Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 11:15 am

Home » আঞ্চলিক » বৰপেটা মেডিকেল কলেজত হাই এলার্ট জাৰি স্বাস্থ্য মন্ত্রীৰ

বৰপেটা মেডিকেল কলেজত হাই এলার্ট জাৰি স্বাস্থ্য মন্ত্রীৰ


বৰপেটা : আগন্তুক শিক্ষা বর্ষৰ পৰা বৰপেটা আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্রম প্রৱর্তনৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ স্নাতকোত্তৰ পাঠ্যক্রম প্রৱর্তনৰ বাবে আন্তঃগাঁথনিৰ মান আৰু অন্যান্য দিশসমূহ পৰিদর্শনৰ উদ্দেশ্যে আজি বৰপেটা চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ স্বাস্থ্য মন্ত্রীগৰাকীয়ে আজি চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ বিভিন্ন অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে চিকিৎসক-চিকিৎসা কর্মীৰ সৈতে এক পর্যালোচনা বৈঠকতো অংশ লয়৷ স্নাতকোত্তৰ পাঠ্যক্রম প্রৱর্তনত চূড়ান্ত অনুমোদন জনোৱাৰ বাবে এসপ্তাহৰ ভিতৰত মেডিকেল কাউন্সিল অব৲ ইণ্ডিয়াৰ দল আহি আছে বুলি উল্লেখ কৰি এম চি আইৰ পৰিদর্শনৰ সময়ছোৱাত চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলখনক সকলো দিশৰ পৰা সাজু কৰি তুলিবলৈ তেওঁ চিকিৎসক আৰু চিকিৎসা কর্মীসকলক আহ্বান জনায়৷
উল্লেখ্য যে বৰপেটা আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আগন্তুক বর্ষত ছটাকৈ বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্রম আৰম্ভ কৰাৰ বাবে স্বাস্থ্য শিক্ষা সঞ্চালকালয়ে প্রস্তুতি আৰম্ভ কৰিছে৷ বৰপেটা আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মেডিচিন, ছার্ৰি, গাইন’ক’ল’জি, এনাছথেছিয়া, ৰেডিঅ’ল’জি আৰু পেডিঅ’ট্রিক্স বিভাগত স্নাতকোত্তৰ পাঠ্যক্রম আৰম্ভ কৰা হ’ব৷ স্নাতকোত্তৰ পাঠ্যক্রম প্রৱর্তনত চূড়ান্ত অনুমোদন জনোৱাৰ উদ্দেশ্যে বিভিন্ন দিশ পৰিদর্শন কৰিবলৈ দুই-এদিনতে মেডিকেল কাউন্সিল অব ইণ্ডিয়াৰ এটা দল বৰপেটা চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হ’ব৷
মেডিকেল কাউন্সিল অব ইণ্ডিয়াৰ প্রতিনিধিৰ পৰিদর্শনক লৈ ব্যাপক তৎপৰতা আৰম্ভ হৈছে চিকিৎসা মহাবিদ্যালয়খনত৷ মেডিকেল কাউন্সিল অব ইণ্ডিয়াৰ পৰিদর্শন কালত আন্তঃগাঁথনিৰ আসোঁৱাহ আৰু অন্যান্য অভাৱ-অভিযোগৰ বাবে স্নাতকোত্তৰ পাঠ্যক্রম প্রৱর্তনৰ চূড়ান্ত অনুমোদনত যাতে কোনো সমস্যাৰ সৃষ্টি নহয়, তাৰ বাবে স্বাস্থ্য মন্ত্রীগৰাকীয়ে বিশেষ উদ্যোগ লোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ অংশস্বৰূপে মন্ত্রীগৰাকীয়ে আজি নিজেই বৰপেটা মেডিকেল কলেজত উপস্থিত হৈ সমস্ত দিশৰ তদাৰক কৰে৷ মন্ত্রীগৰাকীয়ে স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বর্মন, অতিৰিক্ত স্বাস্থ্য শিক্ষা সঞ্চালক মনোজ কুমাৰ চৌধুৰী আৰু ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ কার্যবাহী সঞ্চালক ডাঃ অচু্যৎ বৈশ্যক লগত লৈ চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ দিলীপ দত্ত, অধীক্ষক ববীজিৎ গোস্বামীৰ উপস্থিতিত চিকিৎসক-চিকিৎসা কর্মীসকলৰ সৈতে এক পর্যালোচনা বৈঠকত অংশ লয়৷ পর্যালোচনা বৈঠকত অংশ লৈ এম চি আইৰ পৰিদর্শনৰ সময়ছোৱাত সম্পূর্ণ সহযোগিতা আগবঢ়াবলৈ তেওঁ চিকিৎসক-চিকিৎসা কর্মীসকলক আহ্বান জনায়৷
কর্তব্যত সময়মতে উপস্থিত হৈ নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাবলৈ চিকিৎসক-চিকিৎসা কর্মীসকলক নির্দেশ দিয়ে মন্ত্রীগৰাকীয়ে৷ এম চি আইৰ পৰিদর্শন কালত চিকিৎসক-চিকিৎসা কর্মীসকলৰ অনুপস্থিতি আৰু কর্তব্যত অৱহেলাক লৈ বেমেজালি সৃষ্টিৰ আশংকা কৰি হাই এলার্ট জাৰি কৰে মন্ত্রীগৰাকীয়ে৷ ইপিনে আগন্তুক ডিচেম্বৰ-জানুৱাৰী মাহৰ ভিতৰত বৰপেটাত প্রস্তাৱিত কেনছাৰ হস্পিটেলৰ নির্মাণকার্য আৰম্ভ হ’ব বুলি মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷
ৰাজ্যখনৰ প্রস্তাৱিত কেনছাৰ হস্পিটেলসমূহৰ বাবে ২৫০০ কোটি টকাৰ নিবিদা আহ্বান কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ মন্ত্রীগৰাকীয়ে বৰপেটাৰ গড়কাপ্টানী বিভাগৰ বিষয়াবর্গৰ সৈতেও সুকীয়াকৈ এক বৈঠকত অংশ লৈ জিলাখনৰ ৰাস্তা-ঘাটৰ সমস্যাৰ বুজ লয়৷ স্বাস্থ্য মন্ত্রীগৰাকীৰ আজিৰ এই পৰিদর্শনৰ সময়ত চিকিৎসা মহাবিদ্যালয়খনত বৰপেটা (সদৰ) সমষ্টিৰ বিধায়ক গুণীন্দ্র নাথ দাস, অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস, আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱা, অতিৰিক্ত উপায়ুক্ত বিপুল শইকীয়া, পুলক পাটগিৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতী, নির্বাচনী বিষয়া প্রাঞ্জল প্রতিম কোঁৱৰ উপস্থিত থাকে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি