰ প্ৰতিকৃতি ।


তিতাবৰ : তিতাবৰ অসম নাগালেণ্ড সীমান্ত বৰহোলাৰ শিলডুবি GGS ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ । GGS য়ে ব্যৱহাৰ নোহোৱা খাৰুৱা তেল সমূহ জ্বলাই দিয়া ফলত তাৰ ধোঁৱাই বায়ুৰ লগতে নদ-নদী আৰু পুখুৰীৰ পানী প্ৰদূষণ হোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত স্থানীয় ৰাইজৰ কেঞ্চাৰ, চালৰ ৰোগকে আদি কৰি বিভিন্ন ধৰণৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে সংগঠনটোৱে । লগতে GGS লৈ অহা অধিক ওজন পৰিবাহী বাহনৰ ফলত পথ সমূহ বিধস্ত হৈ যোৱাও পৰিলক্ষিত হৈছে, যাৰ ফলত স্থানীয় ৰাইজে যাতায়তৰ দুৰ্ভোগ ভুগিব লগীয়া পৰিস্থিতি আহি পৰিছে । উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি শিলডুবি GGS ত থলুৱা শিক্ষিত নিবনুৱাক নিযুক্তি দিবৰ বাবে আবেদন নিবেদন কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰহোলা আঞ্চলিক সমিতিয়ে যোৰহাট চিনামৰাৰ ONGC ৰ বেচিন মেনেজাৰৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে সকীয়াই দিয়ে যে, যদিহে আগন্তুক দিনবোৰত এই সমূহ সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে তেনেহ’লে সংগঠনটোৱে অৱস্থান ধৰ্মঘট আৰু অৰ্থনৈতিক অৱৰোধকে কেইবাটাও জংঘী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব কিন্তু তাৰ বাবে সংগঠন কোনো কাৰণতে জগৰীয়া নহয় বুলি স্পষ্ট কৰি দিয়ে ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি