Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:04 am

Home » আঞ্চলিক » সমাজ কল্যাণ বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰি কেন্দ্রিক ঘটনাত প্রমিলাৰাণী ব্রহ্ম মুখ্য সচিবৰ শৰণাপন্ন

সমাজ কল্যাণ বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰি কেন্দ্রিক ঘটনাত প্রমিলাৰাণী ব্রহ্ম মুখ্য সচিবৰ শৰণাপন্ন


গুৱাহাটী : সমাজ কল্যাণ বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰিক কেন্দ্র কৰি দিছপুৰত মন্ত্রী আৰু বিষয়াৰ মাজত হোৱা সংঘাত তুংগত উঠিছে৷ বিষয়াক নিয়ন্ত্রণত ৰাখিব নোৱৰাৰ লগতে ব্যৱস্থা গ্রহণ কৰাত অসহায় হৈ সমাজ কল্যাণ মন্ত্রী প্রমিলাৰাণী ব্রহ্ম মুখ্য সচিবৰ শৰণাপন্ন হ’ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷
সমাজ কল্যাণ মন্ত্রী ব্রহ্মৰ অগোচৰে বিভাগটোৰ প্রাক্তন সঞ্চালক মীনাক্ষি সুন্দৰমে কেন্দ্রীয় মহিলা আৰু শিশু কল্যাণ দপ্তৰক দিয়া এক প্রতিবেদনক কেন্দ্র কৰিয়ে মন্ত্রী আৰু বিষয়াৰ মাজত তীব্র সংঘাত হৈছে৷ প্রাক্তন সঞ্চালকজনে কেন্দ্রীয় চৰকাৰক প্রদান কৰা প্রতিবেদনৰ পাছত অসমলৈ সমাজ কল্যাণ বিভাগৰ আবণ্টন হ্রাস হোৱাৰ শংকাও প্রকাশ কৰিছে বিভাগটোৰ মন্ত্রী ব্রহ্মই৷
উল্লেখযোগ্য যে প্রাক্তন সঞ্চালকগৰাকীয়ে কেন্দ্রীয় চৰকাৰক দাখিল কৰা প্রতিবেদনত অসমত সংহত শিশু উন্নয়ন প্রকল্পৰ (আই চি ডি এছ) অধীনত ১৪.১৩ লাখ ভুৱা শিশু অর্থাৎ হিতাধিকাৰী থকাৰ কথা উল্লেখ হৈছিল৷ এই প্রতিবেদনৰ আধাৰত কেন্দ্রীয় মন্ত্রী মেনকা গান্ধীয়ে অলপতে দিল্লীত অসমত সমাজ কল্যাণ বিভাগৰ ভুৱা শিশুৰ তালিকাৰ নামত প্রতি মাহে ২৮ কোটি টকা কেলেংকাৰি সংঘটিত হোৱাৰ কথা সদৰী কৰিছিল৷
সমাজ কল্যাণ মন্ত্রীৰ অজ্ঞাতে সংহত শিশু উন্নয়ন প্রকল্পৰ অধীনত ভুৱা শিশু বা হিতাধিকাৰী থকাৰ কথা প্রতিবেদনত উল্লেখ কৰাৰ বাবে প্রাক্তন সঞ্চালকজনৰ ওপৰত মন্ত্রী ব্রহ্ম অগ্নিশর্মা হৈ পৰিছে৷ আই এ এছ বিষয়া মীনাক্ষি সুন্দৰমৰ ওপৰত অসন্তুষ্ট হ’লেও কোনোধৰণৰ ব্যৱস্থা ল’ব নোৱাৰি মুখ্য সচিবক বিষয়াজনে অনুশাসন ভংগ কৰাৰ বাবে ব্যৱস্থা ল’বলৈ নির্দেশ দি চিঠি লিখিছে সমাজ কল্যাণ মন্ত্রী ব্রহ্মই৷
আই এ এছ বিষয়াৰ ওপৰত পোনপটীয়াকৈ ব্যৱস্থা ল’ব নোৱাৰি অসহায় হৈ পৰা মন্ত্রী ব্রহ্মই আজি সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্রীয় চৰকাৰক প্রতিবেদন দিয়াৰ আগতে তেওঁৰ অনুমোদন ল’ব লাগিছিল৷ মন্ত্রী হিচাপে তেওঁৰ অনুমোদনতো লোৱাই নাছিল, বৰং বিভাগটোৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰো অনুমোদন বিষয়াজনে লোৱা নাছিল৷ সংহত শিশু উন্নয়ন প্রকল্পৰ অধীনত ভুৱা শিশু বা হিতাধিকাৰীৰ তথ্য বিষয়াজনে ক’ৰ পৰা পাইছিল বুলিও প্রশ্ন কৰে সমাজ কল্যাণ মন্ত্রী ব্রহ্মই৷
মন্ত্রী ব্রহ্মই কয় যে ভুৱা হিতাধিকাৰীৰ তথ্য সঁচাও হ’ব পাৰে বা মিছাও হ’ব পাৰে৷ সেয়েহে প্রকৃত হিতাধিকাৰীৰ সংখ্যা জনাবলৈ বর্তমানৰ সঞ্চালকক নির্দেশ দিয়া হৈছে৷ সমাজ কল্যাণ বিভাগৰ প্রাক্তন সঞ্চালকজনৰ প্রতিবেদনৰ ভিত্তিত যদি অসমলৈ পুঁজি অহা বন্ধ হয় তেন্তে যথেষ্ট ক্ষতি হ’ব বুলি মন্ত্রী ব্রহ্মই উল্লেখ কৰিছে৷
উল্লেখযোগ্য যে দিল্লীত অলপতে অনুষ্ঠিত এখন বৈঠকত কেন্দ্রীয় মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্রী মেনকা গান্ধীয়ে অসমৰ ১৪.১৩ লাখ ভুৱা শিশুৰ তালিকাৰে প্রতিমাহে প্রায় ২৮ কোটি টকা কেলেংকাৰি সংঘটিত হোৱাৰ উদাহৰণ দি আন ৰাজ্যসমূহক সতর্ক হ’বলৈ নির্দেশ দিছিল৷ প্রাক্তন সঞ্চালক মীনাক্ষি সুন্দৰমে মন্ত্রী বা অতিৰিক্ত মুখ্য সচিবৰ অনুমোদন অবিহনে কেন্দ্রীয় চৰকাৰক দাখিল কৰা প্রতিবেদনত ১৪.১৩ লাখ ভুৱা শিশু হিতাধিকাৰীৰ নামত বিয়াগোম কেলেংকাৰিৰ কথা পোহৰলৈ আহিল৷
আই এ এছ বিষয়াজনে মন্ত্রী বা বিভাগটোৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিবৰ অজ্ঞাতে কেন্দ্রক প্রতিবেদন দিয়াত বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ বাবে মুখ্য সচিবৰ শৰণাপন্ন হৈছে সমাজ কল্যাণ মন্ত্রী প্রমিলাৰাণী ব্রহ্ম৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি